প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে ১০ ডিচেম্বৰ, ২০২০ত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব

Posted On: 08 DEC 2020 8:39PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ, অৰ্থাৎ ১০ ডিচেম্বৰ নতুন দিল্লীৰ সংসদ মার্গ নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব। নতুন এই সংসদ ভৱন হব আত্মনির্ভৰ ভাৰতৰ এক উল্লেখযোগ্য অংশ। য’ত দেশৰ স্বাধীনতাৰ পাছত প্রথমবাৰলৈ জনতাৰ সংসদ হিচাপেঢ় দিয়াৰ এক যুগান্তকাৰী সুযোগ হব। যি নতুন ভাৰতৰ চাহিদা আৰু আশা আকাংক্ষাৰ লগত সংগতি ৰাখি ২০২২ চনৰ স্বাধীনতা দিসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি স্মৰণীয় হৈ পৰিব৷

নতুন সংসদ ভৱনটো অত্যাধুনিক আৰু উন্নতমানৰ হব। বর্তমান সংসদ ভৱন সংলগ্ন ত্রিভুজাকৃতিৰ ভৱন হিচাপেঢ়ি লৈ উঠিব, য’ত একভেদ্য সুৰক্ষা ব্যস্থা থাকিব। প্রস্তাৱিত নতুন ভৱনৰ লোকসভা কক্ষ বর্তমান কক্ষতকৈ তিনিগুণ ডাঙৰ আৰু ৰাজ্যসভাৰ কক্ষও যথেষ্ট বিশাল পৰিসৰৰ হব। নতুন ভৱনৰ ভিতৰত ভাগত ভাৰতীয় সংস্কৃতি আৰু আঞ্চলিক শিল্প, কাৰুশিল্পকে ধৰি বৈচিত্র্য দাঙি ধৰা হব। ইয়াসমান্তৰালভাৱে এক কেন্দ্রীয় সাংবিধানিক গেলাৰী নিৰ্মাণ কৰা, য’ত জনসাধাৰণৰ প্রৱেৰ অধিকাৰ থাকিব৷

নতুন সংসদ ভৱন নির্মাণ পৰিৱেঅনুকূল আৰু আধুনিক প্রযুক্তিৰ ব্যহাৰৰ ওপৰ গুৰুত্ব দিয়াব। ইয়া ভিতৰত উচ্চমানৰ শব্দ আৰু অডিঅ’-ভিজুৱেল সুবিধাসমূহ বজা ৰখা হব। ইয়াত আৰামদায়ক আসনৰ ব্যস্থা থাকিব৷ ইয়াৰ ৰক্ষণাবেক্ষণ আৰু পৰিচালনা সহজভাৱে কৰাৰ বাবে সেইদৰেই নক্সা প্ৰস্তুত কৰা হৈছে

 

আধাৰশিলা স্থাপন অনুষ্ঠান লোকসভাৰ অধ্যক্ষ শ্রী ওম বিলা, সংসদীয় পৰিক্ৰমা মন্ত্রী শ্রী প্রহ্লাদ ভেংকটেশ যোশী, আবাস মন্ত্ৰালয় (স্বতন্ত্ৰ দায়িত্ব)ৰ ৰাজ্যিক মন্ত্রী হৰদীপ সিং পুৰী, ৰাজ্যসভাৰ উপাধ্যক্ষ শ্রী হৰিবংশ নাৰায়ণ সিঙকে ধৰি প্রায় দুশগৰাকী অতিথি উপস্থিত থাকিব৷ এওঁলোকভিতৰত বিভিন্ন বিভাগৰ মন্ত্রী, সাংসদ আৰু দূতাবাসসমূহৰ প্রতিনিধি উপস্থিত থাকিব৷ আধাৰশিলা স্থাপন অনুষ্ঠান ৱেব কাষ্টিঙৰ জৰিয়তে পোনপটীয়াকৈ সম্প্রচাৰৰ ব্যস্থা কৰা হৈছে।

****

DS/SH/DB



(Release ID: 1679575) Visitor Counter : 236