কেবিনেট

কোনো ধৰণৰ অনুজ্ঞা মাচুল অবিহনেই পাব্লিক ডাটা অ’ফিছৰ জৰিয়তে ৰাজহুৱা ৱাই-ফাই সেৱা আগবঢ়াবলৈ পাব্লিক ডাটা অ’ফিছ এগ্ৰিগেটৰৰদ্বাৰা পাব্লিক ৱাই-ফাই নেটৱৰ্ক স্থাপনত কেবিনেটৰ অনুমোদন

Posted On: 09 DEC 2020 3:47PM by PIB Guwahati

দেশখনত ৰাজহুৱা ৱাই-ফাই নেটৱৰ্কৰ জৰিয়তে ব্ৰডবেণ্ড ইন্টাৰনেট সেৱাৰ প্ৰসাৰণ ত্বৰান্বিত কৰি তুলিবলৈ দেশখনৰ ইমূৰৰপৰা সিমূৰলৈ পাব্লিক ডাটা অ’ফিছ (PDOs) ৰ জৰিয়তে ৰাজহুৱা ৱাই-ফাই সেৱা আগবঢ়াবলৈ পাব্লিক ডাটা অ’ফিছ এগ্ৰিগেটৰ (PDOAs)ৰদ্বাৰা ৰাজহুৱা ৱাই-ফাই নেটৱৰ্ক স্থাপনৰ বাবে টেলিকমিউনিকেশ্যন বিভাগৰ প্ৰস্তাৱত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাধীন কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনালে। এই ৰাজহুৱা ৱাই-ফাই নেটৱৰ্কৰ জৰিয়তে ব্ৰডবেণ্ড ইন্টাৰনেট আগবঢ়াবলৈ অনুজ্ঞা মাচুলৰ প্ৰয়োজন নহ’ব।

এই প্ৰস্তাৱে দেশখনত ৰাজহুৱা ৱাই-ফাই নেটৱৰ্কৰ বিকাশক প্ৰোৎসাহিত কৰিব আৰু তদুপৰি ব্ৰডবেণ্ড ইন্টাৰনেটৰ প্ৰসাৰণত সহায় আগবঢ়াব, আয় বৃদ্ধি কৰি তুলিব আৰু জনতাক নিয়োগৰ সুযোগ প্ৰদান কৰাৰ সমান্তৰালভাৱে সৱলীকৰণ কৰিব।

মূল বৈশিষ্ট্যঃ

এই ৰাজহুৱা ৱাই-ফাই একচেছ নেটৱৰ্ক ইন্টাৰফেচক পিএম-ৱানি হিচাপে জনা যাব। তলত উল্লেখ কৰা ভিন্ন প্লেয়াৰৰদ্বাৰা পিএম-ৱানি বাতাবৰণটো চালিত কৰা যাবঃ

  • পাব্লিক ডাটা অ’ফিছ (PDO): ই কেৱল মাত্ৰ ৱানি অনুবৰ্তী ৱাই-ফাই একচেছ পইন্টসমূহ স্থাপন, পৰিচালনা আৰু সঞ্চালন কৰিব আৰু চাবচক্ৰাইবাৰসকললৈ ব্ৰডবেণ্ড সেৱা আগবঢ়াব।
  • পাব্লিক ডাটা অ’ফিছ এগ্ৰিগেটৰ (PDOA): ই পিডিঅ’ৰ এটা এগ্ৰিগেটৰ হ’ব আৰু অথ’ৰাইজেশ্যন আৰু একাউন্টিং সম্পৰ্কীয় কাম-কাজ সম্পাদন কৰিব।
  • এপ প্ৰভাইডাৰঃ ই এটা এপ যুগুত কৰি উলিয়াব যাৰ জৰিয়তে ইউজাৰসকলৰ পঞ্জীয়ন সমাপন হ’ব আৰু নিকটৱৰ্তী অঞ্চলত ৱানি অনুবৰ্তী ৱাই-ফাই হটস্পটৰ সন্ধান কৰিব আৰু ইন্টাৰনেট সেৱা লাভৰ অৰ্থে ইয়াক এপটোত প্ৰদৰ্শিত কৰিব।
  • চেন্ট্ৰেল ৰেজিষ্ট্ৰীঃ ই এপ প্ৰভাইডাৰ, পিডিঅ’এ আৰু পিডিঅ’সমূহৰ সৱিশেষ নিয়ন্ত্ৰণ কৰিব। আৰম্ভণিতে চি-ডটে চেন্ট্ৰেল ৰেজিষ্ট্ৰী নিয়ন্ত্ৰণ কৰিব।

উদ্দেশ্য

পিডিঅ’, পিডিঅ’এ আৰু এপ প্ৰভাইডাৰসকলৰ অৰ্থে পঞ্জীয়নৰ প্ৰয়োজনীয়তা নথকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে টেলিকমিউনিকেশ্যন বিভাগৰ অনলাইন পঞ্জীয়ন পৰ্টেল (SARALSANCHAR; https://saralsanchar.gov.in) ৰ জৰিয়তে টেলিকমিউনিকেশ্যন বিভাগৰ সৈতে পঞ্জীয়নভুক্ত হ’ব পাৰিব। ইয়াৰ বাবে কোনোধৰণৰ পঞ্জীয়ন মাচুলৰ প্ৰয়োজনীয়তা নাই। আৱেদনৰ ৭ দিনৰ ভিতৰত পঞ্জীয়ন মঞ্জুৰ কৰা হ’ব।

ই অধিক বাণিজ্য অনুকূল হৈ উঠাৰ আশা কৰা হৈছে আৰু ইজ অৱ ডুয়িং বিজনেছৰ অৰ্থে গ্ৰহণ কৰা প্ৰচেষ্টাৰ অংশস্বৰূপেই ইয়াৰ ব্যৱস্থা কৰা হৈছে। ক’ভিড-১৯ মহামাৰীয়ে দেশখনৰ ক্ৰমবৰ্ধমান চাবচক্ৰাইবাৰলৈ সুস্থিৰ আৰু দ্ৰুত গতিসম্পন্ন ব্ৰডবেণ্ড ইন্টাৰনেট (ডাটা) সেৱা আগবঢ়োৱাৰ প্ৰয়োজনীয়তা প্ৰোথিত কৰি তোলে। ৪জি ম’বাইল ক’ভাৰেজ নথকা অঞ্চলসমূহকো সামৰি লোৱাটো আৱশ্যকীয় হৈ উঠে। ৰাজহুৱা ৱাই-ফাই প্ৰৱৰ্তনৰে এয়া সম্ভৱ হৈ উঠিব।

তদুপৰি, ৰাজহুৱা ৱাই-ফাইৰ প্ৰসাৰণে কেৱল মাত্ৰ নিয়োগ সৃষ্টি কৰাই নহয় বৰঞ্চ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীসকলৰ আয় বৃদ্ধি কৰিব আৰু দেশখনৰ জিডিপিৰ বৰ্ধন ঘটাব।

ৰাজহুৱা ৱাই-ফাইৰ জৰিয়তে ব্ৰডবেণ্ড সেৱাৰ প্ৰসাৰণ হৈছে ডিজিটেল ইণ্ডিয়া অভিমুখে আৰু এটা খোজ আৰু একেদৰে ইয়াৰ জৰিয়তে লাভান্বিত হোৱা যাব।

ৰাজহুৱা ৱাই-ফাই হটস্পট ব্যৱহাৰ কৰি ব্ৰডবেণ্ড ইন্টাৰনেট সেৱা প্ৰৱৰ্তনৰ অৰ্থে অনুজ্ঞা মাচুলৰ প্ৰয়োজন নহ’ব। যিয়ে দেশখনৰ ইমূৰৰপৰা সিমূৰলৈ ইয়াৰ প্ৰসাৰণক প্ৰোৎসাহিত কৰি তুলিব ব্ৰডবেণ্ডৰ উপলব্ধতা আৰু ব্যৱহাৰে আয়, নিয়োগ, জীৱনৰ মানদণ্ড, ইজ অৱ ডুয়িং বিজনেছ ইত্যাদিৰ বৰ্ধন ঘটাব।

******

DS/SB



(Release ID: 1679812) Visitor Counter : 261