তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

শ্ৰী প্ৰকাশ জাভেড়কাৰে সংবিধান দিৱস উপলক্ষে এখন ই-সংকলন উন্মোচন কৰে

পোষ্ট কৰা হৈছে: 26 NOV 2020 6:28PM by PIB Guwahati

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভেড়কাৰে আজি নতুন দিল্লীত সংবিধান, মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্যক লৈ ৰচিত এখন ই-সংকলন উন্মোচন কৰে।

অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয়, আজি মুকলি হোৱা সংকলনখন এখন গুৰুত্বপূৰ্ণ দলিল হৈ থাকিব আৰু এই পদক্ষেপৰ বাবে মই প্ৰেছ ইনফ’ৰমেচন ব্যুৰু আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক অভিনন্দন জ্ঞাপন কৰিছো”তেওঁ উল্লেখ কৰে যে পিআইবি-এ যুগুত কৰা সংকলনখনত কেইবাগৰাকীও প্ৰখ্যাত ব্যক্তিৰ প্ৰবন্ধ সন্নিবিষ্ট হৈছে আৰু নিৰ্দিষ্ট বিষয়ৰ ওপৰত সকলো তথ্য থকা ই হ’ব এখন অনন্য সংকলন।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানক দেশৰ সৰ্ববৃহৎ ধৰ্মীয় গ্ৰন্থ আখ্যা দিয়াৰ কথা মন্ত্ৰীগৰাকীয়ে স্মৰণ কৰে। সংবিধান দিৱস উদযাপনৰ ধাৰণাটো প্ৰধানমন্ত্ৰীয়ে উদ্ভাৱন কৰিছিল বুলিও শ্ৰী জাভেড়কাৰে জানিবলৈ দিয়ে।

ই-সংকলনখনৰ বিষয়েঃ

ই-সংকলনখনত আইনজ্ঞ, উদ্যোগী আৰু শিল্পীকে ধৰি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰখ্যাত ব্যক্তিৰ মুঠ ৩২টা প্ৰবন্ধসন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত অন্যতম ব্যক্তিসকল হ’ল আনন্দ মহিন্দ্ৰ, কে.কে বেনুগোপাল, সোনাল মানসিং আদি।

****


(ৰিলিজ আই ডি : 1676357) অতিথি কক্ষ : 196