স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

সক্ৰিয় ৰোগীৰ সংখ্যা মুঠ আক্ৰান্তৰ ৪%ৰো কম, ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ৩.৭৮ লাখ

আক্ৰান্তৰ দৈনিক গড় ৩.১৪%

১৯ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাপ্তাহিক ধনাত্মকতাৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ অধিক

Posted On: 09 DEC 2020 11:12AM by PIB Guwahati

ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ ধাৰা অব্যাহত আছে। আজিৰ তাৰিখত দেশত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছেহি ৩,৭৮,৯০৯গৰাকী। ইফালে, মুঠ আক্ৰান্ত্ৰ বিপৰীতে মুঠ সক্ৰিয় ৰোগীৰ হাৰ ৩.৮৯%লৈ অৱনমিত হৈছে।

নতুনকৈ আৰোগ্যৰ সংখ্যাই দৈনিক নতুন আক্ৰান্তৰ সংখ্যাক অতিক্ৰম কৰাৰ ধাৰাই স্বাভাৱিকতেই চিকিত্সাধীন ৰোগীৰ হেচা কম কৰি ৰাখিছে। শেহতীয়া ২৪ ঘণ্টাত এই সংখ্যা ৪,৯৫৭ৰে অৱনমিত হোৱাৰ তথ্য লাভ কৰা হৈছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image0017SOQ.jpg

যোৱা ২৪ ঘণ্টাত ভাৰতত নতুন ৰোগীৰ সংখ্যাতকৈ আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা অধিক হোৱাৰ তথ্য পোৱা গৈছে। এই সময়ছোৱাত ৩২,০৮০ গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৩৬,৬৩৫ গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰি চিকিত্সালয় এৰাৰ অনুমতি লাভ কৰিছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image002PV5N.jpg

ভাৰতত এই পৰ্যন্ত সম্পন্ন হোৱা পৰীক্ষাৰ সংখ্যা ১৫ কোটি(১৪,৯৮,৩৬,৭৬৭)ৰ কাষ চাপিছেগৈ। প্ৰতিদিনে এক নিযুতৰো অধিক পৰীক্ষণ সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখি যোৱা ২৪ ঘণ্টাত ১০,২২,৭১২টা নমুনাৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে। আজিৰ তাৰিখত দেশে প্ৰতিদিনে ১৫ লাখ নমুনা পৰীক্ষণৰ সামৰ্থ্য অৰ্জন কৰিছে।

দেশত এই মুহূৰ্তত পৰীক্ষাগাৰৰ সংখ্যা ২,২২০টালৈ বৃদ্ধি পাইছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image003RDF2.jpg

প্ৰতিদিনে ১০ লাখৰো অধিক নমুনাৰ পৰীক্ষণ সম্পন্ন কৰা পৰিপ্ৰেক্ষিতত কভিড আক্ৰান্তৰ সামগ্ৰিক হাৰৰ অৱনমনৰ ধাৰা অব্যাহত আছে।

ৰোগৰ ধনাত্মকতাৰ সামগ্ৰিক ৰাষ্ট্ৰীয় হাৰ আজিৰ তাৰিখত ৬.৫০% বুলি ঠাৱৰ কৰা হৈছে। ইফালে দিনটোৰ ধনাত্মকতাৰ হাৰ মাত্ৰ ৩.১৪% বুলি তথ্য প্ৰকাশ কৰা হৈছে। অধিক পৰীক্ষণৰ হাৰৰ পৰিণতিতে ধনাত্মকতাৰ হাৰ অৱনমিত হৈছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image004QDTF.jpg

ইফালে, ১৯ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাপ্তাহিক ধনাত্মকতাৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ অধিক বুলি তথ্য নিশ্চিত হৈছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image005RB45.jpg

তলত নমুনা পৰীক্ষণত শীৰ্ষ স্থান দখল কৰা ৰাজ্যসমূহৰ লগতে নমুনা পৰীক্ষণৰ সংখ্যা আৰু সামগ্ৰিক ধনাত্মকতাৰ হাৰ উল্লেখ কৰা হল। তালিকাত ২ কোটিৰো অধিক পৰীক্ষণৰে উত্তৰ প্ৰদেশে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে বিহাৰ, তামিল নাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰ প্ৰদেশে ১ কোটিৰো অধিক নমুনাৰ পৰীক্ষা সম্পন্ন কৰা ৰাজ্য হিচাপে স্থান লাভ কৰিছে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image006BYIF.jpg

শেহতীয়া ভাবে আৰোগ্য লাভৰ শতাংশ হাৰ ৪.৬৬% হৈছেগৈ আজিৰ তাৰিখত দেশত আৰোগ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যাই ৯২ লাখ(৯২,১৫,৫৮১)ৰ সীমা অতিক্ৰম কৰিছে।

নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৭৫.৭১%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, সৰ্বাধিক ৬,৩৬৫গৰাকী আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে মহাৰাষ্ট্ৰই এই তালিকাত ৪,৭৩৫ আৰু ৩,৩০৭গৰাকী লোকেৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে কেৰালা আৰু দিল্লী

http://static.pib.gov.in/WriteReadData/userfiles/image/image0078GZT.jpg

নতুনকৈ আক্ৰান্তৰ ৭৫.১১%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

এইক্ষেত্ৰতো কেৰালাই সৰ্বাধিক ৫,০৩২ গৰাকী আক্ৰান্তৰে একেৰাহে শীৰ্ষত অৱস্থান কৰাৰ বিপৰীতে ৪,০২৬গৰাকী আক্ৰান্তৰে দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ

http://static.pib.gov.in/WriteReadData/userfiles/image/image008QQWH.jpg

ইফালে, শেহতীয়া ২৪ ঘণ্টাত দেশত ৪০২ গৰাকী লোকে মৃত্যু সাৱটি লৈছে।

এইক্ষেত্ৰতো ৭৬.৩৭% মৃতকেই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ইয়াৰে, দিল্লীত সৰ্বাধিক ৫৭গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগত মৃত্যু হৈছে ক্ৰমে ৫৩ আৰু ৪৯গৰাকী লোক।

http://static.pib.gov.in/WriteReadData/userfiles/image/image009M9WX.jpg

****

MV/SJ/KB



(Release ID: 1679420) Visitor Counter : 217