কেবিনেট

দেশৰ মূল ভূ-খণ্ড(কোঁচী) আৰু লাক্ষাদ্বীপৰ মাজত সমুদ্ৰ-গৰ্ভৰে ‘অপ্টিকেল ফাইবাৰ কেবল’ৰ সংযোগ স্থাপন(কেএলআই প্ৰকল্প) সম্পৰ্কীয় প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন

Posted On: 09 DEC 2020 3:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবনেটৰ সভাই আজি দেশৰ মূল ভূ-খণ্ড(কোঁচী) আৰু লাক্ষাদ্বীপৰ মাজত সমুদ্ৰ-গৰ্ভৰে অপ্টিকেল ফাইবাৰ কেবলৰ সংযোগ স্থাপন(কেএলআই প্ৰকল্প) সম্পৰ্কীয় এক প্ৰস্তাৱলৈ অনুমোদন জনায়।

এই প্ৰকল্পৰ অধীনত সমুদ্ৰ-গৰ্ভৰে পাৰ কৰি নিয়া উত্সৰ্গিত অপ্টিকেল ফাইবাৰ কেবল(অএফচি)ৰে লাক্ষাদ্বীপৰ কাবৰাট্টি, কালপেনি, অগতি, অমিনি, অদ্ৰোথ, মিনিকয়, বংগাৰাম, বিত্ৰা, চেটলাত, কিলটান আৰু কডমত্ নামৰ দ্বীপকেইটাকে ধৰি মুঠ ১১টা দ্বীপৰ সৈতে দেশৰ মূল ভূ-খণ্ডৰে প্ৰত্যক্ষ যোগাযোগ ব্যৱস্থা স্থাপনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে।

বিত্তীয় প্ৰয়োজনীয়তা:

৫ বছৰৰ সঞ্চালনা ব্যয়কে ধৰি প্ৰকল্পটোৰ ৰূপায়ণৰ বাবে প্ৰায় ১০৭২ কোটি টকাৰ প্ৰকল্প ব্যয় নিৰ্দ্ধাৰণ কৰা হৈছে। ইউনিভাৰ্ছেল ছাৰ্ভিচ অব্লিগেশ্যন ফাণ্ড’(ইউএছঅএফ)-য়ে  প্ৰকল্পটোৰ ৰূপায়ণৰ বাবে পুঁজিৰ যোগান ধৰিব।

প্ৰভাৱ:

টেলিকম আন্তঃগাঁথনিৰ উত্তৰণৰ সৈতে অৰ্থনৈতিক আৰু সামাজিক উন্নয়ণৰ প্ৰসংগ যে সংযুক্ত হৈ থাকে সেয়া নিতান্তই স্বতঃসিদ্ধ কথা। দূৰ-সংযোগ ব্যৱস্থাৰ সংযোগে নিয়োগ সম্ভাৱনা সৃষ্টিটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সম্প্ৰতি অনুমোদন জনোৱা প্ৰকল্পটোৰ জৰিয়তে সদ্যহতে লাক্ষাদ্বীপত বিশাল বেণ্ডউইড প্ৰদানৰে দূৰ-সংযোগৰ আন্তঃগাঁথনি তথা সা-সুবিধা উন্নত কৰাত গুৰুত্ব আৰোপ কৰা হব।

লক্ষ্য আৰু ৰূপায়ণ কৌশল:

ভাৰত সঞ্চাৰ নিগম লিমিটেড(বিএছএনএল)ক প্ৰকল্পটোৰ কাৰ্যবাহী সংস্থা হিচাপে নিযুক্ত কৰাৰ বিপৰীতে টেলিকমিউনিকেশ্যন্ছ কনচালটেণ্ট লিমিটেড(টিচিআইএল)ক ইউনিভাৰ্ছেল ছাৰ্ভিচ অব্লিগেশ্যন ফাণ্ড(ইউএছঅএফ) আৰু দূৰ-সংযোগ বিভাগক সহযোগিতা আগবঢ়োৱাৰ বাবে কাৰিকৰী পৰামৰ্শদাতাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰকল্পটোৰ স্বত্বাধিকাৰিত্ব থাকিব ইউএছঅএফ-ৰ হাতত। ২০২৩ চনৰ মে মাহৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে।

পটভূমি:

আৰৱ সাগৰৰ মাজত অৱস্থিত কেন্দ্ৰীয় শাসিত অঞ্চল লাক্ষাদ্বীপে ৰণ কৌশলগতভাবে বিশেষ গুৰুত্ব বহণ কৰি আহিছে। ইয়াৰ দ্বীপপুঞ্জত বসবাস কৰা অধিবাসীসকলৰ বাবে এক সুৰক্ষিত, বিস্তৃত, বিশ্বাসযোগ্য আৰু ব্যয়সাপেক্ষ টেলিকম সেৱা অতিকে প্ৰয়োজনীয়তো হয়েই তদুপৰি দেশৰ নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰাও এনে সা-সুবিধাৰ নিতান্তই আৱশ্যকীয়।

****

DS/KB



(Release ID: 1679574) Visitor Counter : 222