বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

এপীডা আৰু নাবাৰ্ডে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে, এই বুজাবুজি চুক্তিৰ উদ্দেশ্য কৃষি আৰু কৃষিৰে জড়িত ক্ষেত্ৰসমূহৰ মাজত উন্নত সহযোগিতা সৃষ্টি কৰি সকলো সংলগ্ন হিতধাৰকক লাভবান কৰা

Posted On: 03 DEC 2020 2:59PM by PIB Guwahati

এপীডাই ধাৰাবাহিকভাৱে এই প্ৰয়াস কৰিছে যে তেওঁলোকে কৃষি ক্ষেত্ৰত সংগঠন, সংস্থা, বৃত্তিধাৰী, বিশেষজ্ঞ আৰু সম্পৰ্কিত পক্ষসমূহক উন্নত প্লেটফৰ্ম প্ৰদান কৰিব। যাৰ জৰিয়তে এই লোকসকলে কৃষি ক্ষেত্ৰৰ বিকাশ আৰু ইয়াৰ ৰপ্তানি ক্ষমতা বৃদ্ধি কৰিবলৈ পাৰস্পৰিকভাৱে উন্নত সমন্বয় সৃষ্টিৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। এপীডাই এই পদক্ষেপ ভাৰত চৰকাৰৰ দ্বাৰা ঘোষিত কৃষি ৰপ্তানি নীতিৰ জৰিয়তে কৰিছে। এপীডাই সদায় কৃষক কেন্দ্ৰিক দৃষ্টিভংগীৰ ওপৰত জোৰ দিয়ে। ইয়াৰ জৰিয়তে, তেওঁলোকে চেষ্টা চলায় যে এনেকুৱা লাভজনক পদক্ষেপ গ্ৰহণ কৰা হওক, যাৰ ফলত কেৱল কৃষকৰ আয়েই বৃদ্ধি নহয়, বৰং তেওঁলোকে উপাদনৰ যোগানৰ সময়তো ন্যূনতম লোকচান ভৰিবলগীয়া হয়। ইয়াৰ জৰিয়তেই নীতি প্ৰস্তুত কৰা হৈছে। যাৰ উদ্দেশ্য হৈছে প্ৰত্যেক বাতাবৰণ অনুসৰি বিভিন্ন ক্লাষ্টাৰত এনেকুৱা উপাদন সক্ষম কৰি তোলা হওক, যি সেই ক্ষেত্ৰসমূহৰ বাবে অনুকূল হয়। ইয়াৰ বাবে নীতি, যোগান সম্পৰ্কীয় বিষয়বিলাকো নিষ্পত্তি কৰাৰ পৰামৰ্শ দিয়া হয়। ইয়াৰ জৰিয়তে মাটিৰ তলত থকা পোষক তত্ত্বৰ ব্যৱস্থা, অধিক উপাদনশীলতা, বজাৰৰ চাহিদাৰ ওপৰত আধাৰিত ফচলৰ উপাদন, উচ্চ মানদণ্ডৰ কৃষি পদ্ধতি আদিৰ প্ৰয়োগ অন্তৰ্ভুক্ত আছে।

 

কৃষি ৰপ্তানি নীতিৰ ৰূপায়ণৰ বাবে এপীডাই একেৰাহে ৰাজ্য চৰকাৰসমূহৰ সৈতে সহযোগিতা কৰি আছে। এই পদক্ষেপৰ জৰিয়তে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, কেৰালা, নগালেণ্ড, তামিলনাডু, অসম, পঞ্জাৱ, কৰ্ণাটক, গুজৰাট, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মণিপুৰ, ছিক্কিম আৰু উত্তৰাখণ্ডই ৰাজ্য আধাৰিত একচন প্লেন প্ৰস্তুত কৰিছে।ইয়াৰ বিপৰীতে অন্য ৰাজ্যও একচন প্লেন প্ৰস্তুত কৰাৰ অন্তিম পৰ্যায়ত আছে। এনেদৰেই ২৮খন ৰাজ্য আৰু ৪খন কেন্দ্ৰীয় শাসিত প্ৰদেশে নোডেল এজেঞ্চিও নামকৰণ কৰিছে। লগতে ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ মুখ্য সচিবসকলৰ অধ্যক্ষতাত ৰাজ্যস্তৰীয় তত্বাৱধান সমিতিও গঠন কৰা হৈছে।

 

ইয়াৰ উপৰিও পঞ্জাৱ, উত্তৰ প্ৰদেশ (দুখন জিলা)ত আলুৰ বাবে ২০খন ক্লাষ্টাৰ স্তৰৰ সমিতি গঠন কৰা হৈছে। এনেদৰে ৰাজস্থানত ইছবগোল, মহাৰাষ্ট্ৰত কমলা, ডালিম, আঙুৰ, কলৰ বাবে তিনিখন জিলা, তামিলনাডু আৰু কেৰালাত কলৰ বাবে, উত্তৰ প্ৰদেশত আম, গুজৰাট আৰু উত্তৰ প্ৰদেশত ডেইৰী উপাদন, কৰ্ণাটকত গোলাপ, পিঁয়াজৰ বাবে, উত্তৰ প্ৰদেশত সজীৱ পাচলিৰ বাবে, কমলা আৰু আলুৰ বাবে গুজৰাট (দুখন জিলা)ত ক্লাষ্টাৰ সমিতি গঠন কৰা হৈছে। সকলো ক্লাষ্টাৰত সংশ্লিষ্ট পক্ষসমূহৰ সৈতে, দুটা পৰ্যায়ৰ আলোচনাও কৰা হৈছে। যাৰ উদ্দেশ্য, যোজনাৰ প্ৰতি সজাগতা বিয়পোৱা আৰু জৰুৰী পদক্ষেপ গ্ৰহণ কৰা।

 

এই লক্ষ্যসমূহত উপনীত হ'বলৈ এপীডা আৰু নাবাৰ্ডে নিজৰ মুখ্য কাৰ্যালয়ত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। এই কাৰ্যক্ৰম ভাৰ্চুৱেল মাধ্যমত আয়োজন কৰা হয়। নতুন বুজাবুজিৰ উদ্দেশ্য হৈছে কৃষি আৰু কৃষিৰে জড়িত ক্ষেত্ৰসমূহৰ মাজত উন্নত সহযোগিতা সৃষ্টি কৰি সকলো সংলগ্ন পক্ষক লাভবান কৰা।

 

এই উপলক্ষে এপীডাৰ অধ্যক্ষ ড৹ এম অংগমুথু আৰু নাবাৰ্ডৰ অধ্যক্ষ ড৹ জি আৰ চিন্তালাও উপস্থিত আছিল। দুয়োজনে কৃষি ৰপ্তানি নীতিৰ বাবে এপীডা আৰু নাবাৰ্ডৰ সহযোগিতাক বৰ্তমানৰ প্ৰয়োজনীয়তা বুলি উল্লেখ কৰি, ইয়াৰ জৰিয়তে হ'বলগীয়া মুনাফাৰ বিষয়েও অৱগত কৰে। বুজাবুজি চুক্তিত স্বাক্ষৰ এপীডাৰ সচিব ড৹ সুধাংশু আৰু নাবাৰ্ডৰ চীফ জেনেৰেল মেনেজাৰ শ্ৰী নিলয় ডি কাপুৰে কৰে। সংস্থাসমূহৰ কাম-কাজ আৰু তেওঁলোকৰ দ্বাৰা সমন্বয়ৰ জৰিয়তে হ'বলগীয়া কামৰ সংক্ষিপ্ত তথ্যঃ

 

নাবাৰ্ড

ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ বিকাশ বেংক (নাবাৰ্ড)ৰ গঠন কৃষিৰ বিকাশৰ বাবে ঋণ দিয়া বেংকৰ ৰূপত হৈছে যি প্ৰধানকৈ কৃষি, গ্ৰামীণ স্তৰত ক্ষুদ্ৰ আৰু কুটীৰ উদ্যোগ, হস্তশিল্প আৰু গ্ৰামীণ ক্ষেত্ৰৰে সম্পৰ্কযুক্ত কাম-কাজৰ বাবে ঋণ দিয়ে। যাৰ উদ্দেশ্য হৈছে সামগ্ৰিকভাৱে গাঁৱৰ বিকাশ সাধন কৰা। যাৰ জৰিয়তে গ্ৰামীণ ক্ষেত্ৰত সম্পন্নতা বৃদ্ধি পাব। নাবাৰ্ড এক্ট-১৯৮১,য়ে নাবাৰ্ডক বিভিন্ন সংস্থাৰ সৈতে লগ হৈ কৃষি আৰু গ্ৰামীণ বিকাশক উদগণি দিয়াৰ অধিকাৰ দিয়ে। নাবাৰ্ডে কৃষকক সহযোগিতা কৰিবলৈ বিভিন্ন যোজনা আৰু কাৰ্যক্ৰম চলাই আছে। যাৰ জৰিয়তে সমগ্ৰ দেশতে কৃষকে সহযোগিতা লাভ কৰি আছে।

 

সহযোগিতাৰ ক্ষেত্ৰ

১। এপীডা আৰু নাবাৰ্ডে মিলি সংশ্লিষ্ট হিতধাৰকৰ ক্ষমতা বিকাশত যোগদান কৰিব।

২৷ এপীডা আৰু নাবাৰ্ডে মিলি মানুহৰ ওচৰ পাবলৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিব। সজাগতা কাৰ্যক্ৰম চলাব। লগতে সংশ্লিষ্ট হিতধাৰকৰ বাবে কৰ্মশালাৰ আয়োজন কৰিব।

৩৷ ভাৰত চৰকাৰৰ দ্বাৰা কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্য সম্পূৰ্ণ কৰিবলৈ আয় বৃদ্ধি কৰাৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।

৪৷ নাবাৰ্ড আৰু এপীডাই এফপিঅ'ৰ বিকাশৰ বাবে জৰুৰী যোজনা আৰু পদক্ষেপ গ্ৰহণ কৰিব, যাৰ জৰিয়তে কৃষকে অধিক মুনাফা অৰ্জন কৰিব পাৰে।

৫৷ এপীডাই নাবাৰ্ডৰ সৈতে মিলি এটা কাৰ্যক্ৰম প্ৰস্তুত কৰিব যি সহকাৰী সমিতি, এফপিঅ'ক টেকনিকেল সহযোগিতা কৰিব। এই কাৰ্যক্ৰমৰ জৰিয়তে এপীডাৰ দ্বাৰা ৰপ্তানি উসাহিত কৰিবৰ বাবে নিৰ্ধাৰিত উপাদনৰ বাবে দোৱাৰ পিছত, আধাৰভূত সংৰচনাৰ বিকাশ হ'ব।

৬৷ দুয়োটা সংস্থা মিলি ৰাজ্যসমূহত ক্লাষ্টাৰ চিনাক্ত কৰিব। এপীডাই এফপিঅ'ৰ দ্বাৰা বনোৱা উপাদনৰ ৰপ্তানিক উসাহিত কৰিবৰ বাবে সহযোগিতা কৰিব, য'ত নাবাৰ্ডেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

 

*****

YB/AP



(Release ID: 1678178) Visitor Counter : 160