জনজাতি পৰিক্ৰমা মন্ত্ৰালয়
আৰু কিছু নতুন পণ্য সামগ্ৰীৰে নিজৰ পৰিসৰ বিস্তাৰ কৰিলে ট্ৰাইবছ ইণ্ডিয়াই
Posted On:
16 DEC 2020 3:26PM by PIB Guwahati
ট্ৰাইবছ ইণ্ডিয়াই আৰু কিছু আকৰ্ষণীয় পণ্য সামগ্ৰী বিপণনৰ তালিকাত অন্তৰ্ভুক্ত কৰি সামগ্ৰী সম্ভাৰ বৃদ্ধি কৰিছে। নতুন যিবোৰ পণ্য সামগ্ৰী বৃহত্তৰ বিপণনৰ বাবে অনা হৈছে, তাৰ ভিতৰত বনজ সতেজ জৈৱ পণ্য সামগ্ৰীও আছে। চলতি সপ্তাহত আৰু ২ বিধ আকৰ্ষণীয় তথা ৰোগ প্ৰতিৰোধক ক্ষমতা সম্পন্ন সামগ্ৰী বজাৰলৈ অনা হৈছে। ইতিমধ্যেই ৰোগ প্ৰতিৰোধক ক্ষমতাবৰ্ধক সামগ্ৰী, বনজ সতেজ জৈৱ সামগ্ৰী তথা আদিবাসী হস্তশিল্প আৰু কাৰুশিল্পত একাধিক সম্ভাৰ বিপণনৰ ব্যৱস্থা কৰা হৈছে। ট্ৰাইবছ ইণ্ডিয়াৰ যাৱতীয় পণ্য সামগ্ৰীবোৰ ১২৫ টা বিক্ৰয় কেন্দ্ৰত, টাইবছ ইণ্ডিয়াৰ ভ্ৰাম্যমান গাড়ীত আৰু অনলাইন প্লেটফৰ্মত উপলব্ধ কৰোৱা হৈছে।
ট্ৰাইবছ ইণ্ডিয়াৰ পণ্য সম্ভাৰৰ তালিকাত বিগতসকলত আৰু যি ১০ বিধ নতুন পণ্য সামগ্ৰী বিপণন তালিকাত অন্তৰ্ভুক্ত হৈছে, তাৰ ভিতৰত আছে তিনিটা ভিন্ন প্ৰজাতিৰ জৈৱিক পাউডাৰ শিকাকাই, ৰঙা চাউল, বিভিন্ন মচলা ইত্যাদি। ইয়াৰ উপৰিও মধ্যপ্ৰদেশৰ গোণ্ড আৰু কোৰকু জনজাতিসকলৰ দ্বাৰা প্ৰস্তুত কৰা ১০ বিধ আকৰ্ষণীয় ডোকৰা মেটেলক্ৰাফ্ট, হেণ্ডক্ৰাফ্ট আদি। নতুন পণ্য সামগ্ৰীবোৰ বিপণন তালিকাত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যেৰে ট্ৰাইফেডৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰবীৰ কৃষ্ণই কয়, ভাৰতৰ বিভিন্ন স্থানত জনজাতিসকলৰ পৰা সংগৃহীত নতুন এই পণ্যবোৰ আৰু বৃহত্তৰ বজাৰলৈ প্ৰেৰণ কৰাৰ সুবিদা লাভ কৰিব। জনজাতিসকলৰ জীৱন যাপনৰ মান উন্নয়নত ট্ৰাইফেডৰ প্ৰয়াস অব্যাহত থাকিব বুলি জনাই শ্ৰী কৃষ্ণই কয়, জনজাতিসমূহৰ সবলীকৰণত তেওঁলোকৰ উৎপাদিত পণ্য সামগ্ৰীৰ বিপণনৰ প্ৰসাৰ ঘটোৱাৰ বাবে যাৱতীয় প্ৰয়াস কৰি থকা হৈছে।
সম্প্ৰতি ট্ৰাইবছ ইণ্ডিয়া ই-মাৰ্কেট প্লেছতো মুকলি হোৱাত ৫ লাখ জনজাতি শিল্পোদ্যোগীয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত তেওঁলোকৰ শিল্পকলা আৰু কাৰুশিল্প ক্ৰেতাসকলৰ ওচৰলৈ প্ৰেৰণ কৰিব পাৰিব। ই-মাৰ্কেট প্লেছ ব্যৱস্থাত জনজাতিসমূহৰ বহু পুৰণি ঐতিহ্যৰ নিদৰ্শন তুলি ধৰা হৈছে, যাতে এই ধৰণৰ সামগ্ৰীৰ প্ৰসাৰ ঘটাই স্থানীয় সামগ্ৰীৰ বিপণনৰ সমান্তৰালকৈ জনজাতিসমূহৰ মান উন্নয়ন কৰিব পৰা যায়।
*****
(Release ID: 1681348)
Visitor Counter : 135