আইন আৰু ন্যায় মন্ত্ৰালয়

ই-আদালত পৰিকল্পনাৰ জৰিয়তে ২৯৯২খন আদালতক দ্ৰুত বেগী ৱাইড এৰিয়া নেটৱৰ্ক (ডব্লিউ এ এন)ৰে সংলগ্ন কৰাৰ লক্ষ্যত দেশজুৰি ২৯২৭টা আদালত পৰিসৰক নেটৱৰ্কৰ সৈতে সংলগ্ন কৰা হৈছে

দূৰৱৰ্তী অঞ্চলত প্ৰযুক্তিগতভাৱে সংলগ্ন কৰিব নোৱৰা (টিএনএফ) স্থানক আৰএফ, ভিছেট আদিৰ দৰে বিকল্প মাধ্যমেৰে সংলগ্ন কৰা হৈছে

আন্দামান নিকোবাৰ দ্বীপপুঞ্জৰ পাঁচটা টিএনএফ স্থানৰে নৱস্থাপিত ছাবমেৰিণ (সমুদ্ৰৰ তলত কেবল)ৰ জৰিয়তে সম্পৰ্ক স্থাপন কৰা হ'ব

Posted On: 11 DEC 2020 12:13PM by PIB Guwahati

ই-আদালত পৰিকল্পনাৰ জৰিয়তে দেশজুৰি প্ৰায় ২৯২৭টা আদালত চৌহদক এতিয়ালৈকে দ্ৰুত বেগী ৱাইড এৰিয়া নেটৱৰ্ক (ডব্লিউ এ এন)ৰে সংলগ্ন কৰা হৈছে। পৰিকল্পনাৰ জৰিয়তে ২৯৯২টা আদালত চৌহদক দ্ৰুত বেগী ডব্লিউ এ এনৰে সংলগ্ন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল, যাৰ ৯৭.৮৬% সম্পূৰ্ণ কৰা হৈছে। বিধি বিভাগে বিএছএনএলৰ সৈতে লগ হৈ বাকী থকা আদালত পৰিসৰসমূহকো সংলগ্ন কৰাৰ কামত লাগি আছে। ই-আদালত পৰিকল্পনাৰ জৰিয়তে বিধি বিভাগে বিশ্বৰ এক সবাতোকৈ ডাঙৰ ডিজিটেল নেটৱৰ্ক স্থাপন কৰাৰ পৰিকল্পনা কৰিছিল আৰু ইয়াৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ৰ ই-সমিতিৰ সৈতে লগ হৈ দেশজুৰি ২৯৯২টা আদালত চৌহদক দ্ৰুত বেগী ৱাইড এৰিয়া নেটৱৰ্ক (ডব্লিউএ এন)ৰে সংলগ্ন কৰাৰ লক্ষ্য স্থিৰ কৰিছিল। এই আদালত পৰিসৰসমূহক অপ্টিক ফাইবাৰ কেবল (অ'এফচি), ৰেডিঅ' ফ্ৰিকুয়েন্সি (আৰএফ), ভেৰী স্মল এপাৰ্চাৰ টাৰ্মিনেল (ভিছেট) ইত্যাদিৰে সংলগ্ন কৰিব লাগিছিল। মে', ২০১৮ত এই সকলো চৌহদক মেনেজড এমপিএলএছ-ভিপিএন সেৱাৰে সংলগ্ন কৰাৰ কাম বিএছএনএলক দিয়া হৈছিল, যাৰ ওচৰত আধুনিকতম ষ্টেট অফ দ্য আৰ্ট প্ৰযুক্তিৰ লগতে আধুনিক দূৰসংযোগ আন্তঃগাঁথনি আৰু ট্ৰান্সমিছন উপকৰণ আছে আৰু যাৰ দেশজোৰা উপস্থিতি আছে। বিএছএনএলৰ নেটৱৰ্ক পূৰ্বোত্তৰ ক্ষেত্ৰ, জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড আৰু আন্দামান নিকোবাৰ দ্বীপপুঞ্জৰ লগতে সমগ্ৰ দেশতে আছে।

 

ই-আদালত পৰিকল্পনাৰ জৰিয়তে আহিবলগীয়া বহুতো আদালত চৌহদ এনেকুৱা দূৰৱৰ্তী অঞ্চলত আছে য'ত সম্পৰ্ক প্ৰাপ্ত কৰাবৰ বাবে স্থলীয় কেবলৰ ব্যৱহাৰ কৰিব নোৱাৰি। এনেকুৱা অঞ্চলক প্ৰযুক্তিগতভাৱে সংলগ্ন কৰিব নোৱৰা (টিএনএফ) বোলা হয় আৰু বিভিন্ন বিভাগে এই ডিজিটেল ডিভাইড সমাপ্ত কৰিবৰ বাবে এই টিএনএফ স্থানসমূহত আৰএফ বা ভিছেট আদিৰ দৰে বিকল্প মাধ্যমেৰে সম্পৰ্ক উপলব্ধ কৰাইছে। বিভাগে বিএছএনএল আৰু আদালতসমূহৰ লগতে সকলো হিতধাৰকৰ সৈতে পৰামৰ্শ, বৈঠক আৰু সমন্বয় কৰাৰ পিছত এনেকুৱা মুঠ টিএনএফ স্থানৰ সংখ্যা হ্ৰাস কৰি ২০২০ত ১৪লৈ আনিবলৈ সফল হৈছে, ২০১৯ত ইয়াৰ সংখ্যা আছিল ৫৮ আৰু এনেকৈয়ে ই জনসাধাৰণৰ ধন ৰাহি কৰিবলৈ সফল হৈছে, কিয়নো ভিছেটৰ দৰে বিকল্প মাধ্যমৰ ব্যৱহাৰ কৰি সম্পৰ্ক উপলব্ধ কৰোৱাত বহু বেছি খৰচ হয়। বিধি বিভাগে আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জত থকা পাঁচটা টিএনএফ স্থানক নৱস্থাপিত ছাবমেৰিণ (সমুদ্ৰৰ তলত) কেবলৰ জৰিয়তে সম্পৰ্ক উপলব্ধ কৰোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

কোভিড-১৯ মহামাৰীৰ পৰিস্থিতিত যোগাযোগৰ মহত্ব বহুত বেছি, কিয়নো আদালতত গোচৰৰ অনলাইন শুনানি গ্ৰহণ কৰাৰ গধুৰ হেঁচা পৰি আছে। বিধি বিভাগে ইয়াৰ বাবে বিএছএনএল, এনআইচি, ই-কমিটী আদিৰ প্ৰতিনিধিৰ এখন শক্তিশালী সমিতি গঠন কৰিছে, যি এই পৰিৱৰ্তিত পৰিস্থিতিত বেণ্ড উইথৰ প্ৰয়োজনীয়তাৰ সমীক্ষা কৰিব। বিধি বিভাগে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ই-সমিতিৰ সৈতে লগ হৈ ডিজিটেল ব্যৱস্থাপনাৰ দিশত এক মহত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ন্যায়তন্ত্ৰত পৰিৱৰ্তন তথা সাধাৰণ জনতাৰ ন্যায় প্ৰাপ্তি সুনিশ্চিত কৰিবৰ বাবে ডিজিটেল প্ৰযুক্তিৰ সফলতাপূৰ্ণ ব্যৱহাৰ কৰিছে। ৰাষ্ট্ৰীয় ই-প্ৰশাসন যোজনাৰ অংশ হিচাপে ই-আদালত পৰিকল্পনা এটা সমন্বিত মিছনভিত্তিক পৰিকল্পনা, যাক 'ভাৰতীয় ন্যায়তন্ত্ৰত তথ্য আৰু সম্প্ৰচাৰ প্ৰযুক্তি তন্ত্ৰ বলৱ কৰাৰ ৰাষ্ট্ৰীয় নীতি আৰু কৰ্মনীতি'ৰ আধাৰত ভাৰতীয় ন্যায়তন্ত্ৰৰ আইচিটি বিকাশৰ বাবে ২০০৭ চনৰ পৰা বলৱ কৰা হৈছে।

 

চৰকাৰে ই-আদালত পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত (২০০৭ৰ পৰা ২০১৫)ৰ সময়ত ১৪,২৪৯খন জিলা আৰু অধীনস্থ আদালতক কম্পিউটাৰীকৰণৰ মঞ্জুৰী দিছিল। ই-আদালত পৰিকল্পনাৰ লক্ষ্য বাদী, উকীল আৰু ন্যায়তন্ত্ৰক দেশজুৰি জিলা আৰু অধীনস্থ আদালতত তথ্য আৰু সম্প্ৰচাৰ প্ৰযুক্তি (আইচিটি)ৰ জৰিয়তে উচিত ন্যায় প্ৰাপ্তিৰ বাবে সেৱা উপলব্ধ কৰোৱা। কেন্দ্ৰীয় মন্ত্ৰীসভাই দেশৰ সকলো আদালতৰ পূৰ্ণ কম্পিউটাৰীকৰণৰ জৰিয়তে ভৱিষ্যতে আৰু অধিক আইচিটি প্ৰাপ্তি বঢ়োৱাৰ পৰিকল্পনা কৰাৰ লগতে দ্বিতীয় পৰ্যায়ক জুলাই, ২০১৫ত মঞ্জুৰী দিছিল। এই কাম ১৬৭০ কোটি টকাৰ ব্যয় সাপেক্ষে কৰিবলগীয়া আছিল আৰু ইয়াৰ জৰিয়তে ১৬৮৪৫খন আদালতৰ কম্পিউটাৰীকৰণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল।

 

*****

RCJ/M



(Release ID: 1680167) Visitor Counter : 213