বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

বিনিয়োগ প্ৰোৎসাহন বঁটা, ২০২০ বিজয়ী হিচাপে ইনভেষ্ট ইণ্ডিয়াৰ নাম ঘোষণা ৰাষ্ট্ৰসংঘৰ

Posted On: 07 DEC 2020 7:20PM by PIB Guwahati

ৰাষ্ট্ৰসংঘ (UNCTAD) ই ভাৰতৰ ৰাষ্ট্ৰীয় বিনিয়োগ প্ৰোৎসাহন সংস্থা- ইনভেষ্ট ইণ্ডিয়াক ২০২০ ৰ ৰাষ্ট্ৰসংঘ বিনিয়োগ প্ৰোৎসাহন বঁটা বিজয়ী হিচাপে ঘোষণা কৰিলে। জেনেভাস্থিত ইউএনচিটিএডিৰ সদৰ কাৰ্যালয়ত ৭ ডিচেম্বৰ, ২০২০ত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।

বিশ্বজুৰি বিনিয়োগ প্ৰোৎসাহন সংস্থা (IPA) সমূহৰ উল্লেখযোগ্য সফলতা আৰু উত্তম পন্থাৰ স্বীকৃতি আৰু শলাগৰ অৰ্থে এই বঁটা আগবঢ়োৱা হৈছে। ১৮০ টা বিনিয়োগ প্ৰোৎসাহন সংস্থাই কৰা কামত ইউএনচিটিএডিয়ে মূল্যায়ন কৰি এই স্বীকৃতি প্ৰদান কৰিছে।

’ভিড-১৯ মহামাৰীটোৱে বিনিয়োগ প্ৰোৎসাহন সংস্থাসমূহৰ সন্মুখত ভিন্ন প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। যাৰ বাবে এই সংস্থাসমূহে ধাৰ্য্য কৰা বিনিয়োগ প্ৰোৎসাহনৰপৰা আঁতৰি আহি সংকট ব্যৱস্থাপনা, চৰকাৰী জৰুৰীকালীন নিৰ্দেশনা আৰু অৰ্থনৈতিক সাহাৰ্য্য ব্যৱস্থাৰে মোকাবিলা কৰিবলগীয়া হয়। সংকট সমৰ্থন সেৱাৰ অধীনত ৰাষ্ট্ৰীয় ক’ভিড-১৯ বিজনেছ ৰেচপন্স প্ৰচেষ্টালৈ বৰঙণি যোগায়। সংস্থাসমূহৰ কাৰ্যালয় বন্ধ থকা সত্বেও এইসমূহ কাম সম্পাদন হয়। ইয়াৰ বাবে অনলাইনৰ জৰিয়তে সকলো বিষয়া-কৰ্মচাৰীয়ে ঘৰৰপৰাই কাৰ্য সম্পাদন কৰিবলগীয়া হয়। ২০২০ৰ মাৰ্চত, মহামাৰীটোৰ অৰ্থে আইপিএৰ সঁহাৰি নিৰীক্ষণৰ অৰ্থে ইউএনচিটিএডিয়ে এটা টীম গঠন কৰে। ইউএনচিটিএডিয়ে বিনিয়োগ প্ৰোৎসাহন সংস্থাসমূহৰ উত্তম পন্থাৰ কথা অৱগত হয় আৰু সেয়া ২০২০ৰ এপ্ৰিল আৰু জুলাইৰ আইপিএ অৱজাৰ্ভাৰ ত প্ৰকাশ পায়। মহামাৰীটোৰ প্ৰতি আইপিএৰ সঁহাৰিৰ ভিত্তিত ২০২০ ৰ ৰাষ্ট্ৰসংঘ বিনিয়োগ প্ৰোৎসাহন বঁটাৰ বাবে মূল্যায়ন কৰা যায়।

ইউএনচিটিএডিয়ে ইনভেষ্ট ইণ্ডিয়াই অৱলম্বন কৰা উত্তম পন্থাৰ কথা দ্য বিজনেছ ইমিউনিটি প্লেটফৰ্ম, এক্সক্লুছিভ ইনভেষ্টমেন্ট ফৰাম ৱেবিনাৰ চিৰিজত উল্লেখ কৰে। তদুপৰি ইনভেষ্ট ইণ্ডিয়াই বিনিয়োগ প্ৰোৎসাহন, সমৃদ্ধকৰণৰ অৰ্থে দীৰ্ঘ্য-ম্যাদী কৌশল আৰু পন্থা শ্বেয়াৰ কৰি আহিছে।

এই ৰাষ্ট্ৰসংঘ বিনিয়োগ প্ৰোৎসাহন বঁটা বিনিয়োগ প্ৰোৎসাহন সংস্থাসমূহৰ বাবে অত্যন্ত ঈপ্সিত বঁটা হিচাপে পৰিগণিত হৈ আহিছে। ইউএনচিটিএডি হৈছে এটা কেন্দ্ৰীয় সংস্থা যিয়ে আইপিএসমূহৰ সফলতা নিৰীক্ষণ কৰে আৰু বৈশ্বিক উত্তম পন্থা চিনাক্ত কৰি উলিয়ায়। ইয়াৰ পূৰ্বে জাৰ্মানী, দক্ষিণ কোৰিয়া আৰু চিংগাপুৰে এই বঁটা লাভ কৰিছে।

ইনভেষ্ট ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ও মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী দীপক বাগলাই কয়, “এই বঁটাটি হৈছে মাননীয় প্ৰধানমন্ত্ৰীৰ ভাৰতক পচ্ছন্দৰ বিনিয়োগ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিৰ সাক্ষ্য। ই তেখেতৰ ইজ অৱ লিভিং, ইজ অৱ ডুয়িং বিজনেছ আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ লক্ষ্যক সমৃদ্ধ কৰিছে।

******

YB/SB



(Release ID: 1679007) Visitor Counter : 257