পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীয়ে স্বচ্ছতাক এক জন আন্দোলনত পৰিণত কৰিছে, স্বচ্ছতা প্ৰচাৰ বঁটা প্ৰদান অনুষ্ঠানত পেট্ৰ’লিয়াম মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয়

Posted On: 14 DEC 2020 2:06PM by PIB Guwahati

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আৰু তীখা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতাক এক জন আন্দোলনত পৰিণত কৰিছে, যাৰ ফলত আজি  এই অভিযানত সমাজ চহৰাঞ্চল আৰু গ্ৰাম্য অঞ্চলৰ পৰা ব্যাপক অংশগ্ৰহণ দেখা গৈছে তেওঁ আজি পেট্ৰ’লিয়াম উদ্যোগত স্বচ্ছতা পখৱাড়াৰ বাবে বঁটা বিতৰণ অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে। তেওঁ লগতে কয় যে পেট্ৰ’লিয়াম উদ্যোগটোৱে এই জন আন্দোলনলৈ অৱদান আগবঢ়া ইয়া গতি প্ৰদান কৰাৰ লগতে ভৱিষ্যতে  ইয়াক অধিক তীব্ৰ কৰিবলৈ আৰু ইয়াৰ বাবে পুনৰ সমৰ্পন কৰিবলৈ হ্বান জনায়

 

 

"ভাৰতে ২০২০ চনত স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিব। আমি সেয়ে স্বচ্ছ ভাৰতৰ সপোন কৰিব লাগিব", তেওঁ আৰু কয় তেওঁ লগতে ব্যক্তিগত খণ্ডৰ তেল আৰু গেছ সৰবৰাহকাৰী কোম্পানীসমূহক তেওঁলোকে যাতে স্বচ্ছ ভাৰত অভিযানত অংশ লয় তাৰ বাবে আহ্বান জনায়। তেওঁ ৰাজহুৱা খণ্ডৰ প্ৰতিস্থানসমূহক দেশৰ সকলো তীৰ্থস্থান আৰু পৰ্যটন কেন্দ্ৰত অত্যাধুনিক শৌচাগাৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।  তেওঁ  স্বচ্ছ পখৱাড়া আৰু স্বচ্ছতা হি সেৱা অভিযানৰ বাবে তেল আৰু গেছৰাজহুৱা খণ্ডৰ প্ৰতিস্থানসমূহক  বঁটা প্ৰদান কৰে

আৱৰ্জনা ব্যৱস্থাপনা আৰু একক ব্যৱহাৰৰ প্লাষ্টিক প্ৰত্যাহাৰ কৰাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিভিন্ন দিশৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে শ্ৰী প্ৰধানে স্বাধীনতা হি সেৱা ২০১৯ আৰু  স্বচ্ছতা পখৱাড়া বিজয়ীসকলক প্ৰশংসা কৰে

 

নিম্নলিখিত স্বচ্ছতা পখৱাড়া বঁটা সমূহ প্ৰদান কৰা হয়: প্ৰথম পুৰস্কাৰ- আইঅচিএল, দ্বিতীয় পুৰস্কাৰ- বিপিচিএল, তৃতীয় পুৰস্কাৰ- এনজিচি, বিশেষ বঁটা- এইচপিচিএল, স্বচ্ছতা হি সেৱা: প্ৰথম- এইচ পি চি এল, দ্বিতীয়-বিপিচিএল, তৃতীয় পুৰস্কাৰ-আইঅচিএল

 

 

*********

SK/KG



(Release ID: 1680674) Visitor Counter : 99