নিতি আয়োগ

‘দৃষ্টি ২০৩৫: ভাৰতত জন স্বাস্থ্যৰ নিৰীক্ষণ’ মুকলি নিটি আয়োগৰ

Posted On: 14 DEC 2020 1:28PM by PIB Guwahati

নিটি আয়োগে আজি দৃষ্টি ২০৩৫: ভাৰতত জন স্বাস্থ্যৰ নিৰীক্ষণ শীৰ্ষক এখনি শ্বেত পত্ৰ মুকলি কৰে যাৰ দৃষ্টি হৈছেঃ

  • সকলো স্তৰতে ব্যৱস্থা গ্ৰহণৰ অৰ্থে প্ৰস্তুতিৰ বৰ্ধন ঘটনাবলৈ ভাৰতৰ জন স্বাস্থ্য নিৰীক্ষণ প্ৰণালীক অধিক সংবেদনশীল আৰু ভৱিষ্যদ্বাণীমূলক কৰি তোলা।
  • নাগৰিক-অনুকূল জন স্বাস্থ্য নিৰীক্ষণ প্ৰণালীয়ে ব্যক্তিৰ গোপনীয়তা আৰু বিশ্বস্ততা নিশ্চিত কৰিব, যি ক্লায়েন্ট ফিডবেক মেকানিজমৰে সক্ষম।
  • উত্তম ৰোগ চিনাক্তকৰণ, প্ৰতিৰোধকৰণ আৰু নিয়ন্ত্ৰণৰ অৰ্থে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত তথ্যৰ আদান-প্ৰদান ব্যৱস্থাটোৰ উন্নয়ন সাধন।
  • ভাৰতৰ লক্ষ্য হৈছে মেনেজিং ইভেন্টসমূহত আঞ্চলিক আৰু বৈশ্বিক নেতৃত্ব আগবঢ়োৱা যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় উদ্বেগৰ ৰাজহুৱা স্বাস্থ্য জৰুৰীকালীন গঠন।

এই শ্বেত পত্ৰখনি উন্মোচন কৰে নিটি আয়োগৰ উপাধ্যক্ষ ডঃ ৰাজীৱ কুমাৰ; সদস্য (স্বাস্থ্য) ডাঃ বিনোদ কে পাল; চিইঅ’ অমিতাভ কান্ত আৰু অতিৰিক্ত সচিব ডঃ ৰাকেশ ছৰৱালে।

‘দৃষ্টি ২০৩৫: ভাৰতত জন স্বাস্থ্যৰ নিৰীক্ষণ’ হৈছে স্বাস্থ্য ব্যৱস্থাৰ সুদৃঢ়কৰণত অব্যাহত থকা কৰ্মৰ এটা অংশ। ইয়াত নিৰীক্ষণৰ অৰ্থে ব্যক্তিগত ইলেকট্ৰনিক হেল্থ ৰেকৰ্ড প্ৰস্তুতৰদ্বাৰা নিৰীক্ষণৰ প্ৰধান ধাৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। জন স্বাস্থ্য নিৰীক্ষণ (PHS) হৈছে এটা গুৰুত্বপূৰ্ণ কাৰ্য যিয়ে প্ৰাথমিক, পৰৱৰ্তী আৰু তৃতীয় স্তৰৰ যতনৰ পোষকতা কৰে। নিৰীক্ষণ হৈছেএক্সনৰ বাবে ইনফৰ্মেশ্যন

’ভিড-১৯ মহামাৰীটোৱে আমাক বৰ্ধিত ৰোগসমূহৰ পুনৰ প্ৰত্যক্ষৰ এটা সুযোগ প্ৰদান কৰিলে। এই প্ৰতিবন্ধকতাৰ আৰম্ভণিতে চিনাক্তকৰণ আৰু এটা স্থিতিস্থাপক নিৰীক্ষণ ব্যৱস্থা সংক্ৰমণৰ শৃংখল ছিঙাৰ বাবেই অতিশয় আৱশ্যকীয়। এই দৃষ্টি পত্ৰ এই লক্ষ্যৰেই এটি পদক্ষেপ, ইয়াত দৃষ্টি উল্লেখ কৰা হৈছে আৰু বিল্ডিং ব্লকসমূহ অন্তৰ্ভুক্ত কৰা যায়। ইয়াত নাগৰিক-কেন্দ্ৰিক জন স্বাস্থ্য ব্যৱস্থাৰ পোষকতা কৰা যায়, ’ত সকলো স্তৰৰ পক্ষসমূহ জড়িত হৈ পৰিব। এজন লোকৰ গোপনীয়তা আৰু বিশ্বস্ততা সুৰক্ষিত কৰিবলৈ ব্যক্তি, সমাজ, হেল্থ কেয়াৰ ফেচিলিটি বা লেবৰেটৰীসমূহ সচেষ্ট থাকিব।

এই শ্বেত পত্ৰখনিত আয়ুষ্মান ভাৰতলৈ তিনি-তৰপীয়া জন স্বাস্থ্য ব্যৱস্থাৰ সংহতকৰণৰ জৰিয়তে জন স্বাস্থ্য নিৰীক্ষণৰ অৰ্থে ২০৩৫ লৈ ভাৰতৰ দৃষ্টিক উল্লেখ কৰা হৈছে। তদুপৰি ই ৰেফাৰেল নেটৱৰ্কৰ সম্প্ৰসাৰণৰ প্ৰয়োজনীয়তা আৰু লেবৰেটৰী ক্ষমতা বৰ্ধনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই দৃষ্টিৰ বাবে বিল্ডিং ব্লকসমূহ হৈছে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজৰ প্ৰশাসনৰ আন্তঃনিৰ্ভৰ ফেডাৰেশ্যন ব্যৱস্থা আৰু নতুন তথ্যৰ আদান-প্ৰদান ব্যৱস্থা। ইয়াত ‘ইনফৰ্মেশ্যন ফৰ এক্সন’ প্ৰচাৰৰ অৰ্থে উদ্ভাৱনীমূলক পদ্ধতিসহ নতুন এনালাইটিক্স, হেল্থ ইনফৰ্মেটিক্স আৰু ডাটা চায়েন্সৰ ব্যৱহাৰ জড়িত কৰা হৈছে।

আজি উন্মোচন কৰা পত্ৰখনিক দৃষ্টি পত্ৰ হিচাপে গণ্য কৰাৰ পোষকতা কৰা যায়। যাৰ জৰিয়তে ভাৰতত জন স্বাস্থ্য নিৰীক্ষণক ত্বৰান্বিত কৰা হ’ব আৰু এই ক্ষেত্ৰত ভাৰতক বৈশ্বিক নেতৃত্ব হিচাপে প্ৰোথিত কৰা যাব।

সম্পূৰ্ণ পত্ৰখনি https://niti.gov.in/sites/default/files/2020-12/PHS_13_dec_web.pdf ত লাভ কৰিব পাৰিব।

 

********

DS /AKJ/SB



(Release ID: 1680707) Visitor Counter : 211