পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ব্যক্তিৰ ভূমিকাৰ ক্ষেত্ৰত সমাবেশী দৃষ্টিভংগী গ্ৰহণত গুৰুত্ব জেনেৰেল ভি কে সিঙৰ

प्रविष्टि तिथि: 26 NOV 2020 1:47PM by PIB Guwahati

ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ৰাষ্ট্ৰৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী ব্যক্তিয়ে গ্ৰহণ কৰিবলগীয়া ভূমিকাৰ ক্ষেত্ৰত সমাবেশী দৃষ্টিভংগী গ্ৰহণত গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় স্থলপথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল ভি কে সিঙে। এই প্ৰসংগত অভিমত ব্যক্ত কৰি জেনেৰলগৰাকীয়ে কয় যে ৰাষ্ট্ৰৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দায়িত্ব কেৱল নিৰাপত্তাৰক্ষীবাহিনীৰ হাততে ন্যস্ত থাকে বুলি সৰ্ব সাধাৰণ নাগৰিকসকলে ধাৰণা পোষণ কৰি অহা পৰিলক্ষিত হয় যদিও ৰাষ্ট্ৰৰ নিৰাপত্তাৰ পৰিসৰ নিতান্তই বিস্তৃত

ভাৰতীয় গণ-প্ৰশাসন প্ৰতিষ্ঠান(আইআইপিএ)ই আয়োজন কৰা ৰাষ্ট্ৰীয় সুৰক্ষা আলোচনা(নেশ্যনেল ছিকিউৰিটী ডায়লগ) শীৰ্ষক এক সন্মিলনত কালি বক্তব্য প্ৰদান কৰি ভূতপূৰ্ব সেনা প্ৰধানগৰাকীয়ে সভাত উপস্থিত থকাসকলক এই ক্ষেত্ৰত পৰিৱৰ্তনৰ শুভাৰম্ভকাৰীৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ আহ্বান জনায়। তেওঁ অভিমত প্ৰকাশ কৰি কয় যে সম্পূৰ্ণ ৰূপে ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিত কৰিবলৈ হলে মানসিকতাৰ পৰিৱৰ্তন সাধনৰ লগতে এম্পায়াৰ বিল্ডিং কঁপাই তোলাৰ দৰে দৃঢ়তা প্ৰদৰ্শনৰ প্ৰয়োজনীয়তা আছেচেগা-চোৰোকা প্ৰয়সৰে কেতিয়াও ৰাষ্ট্ৰীয় সৰক্ষা নিশ্চিত কৰিব নোৱাৰি বুলি উল্লেখ কৰা সিঙে বহিঃ সুৰক্ষা, আভ্যন্তৰীণ সুৰক্ষা, শক্তি সুৰক্ষা, চাইবাৰ সুৰক্ষাৰ দৰে সকলোবোৰ সুৰক্ষা সম্পৰ্কীয় প্ৰসংগক সামৰি এক সু-সংহত প্ৰয়াসেৰেহে ইয়াক আহৰণ কৰিব পাৰি বুলি মন্তব্য কৰে। 

http://static.pib.gov.in/WriteReadData/userfiles/image/image001VYG5.jpg

মন্ত্ৰীগৰাকীয়ে সামগ্ৰিক সুৰক্ষাৰ প্ৰসংগত বক্তব্য প্ৰদান কৰিবলৈ গৈ প্ৰতিৰক্ষা সামগ্ৰীৰ সংগ্ৰহ, চাইবাৰ স্পেচৰ সুৰক্ষা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাকে ধৰি প্ৰযুক্তিৰ ব্যৱহাৰ, উদ্ভাৱনী চিন্তা আৰু দক্ষতাপূৰ্ণ পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা দোহাৰে। তেওঁ প্ৰতিৰক্ষা উপকৰণৰ স্থানীয় উত্পাদনৰ ক্ষেত্ৰত সামৰ্থ্য বৰ্দ্ধনৰ বাবেই ভাৰতে আত্মনিৰ্ভৰশীলতা অৰ্জনত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানত আইআইপিএ-ৰ শিক্ষক তথা জ্যেষ্ঠ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে আইআইপিএ-ৰ চৌহদত থকা মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণো কৰে।

http://static.pib.gov.in/WriteReadData/userfiles/image/image002A5QA.jpg

***

RCJ/MS/KB


(रिलीज़ आईडी: 1676236) आगंतुक पटल : 229
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Tamil , Telugu