জল শক্তি মন্ত্ৰালয়

দেশৰ ১২৮টা জল-ভাণ্ডাৰৰ সক্ৰিয় বহণ সামৰ্থ্যৰ শেহতীয়া স্থিতি

Posted On: 04 DEC 2020 5:03PM by PIB Guwahati

কেন্দ্ৰীয় জল আয়োগয়ে প্ৰতি সপ্তাহত দেশৰ বিভিন্ন প্ৰান্তত থকা ১২৮টা জল-ভাণ্ডাৰৰ সক্ৰিয় বহণ সামৰ্থ্যৰ শেহতীয়া স্থিতি পৰ্যবেক্ষণ কৰি প্ৰতিবেদন যুগুতাই আহিছে। ইয়াৰে ৪৪টা জল-ভাণ্ডাৰৰ সৈতে ৬০ মেগাৱাটৰো অধিক পৰিমাণৰ জল-বিদ্যুত উত্পাদনৰ সুবিধা জড়িত হৈ আছে। ১২৮টা জল-ভাণ্ডাৰৰ মুঠ বহণ সামৰ্থ্য হৈছে ১৭২.১৩২ বিলিয়ন কিউবিক মিটাৰ(বিচিএম)। এই পৰিমাণ দেশত সৃষ্টি কৰিব খোজা জল-ভাণ্ডাৰৰ মুঠ সক্ৰিয় বহণ সামৰ্থ্য ২৫৭.৮১২বিচিএম-ৰ প্ৰায় ৬৬.৭৭%। ৩ ডিচেম্বৰ ২০২০ত প্ৰকাশ কৰা প্ৰতিবেদনৰ তথ্য অনুসৰি এইসমূহ জলভণ্ডাৰত এই মুহূৰ্তত উপলব্ধ থকা সক্ৰিয় বহণ সামৰ্থ্যৰ পৰিমাণ হল ১৩৬.৮৬৬বিচিএম। অৰ্থাত্ এয়া হৈছে সামগ্ৰিক সক্ৰিয় বহণ সামৰ্থ্যৰ ৮০%ৰ সমান। যিকি নহওক, যোৱাটো বছৰত এই  একোছোৱা সময়ত এই পৰিমাণ ১৪৬.০২৪বিচিএম হোৱাৰ বিপৰীতে বিগত দহোটা বছৰত এইসমূহ জলভাণ্ডাৰৰ গড় সক্ৰিয় বহণ সামৰ্থ্য আছিল ১১৪.৪৩৯বিচিএম। এতেকে, ৩-১২-২০২০ত প্ৰকাশিত প্ৰতিবেদনৰ তথ্যৰ আধাৰত কবলৈ গলে যোৱাটো বছৰৰ এইছোৱা সময়ত উপলব্ধ সক্ৰিয় বহণ সামৰ্থ্যৰ তুলনাত এইবেলিৰ পৰিমাণ ৯৪% হোৱাৰ বিপৰীতে বিগত ১০টা বছৰৰ তুলনাত এই পৰমাণ হ ১২০%।  

তলত আঞ্চলিক জল-ভাণ্ডাৰ ভিত্তিক তথ্যাৱলী দাঙি ধৰা হ :

উত্তৰাঞ্চল-হিমাচল প্ৰদেশ, পাঞ্জাৱ আৰু ৰাজস্থানক সামৰি হোৱা অঞ্চলটোত থকা ৮টা জল-ভাণ্ডাৰৰ সক্ৰিয় বহণ সামৰ্থ্যৰ পৰিমাণ হল ১৯.১৭বিচিএম। ৩ ডিচেম্বৰ ২০২০ত প্ৰকাশিত তথ্য মতে, এই মুহূৰ্তত উপলব্ধ সক্ৰিয় বহণ সামৰ্থ্যৰ পৰিমাণ হল ১০.৬৬বিচিএম। এই পৰিমাণ জল ভাণ্ডাৰসমূহৰ মুঠ সামৰ্থ্যৰ ৫৬%। ইফালে বিগত বৰ্ষৰ এই একেছোৱা সময়ত আৰু বিগত দহবছৰত উপলব্ধ গড় সক্ৰিয় বহণ সামৰ্থ্যৰ পৰিমাণ আছিল ক্ৰমে ৭৮% আৰু ৬৯%

পূৰ্বাঞ্চল-ঝাৰখণ্ড আৰু ওড়িশা, পশ্চিম বংগ, ত্ৰিপুৰা আৰু নাগালেণ্ডক সামৰি গঠিত অঞ্চলটোত থকা ১৯টা জল-ভাণ্ডাৰৰ সক্ৰিয় বহণ সামৰ্থ্যৰ পৰিমাণ হল ১৯.৬৫বিচিএম। ৩ ডিচেম্বৰ ২০২০ত প্ৰকাশিত তথ্য মতে, এই মুহূৰ্তত উপলব্ধ সক্ৰিয় বহণ সামৰ্থ্যৰ পৰিমাণ হল ১৩.৯০বিচিএম। এই পৰিমাণ জল ভাণ্ডাৰসমূহৰ মুঠ সামৰ্থ্যৰ ৭১%। ইফালে বিগত বৰ্ষৰ এই একেছোৱা সময়ত আৰু বিগত দহবছৰত উপলব্ধ গড় সক্ৰিয় বহণ সামৰ্থ্যৰ পৰিমাণ আছিল ক্ৰমে ৭৮% আৰু ৭২%

পশ্চিমাঞ্চল-গুজৰাট আৰু মহাৰাষ্ট্ৰৰে গঠিত অঞ্চলটোত থকা ৪২টা জল-ভাণ্ডাৰৰ সক্ৰিয় বহণ সামৰ্থ্যৰ পৰিমাণ হল ৩৫.২৪বিচিএম। ৩ ডিচেম্বৰ ২০২০ত প্ৰকাশিত তথ্য মতে, এই মুহূৰ্তত উপলব্ধ সক্ৰিয় বহণ সামৰ্থ্যৰ পৰিমাণ হল ৩১.৩৯বিচিএম। এই পৰিমাণ জল ভাণ্ডাৰসমূহৰ মুঠ সামৰ্থ্যৰ ৮৯%। ইফালে বিগত বৰ্ষৰ এই একেছোৱা সময়ত আৰু বিগত দহবছৰত উপলব্ধ গড় সক্ৰিয় বহণ সামৰ্থ্যৰ পৰিমাণ আছিল ক্ৰমে ৯৪% আৰু ৬৬%

মধ্যাঞ্চল-উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মধ্য প্ৰদেশ আৰু চত্তিশগড়ৰে গঠিত অঞ্চলটোত থকা ২৩টা জল-ভাণ্ডাৰৰ সক্ৰিয় বহণ সামৰ্থ্যৰ পৰিমাণ হল ৪৫.২৭বিচিএম। ৩ ডিচেম্বৰ ২০২০ত প্ৰকাশিত তথ্য মতে এই মুহূৰ্তত উপলব্ধ সক্ৰিয় বহণ সামৰ্থ্যৰ পৰিমাণ হল ৩৭.৬৪বিচিএম। এই পৰিমাণ জল ভাণ্ডাৰসমূহৰ মুঠ সামৰ্থ্যৰ ৮৯%। ইফালে বিগত বৰ্ষৰ এই একেছোৱা সময়ত আৰু বিগত দহবছৰত উপলব্ধ গড় সক্ৰিয় বহণ সামৰ্থ্যৰ পৰিমাণ আছিল ক্ৰমে ৮৬% আৰু ৭০%

দক্ষিণাঞ্চল-অন্ধ্ৰ প্ৰদেশ, তেলেংগাণা, এপি এণ্ড টিজি(দুটাকৈ যুৰীয়া প্ৰকল্প), কৰ্ণাটক, কেৰালা আৰু তামিল নাডুৰে গঠিত অঞ্চলটোত থকা ৩৬টা জল-ভাণ্ডাৰৰ সক্ৰিয় বহণ সামৰ্থ্যৰ পৰিমাণ হল ৫২.৮১বিচিএম। ৩ ডিচেম্বৰ ২০২০ত প্ৰকাশিত তথ্য মতে এই মুহূৰ্তত উপলব্ধ সক্ৰিয় বহণ সামৰ্থ্যৰ পৰিমাণ হল ৪৩.২৮বিচিএম। এই পৰিমাণ জল ভাণ্ডাৰসমূহৰ মুঠ সামৰ্থ্যৰ ৮২%। ইফালে বিগত বৰ্ষৰ এই একেছোৱা সময়ত আৰু বিগত দহবছৰত উপলব্ধ গড় সক্ৰিয় বহণ সামৰ্থ্যৰ পৰিমাণ আছিল ক্ৰমে ৮৩% আৰু ৬১%

******

BY/MG/AS/KB



(Release ID: 1678458) Visitor Counter : 111