সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়
নতুন দিল্লীত চেণ্ট্ৰেল ৱাকফ কাউন্সিলৰ বৈঠকত আজি অংশগ্ৰহণ কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুক্তাৰ আব্বাছ নাক্ভিৰ
জম্মু কাশ্মীৰ আৰু লেহ-কাৰ্গিলত শীঘ্ৰেই স্থাপন হ’ব ৱাকফ ৰ’ৰ্ড। - শ্ৰী মুক্তাৰ আব্বাছ নাকভি
Posted On:
04 DEC 2020 3:18PM by PIB Guwahati
জম্মু-কাশ্মীৰ আৰু লেহ- কাৰ্গিলত অতি শীঘ্ৰই ৱাক্ফ বোৰ্ড গঠন কৰা হ’ব বুলে জনাইছে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুক্তাৰ আব্বাছ নাক্ভিয়ে। নতুন দিল্লীত আজি চেণ্ট্ৰেল ৱাক্ফ কাউন্সিলৰ বৈঠকত শ্ৰী নাকভিয়ে কয়, স্বাধীনতাৰ পিছত এই প্ৰথম দুটা স্থানত ৱাকফ বোৰ্ড গঠন কৰা হ’ব। ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰা হৈছে। জম্মু- কাশ্মীৰত ৩৭০ ধাৰা আঁতৰোৱাৰ পিছত এয়া সম্ভৱ হৈছে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।


তেওঁ কয়, ৱাকফ বোৰ্ড স্থাপনৰ পিছত জম্মু-কাশ্মীৰ আৰু লেহ- কাৰ্গিলত ৱাকফ সম্পত্তি সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰা হ’ব। এই বিষয়ে প্ৰয়োজন সাপেক্ষে কেন্দ্ৰীয় চৰকাৰে যথেষ্ট পৰিমাণৰ আৰ্থিক সহায় প্ৰদান কৰিব বুলিও তেওঁ জনায়। তেওঁ কয়, এই দুটা স্থানত প্ৰচুৰ পৰিমাণৰ ৱাকফ সম্পত্তি আছে। সেইবোৰৰ জিঅ’ টেগিং আৰু জিপিএছ মেপিংৰ কাম আৰম্ভ কৰা হৈছে।
শ্ৰী নাকভিয়ে কয়, যিবোৰ স্থানত ৱাকফ সম্পত্তি দখল কৰা হৈছে সেয়া পুনৰুদ্ধাৰৰ বাবে সংশ্লিষ্ট ৰাজ্যসমূহক প্ৰয়োজন সাপেক্ষে ৱাকফ মাফিয়াবোৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ দিয়া হৈছে।


কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "প্ৰধানমন্ত্ৰী জনবিকাশ কাৰ্যক্ৰম" কৰ্মসূচীৰ অংগ হিচাপে জম্মু-কাশ্মীৰ আৰু লেহ- কাৰ্গিল অঞ্চলত ৱাকফৰ অধীনত ভূমিৰ ওপৰত চৰকাৰে স্কুল-কলেজ আইটিআই, পলিটেকনিক, ছোৱালী হোষ্টেল, হাস্পতাল আদি নিৰ্মাণ কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে।
******
NB/KGS/RD
(Release ID: 1678506)