স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

স্বাস্থ্য মন্ত্ৰালয়ত উদযাপন কৰা হ’ল সাৰ্বজনীন স্বাস্থ্য সেৱা আৱৰণ দিৱস

দৃষ্টান্তমূলক সেৱাৰ বাবে ১১৫৩ জন প্ৰাথমিক স্বাস্থ্যযত্ন কৰ্মীক সম্বৰ্ধনা জনোৱা হৈছে

ডঃ হৰ্ষ বৰ্ধনে ১৭ খন ৰাজ্য আৰু ৫ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ (এনএফএইচএছ) মুকলি কৰে

এছডিজি ডেছবোৰ্ড আৰু এনচিডি চিকিৎসা বিষয়া এপো মুকলি কৰা হৈছে

"আয়ুস্মাণ ভাৰতে স্বাস্থ্য সেৱা প্ৰদান মডেলত সম্পূৰ্ণৰূপে বিপ্লৱ আনিছে"

বৰ্তমানলৈকে ৫১,৫০০ৰো অধিক কাৰ্যকৰী এবি-এইচ ডব্লিউ চি কেন্দ্ৰত প্ৰায় ৩০ কোটি লোকে সেৱা লাভ কৰিছেঃ ড. হৰ্ষ বৰ্ধন

Posted On: 12 DEC 2020 4:34PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ হৰ্ষ বৰ্ধনে আজি সাৰ্বজনীন স্বাস্থ্য আৱৰণ দিৱসৰ বাবে আয়োজিত এক অনুষ্ঠানৰ সভাপতিত্ব কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেই এই অনুষ্ঠানত ভাৰ্চুৱেলভাৱে পাটনাৰ পৰা যোগদান কৰিছিল।

 

 

অনুষ্ঠানত অংশগ্রহণকাৰী দর্শক-শ্রোতাসকলক সোঁৱৰাই দি ডঃ হর্ষবর্ধনে কয়, কভিড-১৯ এ এক সুদৃঢ় স্বাস্থ্য সেৱা ব্যৱস্থা গঢ়ি তোলাৰ প্রয়োজনীয়তাৰ বিষয়টি মজবুত কৰিছে। এই পৰিস্থিতিয়ে ভেদাভেদ পাহৰি সকলোৰে ওচৰত সমান স্বাস্থ্য সেৱা প্ৰদান কৰা বিষয়টিৰ গুৰুত্ব উপলব্ধি কৰাত আমাক সচেতন কৰিছে। তেওঁ আৰু কয়, ‘আমি ষ্টেটাছ পাহৰি গৈ পৰিস্থিতি মোকাবিলা কৰাৰ বাবে এক মজবুত স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত নিশ্চিতভাৱে অগ্রাধিকাৰ দিব লাগিব, যাতে প্রত্যেককে– বৰ্তমান আৰু ভবিষ্যতেও সুৰক্ষা দিব পৰা যায়’। তেওঁ কয়, ‘আমাৰ দীর্ঘদিনৰ বিশ্বাস যে, ভাৰতৰ সেই সক্ষমতা আছে, যি সমগ্র বিশ্বৰ আগত সার্বজনীন স্বাস্থ্য সেৱা প্রদানত এক আদৰ্শ আৰ্হি হৈ উঠিব পাৰে’।

 

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ বিচক্ষণ নেতৃত্বৰ প্রশংসা কৰি তথা আয়ুষ্মান ভাৰত ৰূপায়ণত তেওঁৰ আন্তৰিকতাৰ বাবে অভিনন্দন জ্ঞাপন কৰি ডঃ হর্ষবর্ধনে কয়, ২০১৮ চনতে আৰম্ভ হোৱা আয়ুষ্মান ভাৰত সমগ্ৰ দেশত প্রতিকাৰমূলক স্বাস্থ্য ব্যৱস্থাৰ এক দৃঢ় বাতাবৰণ গঢ়ি তোলাত প্রাথমিক আৰু টাৰ্চিয়াৰী স্বাস্থ্য সেৱা প্রদান ব্যৱস্থাত আমোল পৰিৱর্তন সাধন কৰিছে। আয়ুষ্মান ভাৰতৰ দুটা উপাদান স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্র আৰু প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ জৰিয়তে চৰকাৰে দেশৰ কোটি কোটি মানুহৰ ওচৰত সুলভভাৱে গুণগত মানৰ স্বাস্থ্য সেৱা উপলব্ধ কৰাৰ চেষ্টা চলাই গৈছে। কভিড-১৯ মহামাৰীজনিত প্ৰত্যাহ্বান সত্ত্বেও স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্রসমূহ আৰম্ভ কৰাৰ ক্ষেত্রত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ প্রচেষ্টাৰ প্রশংসা কৰিছে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ডঃ হর্ষ বর্ধনেকেন্দ্রীয় চৰকাৰৰ লগতে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ সর্বস্তৰত যৌথ প্রচেষ্টাৰ ফলত এই ৰোগী কল্যাণ কেন্দ্রসমূহ আৰম্ভ কৰা সম্ভৱ হৈছে। ইয়াৰ ফলত স্বাস্থ্য সেৱা ব্যৱস্থা সাধাৰণ মানুহৰ আৰু অধিক ওচৰলৈ নিয়া সম্ভৱ হ’ব বুলি ডঃ হর্ষ বর্ধনে মত প্রকাশ ডঃ হর্ষবর্ধনে কয়, আজি পর্যন্ত এই কেন্দ্রসমূহত ৩০ কোটিতকৈ অধিক লোকে সেৱা লাভ কৰিছে। আয়ুষ্মান ভাৰত– প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ জৰিয়তে অতি দৰিদ্র মানুহক ১ কোটি ৪৫ লাখতকৈ অধিক নগদহীন চিকিৎসা সেৱা আগবঢ়োৱা হৈছে। ইয়াৰ ফলত, লাখ লাখ পৰিয়ালে গুৰুতৰ অসুস্থতাৰ ক্ষেত্রত তেওঁলোকৰ প্রিয়জনৰ নিশ্চিত চিকিৎসা সেৱা লাভ কৰি উপকৃত হৈছে। এই উপলক্ষে ডঃ হর্ষ বর্ধনে একাধিক স্বাস্থ্য আঁচনি সম্পর্কীয় ভালেমান তথ্য-ভিত্তিক এপ আৰু এই আঁচনিসমূহ ৰূপায়ণৰ বাবে নীতি-নির্দেশনা প্রকাশ কৰে।

 

বিশ্ব স্বাস্থ্য সংস্থাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই অনুষ্ঠানত বিশ্ব স্বাস্থ্য সংস্থাৰ  প্ৰতিনিধি ডঃ ৰোডেৰিকো অৰফিনো উপস্থিত আছিল। ইউএছএআইডিৰ দৰে অন্যান্য উন্নয়ন সহযোগীসকলো উপস্থিত আছিল যি সকলে আয়ুস্মাণ ভাৰত স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ আৰম্ভত সহায় কৰি আছে।

 

কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয় যে এ বি-এইচ ডব্লিউ চি স্থাপনৰ সৈতে দেশৰ প্ৰাথমিক স্বাস্থ্য সেৱা খণ্ডত এক নীৰৱ বিপ্লৱ হৈ আছে।

 

এন এইচ এমৰ সচিব আৰু মিছন ডাইৰেক্টৰ শ্ৰীযুতা বন্দনা গুৰুনানি, অতিৰিক্ত সচিব শ্ৰী মনোহাৰ আগনানি, যুটীয়া সচিব শ্ৰী বিশাল চৌহান, পৰিসংখ্যা বিভাগৰ সঞ্চালক প্ৰধান শ্ৰীৰত্না অঞ্জন জেনা আৰু মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ চৰকাৰী বিষয়াসকলও ডিজিটেল মাধ্যমেৰে যোগদান কৰিছিল।

 

*********

 

MV/SJ/KG



(Release ID: 1680347) Visitor Counter : 164