প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আগ্ৰাত আগ্ৰা মেট্ৰো প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

দেশৰ পৰিকাঠামো উন্নয়নত সমগ্ৰ বিশ্বৰ পৰাই বিনিয়োগ অনাৰ চেষ্টা চলিছে : প্ৰধানমন্ত্ৰী

স্বদেশ দৰ্শন আৰু প্ৰসাদ কাৰ্যসূচীৰ মাধ্যমেৰে পৰ্যটকক আকৃষ্ট কৰাৰ চেষ্টা চলোৱা হৈছে : প্ৰধানমন্ত্ৰী

গৃহ নিৰ্মাণকাৰী আৰু গৃহক্ৰেতাৰ মাজত অনাস্থা দূৰ কৰিবলৈ RERA আইন কাৰ্যকৰী কৰা হৈছিল : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত ১২ লাখতকৈও অধিক চহৰাঞ্চলীয় মধ্যবিত্ত পৰিয়ালক প্ৰায় ২৮ হাজাৰ কোটি টকা গৃহ ক্ৰয়ৰ বাবে সাহায্য দিয়া হৈছে : প্ৰধানমন্ত্ৰী

Posted On: 07 DEC 2020 1:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে উত্তৰ প্ৰদেশৰ আগ্ৰাত আগ্ৰা মেট্ৰো প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ সূচনা কৰে। এই উপলক্ষে কেন্দ্ৰীয় হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ সহ বিশিষ্ট ব্যক্তিসকলে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

আগ্ৰা মেট্ৰো প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ সূচনা উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশৰ পৰিকাঠামো ক্ষেত্ৰত থকা বৃহৎ সমস্যাবোৰৰ কথা উল্লেখ কৰি কয়, অতীতত নতুন প্ৰকল্পৰ কথা ঘোষণা কৰা হ’লেও প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ বাবে ধনৰ উৎস কি হ’ব – সেই ক্ষেত্ৰত গুৰুত্বই দিয়া হোৱা নাচিল। তেওঁ আৰু কয়, তেওঁৰ চৰকাৰে নতুন প্ৰকল্প আৰম্ভৰ পূৰ্বেই প্ৰয়োজনীয় পুঁজি সংস্থান সুনিশ্চিত কৰিছে। শ্ৰী মোদীয়ে আৰু কয়, ৰাষ্ট্ৰীয় পৰিকাঠামো পাইপলাইন প্ৰকল্পৰ একাউণ্টত ১০০ লাখ কোটি টকাতকৈও অধিক ধন ব্যয় কৰা হ’ব। মাল্টি-মডেল যোগাযোগ পৰিকাঠামো পৰিকল্পনাৰ কাম ক্ষীপ্ৰতাৰে আগুৱাইছে। তেওঁ লগতে কয়, দেশৰ পৰিকাঠামোৰ উন্নয়নৰ বাবে সমগ্ৰ বিশ্বৰ পৰাই বিনিয়োগ অনাৰ চেষ্টা চলিছে।

পৰ্যটন ক্ষেত্ৰ এক অনন্য আয়ৰ উৎস হৈ উঠিব পাৰে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ই-ভিছা কাৰ্যসূচীৰ অধীনত বিভিন্ন দেশৰ নাগৰিকৰ সুবিধা প্ৰদানৰ সংখ্যাই কেৱল বৃদ্ধি কা হোৱা নাই, তাৰ লগতে হোটেলবোৰত থকা-খোৱাৰ মাচুলো উল্লেখযোগ্যভাৱে হ্ৰাস কৰা হৈছে।

স্বদেশ দৰ্শন আৰু প্ৰসাদ কাৰ্যসূচীৰ দৰে একাধিক উদ্যোগৰ মাধ্যমেৰে পৰ্যটকসকলক আকৃষ্ট কৰিবলৈ সকলোধৰণৰ চেষ্টা চলোৱা হৈছে বুলি শ্ৰী মোদীয়ে জনায়। চৰকাৰৰ চেষ্টাৰ ফলত ভ্ৰমণ আৰু পৰ্যটন সংক্ৰান্তত বিশ্ব প্ৰতিযোগিতা সূচকত ভাৰত ৩৪ তম স্থানত উপনীত হৈছে। ২০১৩ চনত এই সূচকত ভাৰতৰ স্থান আছিল ৬৫ তম। তেওঁ আশা প্ৰকাশ কৰে, ক’ৰোনা পৰিস্থিতিৰ যিহেতু লাহে লাহে উন্নতি ঘটিছে, গতিকে শীঘ্ৰেই পৰ্যটন ক্ষেত্ৰৰ সুদিন উভতি আহিব।

প্ৰধানমন্ত্ৰীয়ে কয়, এতিয়া সাৰ্বিকভাৱে সংস্কাৰমূলক উদ্যোগ চলোৱা হৈছে, পৃথকে পৃথকে নহয়। তেওঁ আৰু কয়, চহৰবোৰৰ সাৰ্বিক উন্নয়নত ৪টা পৰ্যায়ত কাৰ্যসূচী ৰূপায়িত হৈছে। এইবোৰ হ’ল – দীৰ্ঘকালীন বকেয়া সমস্যাবোৰৰ স্থায়ী সমাধান, সাধাৰণ মানুহৰ জীৱনযাত্ৰাৰ মান উন্নয়ন, সৰ্বাধিক বিনিয়োগ আৰু আধুনিক প্ৰযুক্তিৰ পৰ্যাপ্ত প্ৰয়োগ।

শ্ৰী মোদীয়ে লগতে কয়, গৃহ নিৰ্মাণকাৰী আৰু ক্ৰেতাসকলৰ মাজত এসময়ত পৰস্পৰৰ প্ৰতি অনাস্থাৰ বাতাবৰণ আছিল। কিছু অসাধু লোকে সমগ্ৰ গৃহ নিৰ্মাণ ক্ষেত্ৰত কালিমা সনাৰ অপচেষ্টা কৰিছিল। ইয়াৰ ফলত, মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনি হতাশাগ্ৰস্ত হৈছিল আৰু এই ক্ষেত্ৰত বিশ্বাস হেৰুৱাইছিল। এই পৰিপ্ৰেক্ষিততে RERA আইন কাৰ্যকৰী কৰা হৈছে বুলি তেওঁ জনায়। সাম্প্ৰতিক কেবাখনো প্ৰতিবেদনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, RERA আইন কাৰ্যকৰী হোৱাৰ ফলত মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনিয়ে সহজেই আৰু ক্ষীপ্ৰতাৰে ঘৰৰ মালিকানা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ আৰু কয়, আধুনিক গণ পৰিবহণ ব্যৱস্থাৰ পৰা আবাসগৃহ – প্ৰায় সকলো ক্ষেত্ৰতেই চহৰবোৰত জীৱনযাত্ৰাৰ মান উন্নয়নত সাৰ্বিক উন্নয়নৰ কাম আগুৱাইছে।

প্ৰধানমন্ত্ৰী আবাস যোজনাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, এই আগ্ৰা চহৰৰ পৰাই কাৰ্যসূচীৰ আৰম্ভ হৈছিল। ইতিমধ্যেই চহৰাঞ্চলৰ দৰিদ্ৰ মানুহৰ বাবে ১ কোটিতকৈও অধিক ঘৰ অনুমোদন কৰা হৈছে। চহৰৰ মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ বাবে প্ৰথমবাৰ ঘৰ ক্ৰয়ৰ বাবে সাহায্য আগবঢ়োৱা হৈছে। এই পৰ্যন্ত ১২ লাখৰো অধিক চহৰাঞ্চলীয় মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালক নতুন ঘৰ কিনাৰ বাবে প্ৰায় ২৮ হাজাৰ কোটি টকা সাহায্য দিয়া হৈছে। অম্ৰুত কাৰ্যসূচীৰ অধীনত একাধিক চহৰত জল, নিকাশি আদি পৰিকাঠামোৰ উন্নতি কৰা হৈছে। আনকি, স্থানীয় স্ব-শাসিত প্ৰতিষ্ঠানবোৰক চহৰৰ বিভিন্ন স্থানত থকা গণশৌচালয়বোৰৰ মান উন্নয়ন সহায় কৰা হৈছে। ইয়াৰ উপৰিও, চহৰবোৰত আৱৰ্জনা ব্যৱস্থাপনাৰ আধুনিক পদ্ধতি কাৰ্যকৰী কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে জনায়।

প্ৰধানমন্ত্ৰীয়ে কয়, ২০১৪ ৰ পৰা ৪৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেট্ৰো লাইন আৰম্ভ হৈছে। ২০১৪ ৰ পূৰ্বৱৰ্তী সময়ত আৰম্ভ হোৱা মেট্ৰো লাইনৰ পৰিমাণ আছিল কেৱল ২২৫ কিলোমিটাৰ। তেওঁ আৰু জনায়, দেশৰ ২৭খন চহৰত আৰু ১ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেট্ৰো লাইন নিৰ্মাণৰ কাম দ্ৰুতগতিত আগুৱাইছে।

আগ্ৰা মেট্ৰো প্ৰকল্পটোৰ ২ টা কৰিডৰ আছে, যাৰ মুঠ দৈৰ্ঘ্য হৈছে ২৯.৪ কিলোমিটাৰ, এই মেট্ৰো সেৱা আৰম্ভ হ’লে তাজমহল, আগ্ৰা কিল্লা, ছিকন্দৰ আদি আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰবোৰৰ সৈতে মেট্ৰো সেৱা জড়িত হৈ পৰিব। আনকি, এই মেট্ৰো সেৱাৰ ফলত আগ্ৰা চহৰৰ প্ৰায় ২৬ লাখ লোক লাভৱান্বিত হ’ব আৰু প্ৰতি বছৰে আগ্ৰা ভ্ৰমণ কৰিবলৈ অহা ৬০ লাখৰো অধিক পৰ্যটকৰ যাতায়াতত সুবিধা হ’ব। ঐতিহাসিক আগ্ৰা চহৰত পৰিৱেশ অনুকূল দ্ৰুতগতিসম্পন্ন এই পৰিৱহণ ব্যৱস্থাৰ নিৰ্মাণ কাৰ্যত খৰচ ধৰা হৈছে ৮ হাজাৰ ৩৭৯ কোটি ৬২ লাখ টকা। ৫ বছৰৰ সময়সীমাত প্ৰকল্পৰ কাম শেষ হ’ব বুলি ধাৰণা কৰা হৈছে।

ইয়াৰ পূৰ্বে ২০১৯ ৰ ৮ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে আগ্ৰা মেট্ৰো প্ৰকল্পৰ সূচনাৰ সমান্তৰালকৈ চিচিএছ বিমানবন্দৰৰ পৰা মুন্সিপুলিয়া পৰ্যন্ত ২৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ লক্ষ্ণৌ মেট্ৰোৰ উত্তৰ-দক্ষিণ কৰিডৰো উদ্বোধন কৰিছিল।

 

***

DS/AK/RD



(Release ID: 1679275) Visitor Counter : 203