গৃহ মন্ত্ৰালয়
ভাৰতৰত্ন বাবাচাহেব আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱসত শ্ৰদ্ধা জনালে শ্ৰী অমিত শ্বাহ
“মহাপৰিনিৰ্বান দিৱসত বাবাচাহেবলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত, যিয়ে দেশক এক দূৰদৰ্শী আৰু পূৰ্ণাঙ্গ সংবিধান উপহাৰ দিলে, যিখন সংবিধানৰ ভেটিতে দেশত উন্নতি, প্ৰগতি আৰু সমানতাই সুন্দৰভাৱে অগ্ৰগতি লাভ কৰিছে”
“বাবাচাহেবৰ পদাংক অনুসৰণ কৰি মোদী চৰকাৰ দশক দশক ধৰি দেশৰ উন্নয়ন প্ৰক্ৰিয়াৰ পৰা বাদ পৰি অহা দেশৰ অৱবেলিত শ্ৰেণীৰ বাবে কাম কৰিবৰ বাবে বদ্ধপৰিকৰ”
प्रविष्टि तिथि:
06 DEC 2020 1:51PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাৰতৰত্ন বাবাচাহেব ডঃ বি আৰ আম্বেদকৰৰ মহাপৰিনিৰ্বাণ দিৱসত শ্ৰদ্ধা জনাইছে। এক টুইটত শ্ৰী শ্বাহে জনায়, “মহাপৰিনিৰ্বাণ দিৱসত বাবা চাহেবৰ প্ৰতি মোৰ বিনম্ৰ শ্ৰদ্ধা জনাইছো, “মহাপৰিনিৰ্বান দিৱসত বাবাচাহেবলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত, যিয়ে দেশক এক দূৰদৰ্শী আৰু পূৰ্ণাঙ্গ সংবিধান উপহাৰ দিলে, যিখন সংবিধানৰ ভেটিতে দেশত উন্নতি, প্ৰগতি আৰু সমানতাই সুন্দৰভাৱে অগ্ৰগতি লাভ কৰিছে”। তেওঁ লগতে কয়, “বাবাচাহেবৰ পদাংক অনুসৰণ কৰি মোদী চৰকাৰ দশক দশক ধৰি দেশৰ উন্নয়ন প্ৰক্ৰিয়াৰ পৰা বাদ পৰি অহা দেশৰ অৱবেলিত শ্ৰেণীৰ বাবে কাম কৰিবৰ বাবে বদ্ধপৰিকৰ”।
*****
NW/RK/PK/AD/DDD/RD
(रिलीज़ आईडी: 1678759)
आगंतुक पटल : 199
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam