PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 23 NOV 2020 5:49PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

Image

ভাৰতৰ সক্ৰিয় কেছলড মুঠ ঘটনাৰ ৫%ৰ নিম্ন হৈয়ে ৰৈছে, আৰোগ্য লাভৰ হাৰ ৯৩% ৰ অধিক হৈয়ে আছে,
যোৱা ১৬ দিন ধৰি দৈনিক নতুন ঘটনা ৫০,০০০ ৰ নিম্ন হৈ আহিছে

ভাৰতৰ বৰ্তমান সক্ৰিয় কেছলড (৪,৪৩,৪৮৬) হৈছে মুঠ পজিটিভ ঘটনাৰ ৪.৮৫% আৰু ই ৫% সীমাৰ তলতেই আছে। আৰোগ্য লাভৰ হাৰে একেৰাহে ৯৩%ৰ ওপৰত অৱস্থান কৰি আহিছে। আজিৰ তাৰিখত মুঠ ঘটনাৰ ৯৩.৬৮%ই আৰোগ্য লাভ কৰিছে। যোৱা ২৪ ঘন্টাত, দেশখনত নতুন আৰোগ্য লাভৰ সংখ্যা ৪১,০২৪ টা। ইয়াৰ ফলত মুঠ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা ৮৫,৬২,৬৪১ হৈ পৰে। আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে আৰু বৰ্তমান ইয়াৰ পৰিমাণ হৈছে ৮১,১৯,১৫৫। যোৱা ২৪ ঘন্টাত, ৪৪,০৫৯ জন লোকৰ দেহত কভিড সংক্ৰমণ ধৰা পৰে। ৮ নৱেম্বৰৰপৰা যোৱা ১৬ দিন ধৰি ভাৰতৰ ঘটনা ৫০,০০০ ৰ কম হৈ আহিছে। শীতৰ আগমণৰ লগে-লগে বহুকেইখন দেশত নতুন ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাত এয়া তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। নতুন আৰোগ্য লাভৰ ৭৭.৪৪% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। কেৰালাত ৬,২২৭ জন লোকে কভিডৰপৰা আৰোগ্য লাভ কৰিছে। দিল্লীত আৰোগ্য লাভৰ পৰিমাণ ৬,১৫৪। যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত আৰু ৪,০৬০ ৰোগীয়ে নতুনকৈ আৰোগ্য লাভ কৰিছে। নতুন ঘটনাৰ ৭৮.৭৪% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। যোৱা ২৪ ঘন্টাত দিল্লীত এই ঘটনাৰ পৰিমাণ হৈছে ৬,৭৪৬ টা। মহাৰাষ্ট্ৰত নতুন ঘটনাৰ সংখ্যা হৈছে ৫,৭৫৩ টাকেৰালাত কালি দৈনিক ঘটনাৰ সংখ্যা ৫,২৫৪ টা। ১৫ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতি নিযুত জনসংখ্যাৰ ঘটনাৰ ৰাষ্ট্ৰীয় গড়তকৈ কম (৬,৬২৩)। যোৱা ২৪ ঘন্টাত ৫১১ টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ ৭৪.৯৫% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।দিল্লীত ১২১ টা এনে ঘটনা সংঘটিত হৈছে যাৰ হাৰ নতুন মৃত্যুৰ ঘটনাৰ ২৩.৬৮% মহাৰাষ্ট্ৰত ৫০ আৰু পশ্চিম বংগত ৪৯ জন নতুনকৈ মৃত্যুমুখত পৰিছে। প্ৰতি নিযুতত মৃত্যুৰ ঘটনাৰ ৰাষ্ট্ৰীয় গড়তকৈ ২১ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৃত্যুৰ ঘটনা কম (৯৭)।

অধিক বিৱৰণৰ বাবে

 

হিমাচল প্ৰদেশ, পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ কভিড সঁহাৰি আৰু ব্যৱস্থাপনাত সহায়ৰ অৰ্থে ৰাজ্যকেইখনলৈ উচ্চ স্তৰীয় দল প্ৰেৰণ

উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ কভিড সঁহাৰি আৰু ব্যৱস্থাপনাত সহায় কৰিবলৈ ৰাজ্যকেইখনত উচ্চ স্তৰীয় দল মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰখনে। এই ৰাজ্যকেইখনত হয় চিকিৎসালয়ত বা মেডিকেল তত্বাৱধানত হম আইছলেশ্যনত সক্ৰিয় ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে বা দৈনিক নতুন ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। এই তিনিজনীয়া সদস্যৰ দলকেইটাই অধিক কভিড ঘটনা সংঘটিত হোৱা জিলাসমূহ পৰিভ্ৰমণ কৰিব আৰু ৰাজ্যসমূহৰ কন্টেইনমেন্ট, নিৰীক্ষণ, টেষ্টিং, সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা আৰু পজিটিভ ঘটনাসমূহৰ যথোচিত ক্লিনিকেল ব্যৱস্থাপনাৰ সৱলীকৰণত সহায় কৰিব। কেন্দ্ৰীয় দলকেইটাই তদুপৰি সময়মতে নিৰ্ণয় আৰু অনুসৰণ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহেৰে যথোচিত ব্যৱস্থাপনা সন্দৰ্ভত পৰামৰ্শ আগবঢ়াব। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰখনে হাৰিয়ানা, ৰাজস্থান, গুজৰাট, মণিপুৰ আৰু চত্তীশগড়লৈ উচ্চ স্তৰীয় দল প্ৰেৰণ কৰিছে।

অধিক বিৱৰণৰ বাবে

 

বষ্টন চেন্টাৰ ফৰ এক্সেলেন্স ইন হেল্থ এণ্ড হিউমেন ডেভলপমেন্ট সম্বোধন ডাঃ হৰ্ষ বৰ্ধনৰ

কালি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে ভিডিঅ কনফাৰেন্সৰ জৰিয়তে বষ্টন চেন্টাৰ অৱ এক্সেলেন্স ফৰ হেল্থ এণ্ড হিউমেন ডেভলপমেন্ট ডিজিটেলী সম্বোধন কৰে। মন্ত্ৰীজনে স্বাস্থ্য আৰু মানৱ উন্নয়নৰ অৰ্থে বষ্টন চেন্টাৰ অৱ এক্সেলেন্স (BoCE)ৰ কাৰ্য-কলাপৰ শলাগ লয়। উল্লেখ্যযোগ্য যে ইয়াৰ অৰ্থে বষ্টন চেন্টাৰ অৱ এক্সেলেন্সে সকলোবোৰ বিশেষজ্ঞক একত্ৰিত কৰিবলৈ সক্ষম হয়। ডাঃ হৰ্ষ বৰ্ধনে চলিত মহামাৰীক আমাৰ সভ্যতাৰ যুগসন্ধি বুলি অভিহিত কৰে। তেওঁ কয়, “আমি স্পেনিছ ফ্লু, প্ৰথম বিশ্ব যুদ্ধ আৰু দ্বিতীয় বিশ্ব যুদ্ধত দেখা নাছিলো। কিন্তু এখন শীতল যুদ্ধত আমি জীয়াই আছো।

অধিক বিৱৰণৰ বাবে

 

সংসদৰ সদস্যসকলৰ অৰ্থে কেইবা মহলীয়া ফ্লেট উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ কনফাৰেন্সৰ জৰিয়তে সংসদৰ সদস্যসকলৰ কাৰণে কেইবা মহলীয়া ফ্লেট উদ্বোধন কৰে। এই ফ্লেটসমূহ নতুন দিল্লীৰ ডঃ বি ডি মাৰ্গত অৱস্থিত। ৭৬ টা ফ্লেট নিৰ্মাণ কৰিবলৈ ৮০ বছৰৰো অধিক পুৰণি আঠটা বাংলো পুনৰাই নিৰ্মাণ কৰা হয়। এই কাৰ্যসূচীত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, সংসদৰ সদস্যসকলৰ অৰ্থে বহু মহলীয়া ফ্লেট নিৰ্মাণত গ্ৰীণ বিল্ডিঙৰ নীতি-নিয়ম মানি চলা হৈছে। এই নতুন ফ্লেটসমূহে সকলো আৱাসী আৰু সাংসদসকলক সুৰক্ষিত আৰু সজীৱ কৰি ৰাখিব বুলি তেখেতে আশা প্ৰকাশ কৰে। তেখেতে কয়, সংসদৰ সদস্যসকলৰ বাবে আশ্ৰয়ৰ সমস্যাটো দীৰ্ঘদিন ধৰি চলি আহিছিল আৰু এতিয়া তাৰ সমাধান হৈছে। তেখেতে কয়, বহু দশক পুৰণি সমস্য়াসমূহক উপেক্ষা কৰিলে অৱসান নঘটে, ইয়াৰ সমাধান সূত্ৰৰেহে সমস্যাসমূহ দূৰ কৰিব পাৰি। তেখেতে দিল্লীত এনে বহু প্ৰকল্পৰ কথা সদৰী কৰি বহু বছৰ ধৰি এইসমূহ অসম্পূৰ্ণ হৈ থকাৰ বিপৰীতে এই চৰকাৰখনে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই সম্পূৰ্ণ কৰাৰ কথা সদৰী কৰে। তেখেতে কয়, প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ কাৰ্যকালত, আম্বেদকাৰ ৰাষ্ট্ৰীয় স্মাৰকৰ আলোচনা আৰম্ভ হৈছিল, যাক ২৩ বছৰীয়া দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত এই চৰকাৰখনে নিৰ্মাণ কৰি উলিয়ালে। তেখেতে কয়, কেন্দ্ৰীয় তথ্য আয়োগৰ নতুন ভৱন, ইণ্ডিয়া গেটৰ সমীপত যুদ্ধ স্মাৰক আৰু ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক এই চৰকাৰখনে নিৰ্মাণ কৰিছে যি দীৰ্ঘ দিনে সমাধা হোৱা  নাছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সকলো সাংসদেই সংসদৰ প্ৰডাকটিভিটিৰ প্ৰডাক্ট আৰু প্ৰচেছত বিশেষ ভূমিকা পালন কৰি আহিছে আৰু এই দিকত এটা নতুন শিখৰত আৰোহণ কৰিছে। তেখেতে ইয়াক গতিশীল কৰি তোলাৰ বাবে লোকসভাৰ অধ্যক্ষৰ শলাগ লয়। সন্তোষ প্ৰকাশ কৰি তেখেতে কয় যে নতুন নীতি-নিয়ম আৰু বহু সতৰ্কতামূলক ব্যৱস্থাৰে মহামাৰীটোৰ সময়তো সংসদৰ কাৰ্যক্ৰম অব্যাহত ৰখা যায়। তেখেতে লগতে কয় যে বৰ্ষাকালীন অধিৱেশনৰ সুচল কাৰ্যধাৰা নিশ্চিত কৰিবলৈ উভয় সদনে আনকি সপ্তাহান্তিকতো কাম কৰিছিল। তেখেতে কয়, যুৱ সমাজৰ বাবে ১৬-১৮ বছৰ বয়স অতি গুৰুত্বপূৰ্ণ, ২০১৯ত আমি ১৬ সংখ্যক লোকসভা সম্পূৰ্ণ কৰিছো আৰু এই সময়ছোৱা দেশখনৰ প্ৰগতি আৰু উন্নয়নৰ অৰ্থে ঐতিহাসিকভাৱে তাৎপৰ্যপূৰ্ণ।

অধিক বিৱৰণৰ বাবে

 

ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে সাংসদসকলৰ অৰ্থে বহু-মহলীয়া ফ্লেট উদ্বোধনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ

অধিক বিৱৰণৰ বাবে

 

উত্তৰ প্ৰদেশৰ বিন্ধ্যাচলত গ্ৰামীণ খোৱা পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ভিডিঅ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বিন্ধ্যাচলৰ মিৰ্জাপুৰ আৰু সোনভদ্ৰা জিলাত গ্ৰামীণ খোৱা পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি এই কাৰ্যসূচীত গাঁও পানী আৰু অনাময় সমিতি/ পানী সমিতিসমূহৰ সদস্যসকলেৰে মত-বিনিময় কৰে। এই কাৰ্যসূচীত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ উপস্থিত থাকে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমহৰ জৰিয়তে জিলা দুখনৰ ২,৯৯৫ খন গাঁৱৰ গৃহস্থীসমূহক টেপ ৱাটাৰ সংযোগ প্ৰদান কৰা হব আৰু প্ৰায় ৪২ লাখ লোক লাভান্বিত হব। এই প্ৰকল্পসমূহৰ সঞ্চালন আৰু পৰিচালনাৰ দায়িত্ব ন্যস্ত কৰা হৈছে প্ৰতিখন গাঁৱতে গঠন কৰা গাঁও পানী আৰু অনাময় সমিতি/ পানী সমিতিসমূহৰ ওপৰত।

অধিক বিৱৰণৰ বাবে

 

১৫ সংখ্যক জি২০ নেতৃত্বৰ সন্মিলন

২১-২২ নৱেম্বৰ, ২০২০ত ছৌদি আৰৱে অনুষ্ঠিত কৰা ১৫ সংখ্যক জি২০ সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে। ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই বৰ্ষৰ সন্মিলনখনি ভাৰ্চুৱেল ফৰ্মেটত অনুষ্ঠিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে এই বৰ্ষত জি২০ ত সফলতাৰে অধ্যক্ষতা কৰা আৰু কভিড-১৯ মহামাৰীৰদ্বাৰা সৃষ্ট প্ৰত্যাহ্বান আৰু অসুবিধা সত্বেও ভাৰ্চুৱেল ফৰ্মেটত দ্বিতীয় জি২০ সন্মিলন, ২০২০ অনুষ্ঠিত কৰাৰ বাবে ছৌদি আৰৱক অভিনন্দন জ্ঞাপন কৰে। ছৌদি আৰৱৰ অধ্যক্ষতাত এই সন্মিলনখনিৰ বিষয়বস্তু আছিল সকলোৰে বাবে ২১ শ শতিকাৰ সুযোগসমূহৰ হৃদয়ংগমযি বিষয়ে চলিত কভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিশেষ তাৎপৰ্য বহন কৰিছে।

অধিক বিৱৰণৰ বাবে

 

জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ

অধিক বিৱৰণৰ বাবে

 

গুজৰাটৰ গান্ধীনগৰস্থিত পণ্ডিত দীনদয়াল পেট্ৰলিয়াম বিশ্ববিদ্যালয়ৰ ৮ম সমাৱৰ্তনত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে গুজৰাটৰ গান্ধীনগৰস্থিত পণ্ডিত দীনদয়াল পেট্ৰলিয়াম বিশ্ববিদ্যালয়ৰ ৮ম সমাৱৰ্তনত অংশগ্ৰহণ কৰে। তেখেতে ৪৫ মেগাৱাট প্ৰডাকশ্যন প্লান্ট অৱ মক্ৰিষ্টেলিন ছলাৰ ফ ভল্টেইক পেনেল আৰু চেন্টাৰ অৱ এক্সেলেন্স অন ৱাটাৰ টেকনলজিৰ আধাৰশিলা স্থাপন কৰে। তেখেতে তদুপৰি বিশ্ববিদ্যালয়খনত ইনভেশ্যন এণ্ড ইনকুবেশ্যন চেন্টাৰ- টেকনলজি বিজনেছ ইনকুবেশ্যন, টেন্সলেশ্যন ৰিচাৰ্ছ চেন্টাৰ আৰু স্পৰ্টছ কমপ্লেক্স উদ্বোধন কৰে। ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, বিশ্বখনে এনে এটা সংকটৰ মুখামুখি হোৱা সময়তে স্নাতক হোৱাটো সহজ কথা নহয়, কিন্তু, প্ৰত্যাহ্বানসমূহতকৈ আপোনালোকৰ সামৰ্থ্য বহুগুণে বেছি। তেখেতে লগতে কয় যে যি সময়ত ছাত্ৰ-ছাত্ৰীসকলে এই উদ্যোগটোত প্ৰৱেশ কৰিছে, সেই সময়তে মহামাৰীৰ বাবে সমগ্ৰ বিশ্বৰ শক্তি খণ্ডতে গুৰু পৰিৱৰ্তন সাধন হৈছে।

অধিক বিৱৰণৰ বাবে

 

পণ্ডিত দীনদয়াল পেট্ৰলিয়াম বিশ্ববিদ্যালয়ৰ ৮ম সমাৱৰ্তনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পাঠ

অধিক বিৱৰণৰ বাবে

 

২০২০ৰ জুনৰপৰা অক্টোবৰলৈকে ১৫ ৰাজ্যত ২৭ ই-লোক আদলত অনুষ্ঠিতৰে ২.৫১ লাখ গোচৰ নিষ্পত্তি

মহামাৰী সৃষ্ট জটিল সময়ছোৱাত, লিগেল ছাৰ্ভিচ অথৰিটিয়ে নিউ নৰ্মেলৰ সৈতে সহবাস কৰে আৰু ভাৰ্চুৱেল প্লেটফৰ্মৰ জৰিয়তে লোক আদালত অনুষ্ঠিত কৰে। ২০২০ৰ জুনৰপৰা অক্টোবৰলৈকে ১৫ ৰাজ্যত ২৭ ই-লোক আদালত অনুষ্ঠিত কৰা হয়। ইয়াত ৪.৮৩ টা গোচৰ গ্ৰহণ কৰা হয় আৰু ২.৫১ লাখ গোচৰ নিষ্পত্তিৰ জৰিয়তে ১৪০৯ কোটি টকা মীমাংসা কৰা হয়। ইয়াৰোপৰি, ২০২০ ৰ নৱেম্বৰত, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু তেলেংগানাত ই-লোক আদালত অনুষ্ঠিত কৰা হয়। ইয়াত এতিয়ালৈকে ১৬,৬৫১ টা গোচৰ গ্ৰহণ কৰা হৈছে আৰু ১২,৬৮৬ টা গোচৰ নিষ্পত্তি কৰাত ১০৭.৪ কোটি টকা নিষ্পত্তি কৰা হৈছে।

অধিক বিৱৰণৰ বাবে

 

ভিড-১৯ৰ সংক্ৰমণেৰে মোকাবিলা কৰিবলৈ লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন প্ৰতিষ্ঠানে সকলো নীতি-নিৰ্দেশনা মানি চলিছে

অধিক বিৱৰণৰ বাবে

 

ভাৰতীয় কৃষিজাত পণ্যৰ প্ৰোৎসাহনৰ অৰ্থে ভাৰ্চুৱেল ক্ৰেতা-বিক্ৰেতা বৈঠক অনুষ্ঠিত কৰিলে এপেডা

অধিক বিৱৰণৰ বাবে

 

 

 

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

  • অৰুণাচল প্ৰদেশঃ যোৱা ২৪ ঘন্টাত অৰুণাচল প্ৰদেশত ২৪ টা নতুন পজিটিভ ঘটনা চিনাক্ত কৰা হৈছে। ৰাজ্যখনত মুঠ সক্ৰিয় পজিটিভ ঘটনাৰ সংখ্যা হৈছে ১,০৪০ টা।
  • অসমঃ অসমত আজি ৯,৯৯৪ টা টেষ্টৰ বিপৰীতে ৮৬ টা ঘটনা চিনাক্ত কৰা হয়। ৰাজ্যখনত পজিটিভিটি হাৰ হৈছে ০.৮৬%ডিচাৰ্জ লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ২,০৭,৩৯৪ জন। মুঠ ঘটনা ২,১১,৫১৩ টা। ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীৰ টুইটযোগে এই তথ্য প্ৰকাশ।
  • নাগালেণ্ডঃ ১০৩ টা নতুন ঘটনাৰে নাগালেণ্ডৰ মুঠ কভিড-১৯ ঘটনাৰ সংখ্যা হৈছে ১০,৭৭৭ টা। ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১,৪০৬ টা।
  • ছিকিমঃ ছিকিমত মুঠ নিশ্চিত ঘটনাৰ সংখ্যা হৈছে ৪,৭২২ টা। শেহতীয়াভাৱে চিনাক্ত হোৱা ঘটনাৰ সংখ্যা হৈছে ৩১ টা।
  • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী উদ্ধৱ থাক্কেৰেয়ে কভিড-১৯ৰ দ্বিতীয়টো ঢৌক ছুনামিৰ সৈতে তুলনা কৰিছে। এই তুলনা কৰি মুখ্যমন্ত্ৰীজনে ৰাইজক কভিড-১৯ৰ বিৰুদ্ধে অব্যাহত ৰখা যুঁজখনক সাধাৰণভাৱে নলবলৈ আহ্বান জনাইছে। তেওঁ জনসাধাৰণক মাস্ক পৰিধান, সামজিক দূৰত্ব বজাই ৰখাকে প্ৰমুখ্য কৰি সকলোবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
  • গুজৰাটঃ যোৱা ২৪ ঘন্টাত আহমেদাবাদত ৮ জন কভিড আক্ৰান্তৰ মৃত্যু হৈছে। যি মৃত্যুৰ ঘটনাৰ পৰিমাণ হৈছে যোৱা পাঁচ মাহৰ ভিতৰতে সৰ্বাধিক। দেওবাৰে ৰাজ্যখনত মুঠ মৃত্যুৰ ঘটনা হৈছে ১৩ টা। আজিৰেপৰা ৰাজ্যখনৰ আহমেদাবাদ, চুৰাট, ভদোদৰা আৰু ৰাজকূটত নিশা ৯ বজাৰপৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন কাৰ্যকৰী কৰা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণীয়ে এই ঘোষণা আগবঢ়াইছে।
  • ৰাজস্থানঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলটে ৰাজ্যখনৰ কভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ এখনি বৈঠকত অংশগ্ৰহণ কৰে। ইয়াত তেওঁ কভিডক প্ৰতিৰোধ কৰিবলৈ সকলোবোৰ নীতি-নিৰ্দেশনা বৰ্তাই ৰখাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। উল্লেখযোগ্য যে শনিবাৰে ৰাজ্যিক কেবিনেটে ৰাজ্যখনৰ আঠখন জিলাত নৈশ সান্ধ্য আইন কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি, জয়পুৰ, যোধপুৰ, কোটা, বিকানেৰ, উদয়পুৰ, আজমেৰ, আলৱাৰ আৰু ভিলৱাৰাত নিশা ৮ বজাৰপৰা পুৱা ৬ বজালৈ সান্ধ্য আইন কাৰ্যকৰী কৰা হৈছে।
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশৰ নতুনকৈ চিনাক্ত হোৱা ঘটনাসমূহৰ ৮৫ শতাংশ নগৰাঞ্চলত আৰু ১৫ শতাংশ গ্ৰামাঞ্চলত। নগৰাঞ্চলত জনসংখ্যাৰ ঘনত্ব বেছি বাবেই অধিক লোক ভাইৰাছটোত আক্ৰান্ত হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে যুৱ-সমাজক কভিডক প্ৰতিহত কৰিবলৈ কাৰ্যকৰী কৰা নীতি-নিৰ্দেশনা উলংঘা নকৰিবলৈ আহ্বান জনাইছে। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুন ঘটনাৰ সংখ্যা হৈছে ১,৭৯৮ টা। ইয়াৰ জৰিয়তে মুঠ ঘটনাৰ সংখ্যা ১.৯৩ লাখলৈ বৃদ্ধি পালে। মধ্য প্ৰদেশত বৰ্তমানে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১১,৭৬৫ টা।
  • চত্তীশগড়ঃ চত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত হোটেলৰ কৰ্মচাৰী আৰু গ্ৰাহকৰ যাদৃচ্ছিক কভিড টেষ্ট কৰা হৈছে। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰাৱল্য নিৰূপণ কৰিবলৈকে এই ব্যৱস্থা হাতত লোৱা হৈছে। ৰাজ্যখনৰ ফল-মূল আৰু শাক-পাচলি বিক্ৰেতাসকলৰ বাবেও একেই পন্থা অৱলম্বন কৰা যাব। এই সন্দৰ্ভত শিৱিৰ অনুষ্ঠিত কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশনা প্ৰদান কৰা হৈছে।
  • গোৱাঃ গোৱাত দেওবাৰে চিনাক্ত হোৱা ঘটনাৰ সংখ্যা হৈছে ৭৮ টা। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ঘটনাৰ সংখ্যা ৪৬,৮২৬ লৈ বৃদ্ধি পায়। একে সময়ছোৱাত দুজন লোকৰ মৃত্যু হোৱাত ৰাজ্যখনত কৰোনাজনিত মৃত্যুৰ সংখ্যা ৬৭৭ লৈ বৃদ্ধি পালে। দেওবাৰে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ১৬৭ জন। ইয়াকে ধৰি মুঠ আৰোগ্য লাভ কৰা ঘটনাৰ সংখ্যা হৈ পৰে ৪৪,৯৭৯ টা। উপকূলৱৰ্তী ৰাজ্যখনত বৰ্তমন সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১,১৭০ টা। দেওবাৰে ১,১৩৯ টা নমুনা পৰীক্ষা সম্পন্ন কৰা হয়।
  • কেৰালাঃ ৰাজ্যখনত মুঠ ঘটনাৰ পৰিমাণ ৪,৯৪,৬৬৪ হৈছেগৈ। দেওবাৰে ইয়াত চিনাক্ত হোৱা ঘটনাৰ সংখ্যা হয় ৫,২৫৪ টা। মৃত্যৰ ঘটনাৰ সংখ্যা ২,০৪৯ লৈ বৃদ্ধি পাইছে।
  • তামিল নাডুঃ তামিল নাডুত শেহতীয়াভাৱে চিনাক্ত হোৱা নতুন ঘটনাৰ সংখ্যা হৈছে ১৬৫৫ টা। ডিচাৰ্জ লাভ কৰিছে ২০১০ জন ৰোগীয়ে আৰু মৃত্যু হৈছে ১৯ জনৰ। ৰাজ্যখনত মুঠ ঘটনাৰ সংখ্যা হৈছে ৭,৬৯,৯৯৫ টা। সক্ৰিয় ঘটনাৰ সংখ্যা ১২,৫৪২ টা। এতিয়ালৈকে ১১,৬০৫ কভিড আক্ৰান্তৰ মৃত্য়ু হৈছে।
  • কৰ্ণাটকঃ ২০২০ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত বিদ্যালয় আৰু প্ৰাক-বিশ্ববিদ্যালয় স্তৰৰ মহাবিদ্যালয়সমূহ পুনৰ মুকলি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্ণাটক চৰকাৰে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পৌৰহিত্যত আজি অনুষ্ঠিত এখন সভাতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
  • অন্ধ্ৰ প্ৰদেশঃ গত ২ নৱেম্বৰৰপৰা অন্ধ্ৰ প্ৰদেশৰ ৯ম আৰু ১০ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ পাছত আজিৰেপৰা ৮ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলকো বিদ্যালয়ত পাঠদান কাৰ্য আৰম্ভ কৰা হৈছে।
  • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত তেলেংগানাত নতুন ঘটনাৰ সংখ্যা ৬০২ টা। আৰোগ্য লাভৰ ঘটনা ১০১৫ টা আৰু মৃত্যুৰ ঘটনা হৈছে ৩ টা। ৰাজ্যখনত মুঠ ঘটনা ২,৬৪,১২৮ টা, সক্ৰিয় ঘটনা ১১,২২৭ টা, মৃত্যুৰ ঘটনা ১৪৩৩ টা, ডিচাৰ্জ লাভ কৰা ৰোগীৰ সংখ্যা ২,৫১,৪৬৮ জন। ইয়াত আৰোগ্য লাভৰ হাৰ হৈছে ৯৫.২০ শতাংশ। যি হাৰ ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰতকৈ বেছি। ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ হৈছে ৯৩.৭ শতাংশ।
  •  

    ফেক্ট চেক

  •  

  •  

  •  

  •  

  •  

  •  

  •  

  •  

  •  

    Image
  •  

    *******

    YB

     



(Release ID: 1675187) Visitor Counter : 126