বিত্ত মন্ত্ৰালয়

আয়কৰ বিভাগে তামিলনাডুত তালাচী অভিযান চলায়

Posted On: 29 NOV 2020 12:55PM by PIB Guwahati

আয়কৰ বিভাগে ২৭নৱেম্বৰ,২০২০ত এগৰাকী আইটি ছেজ ডেভালাপাৰ, ইয়াৰ প্ৰাক্তন অধ্যক্ষ আৰু এগৰাকী প্ৰখ্যাত ষ্টেইনলেছ-ষ্টীল যোগানকাৰীৰ সন্ধানত চেন্নাইত তালাচী অভিযান চলায়। চেন্নাই, মুম্বাই, হায়দৰাবাদ আৰু কুড্ডালোৰস্থিত ১৬টা চৌহদত চালাচী অভিযান চলোৱা হয়।

বিগত ৩বছৰত প্ৰাক্তন অধ্যক্ষ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰদ্বাৰা প্ৰায় ১০০কোটি টকাৰ অঘোষিত সম্পত্তিৰ প্ৰমাণ পোহৰলৈ আহিছে। তালাচীত পুনৰ পোহৰলৈ আহিছে যে আইটি ছেজ ডেভালাপাৰগৰাকীয়ে এক নিৰ্মাণৰত প্ৰকল্পত প্ৰায় ১৬০কোটি টকা ব্যয় হোৱা বুলি ভুৱা দাবী কৰিছে। অভিযুক্তসকলে লগতে এক কাৰ্যক্ষম প্ৰকল্পত ভুৱা কনচালটেন্সী ফীজৰ নামত ৩০কোটি টকাৰ ব্যয় দাবী কৰিছে।

তালাচীত এই কথাও পোহৰলৈ আহে যে আইটি ছেজ ডেভালাপাৰগৰাকীৰ সৈতে এক নিৰ্দিষ্ট পৰিমাণৰ শ্বেয়াৰ ক্ৰয় লেনদেনো জড়িত হৈ আছে।

অনুসন্ধানকাৰী দলে এতিয়ালৈকে প্ৰায় ৪৫০কোটিৰ অঘোষিত সম্পত্তিৰ তথ্য লাভ কৰিছে।

এই ক্ষেত্ৰত অধিক অনুসন্ধান অব্যাহত আছে।

****

RM/KMN/MS



(Release ID: 1677112) Visitor Counter : 115