আইন আৰু ন্যায় মন্ত্ৰালয়

২০২০ৰ জুনৰপৰা অক্টোবৰলৈ ২.৫১ লাখ গোচৰৰ নিষ্পত্তিৰ বাবে ১৫ ৰাজ্যত ২৭ ই-লোক আদালত অনুষ্ঠিত

ই-লোক আদালতৰ জৰিয়তে অদ্যপি নৱেম্বৰত ১২,৬৮৬ টা গোচৰৰ নিষ্পত্তি যাৰ ফলত ১০৭.৪ কোটি টকা মীমাংসিত

Posted On: 23 NOV 2020 2:17PM by PIB Guwahati

মহামাৰীটোৰদ্বাৰা সৃষ্ট জটিল সময়ছোৱাত, লিগেল ছাৰ্ভিচ অথৰিটিয়ে নিউ নৰ্মেলৰে সহবাস কৰে আৰু লোক আদালতক ভাৰ্চুৱেল প্লেটফৰ্মলৈ পৰ্যবসিত কৰে। ২০২০ৰ জুনৰপৰা ২০২০ৰ অক্টোবৰলৈ, ১৫ খন ৰাজ্যত ২৭ ই-লোক আদালত অনুষ্ঠিত কৰাত ৪.৮৩ লাখ গোচৰ গ্ৰহণ কৰা হয় আৰু ২.৫১ লাখ গোচৰ নিষ্পত্তিৰে ১৪০৯ কোটি টকা মীমাংসিত হৈ পৰে। তদুপৰি, ২০২০ৰ নৱেম্বৰত, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু তেলেংগানাত ই-লোক আদালত অনুষ্ঠিত কৰা হয় আৰু এতিয়ালৈকে ইয়াত ১৬,৬৫১ টা গোচৰ গ্ৰহণ কৰা হৈছে আৰু ১২,৬৮৬ টা গোচৰ নিষ্পত্তি কৰাত ১০৭.৪ কোটি টকা মীমাংসিত হয়।

বৈশ্বিক মহামাৰীটোৱে আইনী সেৱা প্ৰতিষ্ঠানসমূহৰ সঞ্চালনৰ ধাৰাটোকে সলাই পেলালে। তথাপিতো ক’ভিড-১৯ আৰু ভিন্ন জন স্বাস্থ্য সম্পৰ্কীয় নীতি-নিৰ্দেশনাৰ প্ৰত্যাহ্বানৰ মাজতো ন্যায় আগবঢ়াবলৈ আইনী সেৱা কৰ্তৃপক্ষই ঘৰুৱাভাৱে সংহত প্ৰযুক্তিক ন্যায় প্ৰদানৰ সুবিধাজনক পদ্ধতিলৈ পৰ্যবসিত কৰে। অনলাইন লোক আদালতক ই-লোক আদালত হিচাপে জনাজাত হৈ পৰে। যি হৈছে আইনী সেৱা প্ৰতিষ্ঠানসমূহৰ এনে এটা উদ্ভাৱন ’ত ইয়াৰ সৰ্বাধিক উপযোগিতাৰ অৰ্থে প্ৰযুক্তিক ব্যৱহাৰ কৰা হয় আৰু জনসাধাৰণক ঘৰৰ দুৱাৰদলিতে ন্যায় প্ৰদানৰ অৰ্থে ই এটা মাধ্যম হৈ পৰে। ই-লোক আদালতে সংগঠনগত ব্যয় ৰাহি কৰাতে ই ব্যয় সাশ্ৰয়ীও।

আইনী সেৱা কৰ্তৃপক্ষৰদ্বাৰা অনুষ্ঠিত কৰা, লোক আদালত (ৰাজ্যিক তথা ৰাষ্ট্ৰীয়) হৈছে এটা বিকল্প বিবাদ নিষ্পত্তি (ADR) পদ্ধতি ’ত আদালতৰ প্ৰি-লিটিগেশ্যন আৰু পেণ্ডিং গোচৰসমূহ নিষ্পত্তি কৰা হয়। ই হৈছে বিনামূলীয়া আৰু দ্ৰুত পদ্ধতি।

 

******

RCJ/M/SB



(Release ID: 1675230) Visitor Counter : 170