বিত্ত মন্ত্ৰালয়

২০২০-২১ বিত্তীয় বৰ্ষত ২০২০ৰ অক্টোবৰ মাহলৈকে ভাৰত চৰকাৰৰ আয়-ব্যয়ৰ হিচাপৰ মাহিলী পর্যালোচনা

प्रविष्टि तिथि: 27 NOV 2020 4:56PM by PIB Guwahati

ভাৰত চৰকাৰৰ মাহিলী আয়-ব্যয়ৰ হিচাপৰ সামগ্রিক আৰু একত্রিত পৰিসংখ্যা ২০২০ৰ অক্টোবৰ মাহলৈকে প্রকাশ কৰা হৈছে। এই পৰিসংখ্যা অনুসৰি ভাৰত চৰকাৰে চলিত বছৰৰ অক্টোবৰলৈকে ৭,০৮,৩০০ কোটি টকা লাভ কৰিছে। ইয়াৰ ভিতৰত কৰ ৰাজহৰ বাবদ ৫,৭৫,৬৯৭ কোটি টকা, কৰ বহির্ভূত ৰাজহৰ বাবদ ১,১৬,২০৬ কোটি টকা আৰু ঋণ বহির্ভূত মূলধনৰ বাবদ ১৬,৩৯৭ কোটি টকা সংগ্রহ কৰিছে। ঋণ বহির্ভূত মূলধন সংগ্রহৰ ভিতৰত ঋণ পুনৰুদ্ধাৰৰ বাবদ ১০,২১৮ কোটি টকা আৰু নিৰ্বিনিয়োগৰ বাবদ ৬,১৭৯ কোটি টকা সংগ্রহ কৰিছে।

ভাৰত চৰকাৰে কৰ বিতৰণৰ বাবদ প্রদত্ত অংশ হিচাপে ৰাজ্য চৰকাৰে  যোৱা অক্টোবৰ মাহলৈকে ২,৯৭,১৭৪ কোটি টকা হস্তান্তৰ কৰিছে, যিটো যোৱা বছৰৰ তুলনাত ৬৯,৬৯৭ কোটি টকা কম।

ভাৰত চৰকাৰে ২০২০-২১ বাজেট হিচাপে অনুসৰি ১৬,৬১,৪৫৪ কোটি টকা বিভিন্ন শিতানত ব্যয় কৰিছে। ইয়াৰ ভিতৰত ১৪,৬৪,৯৯ কোটি টকা ব্যয় কৰা হৈছে ৰাজহ সংগ্রহ শিতানত আৰু ১,৯৭,৩৫৫ কোটি টকা ব্যয় হৈছে মূলধনৰ শিতানত৷ ৰাজহ শিতানত মুঠ ব্যয়ৰ ৩,৩৩,৪৫৬ কোটি টকা সুদ মাচুলৰ বাবদ ব্যয় হৈছে আৰু ১,৮৫,৪০০ কোটি টকা ব্যয় হৈছে বিভিন্ন জৰুৰী ৰাজসাহায্য প্ৰদান শিতানত৷

****

RM/KMN/DB


(रिलीज़ आईडी: 1676910) आगंतुक पटल : 184
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Odia , Malayalam , Bengali , English , Urdu , हिन्दी , Manipuri , Punjabi