প্ৰতিৰক্ষা মন্ত্ৰালয়

আন্দামান সাগৰত ত্ৰিপাক্ষিক সামুদ্ৰিক যুদ্ধাভ্যাস ছিটমেক্স-২০

Posted On: 22 NOV 2020 10:14AM by PIB Guwahati

ভাৰতীয় নৌসেনাই স্বদেশী এএছডব্লিউ কোৰ্বেট ‘কামোৰতা’ আৰু মিছাইল কোৰ্বেট ‘কৰমুখ’ৰ জৰিয়তে ২১-২২ নৱেম্বৰ, ২০২০ত আন্দামান সাগৰত ভাৰত, ছিংগাপুৰ আৰু থাইলেণ্ডৰ মাজত অনুষ্ঠিত ছিটমেক্স-২০ৰ দ্বিতীয় পৰ্যায়ৰ যুদ্ধাভ্যাসত অংশগ্ৰহণ কৰিছে৷

ভাৰতীয় নৌসেনাৰ দ্বাৰা আয়োজিত ছিটমেক্সৰ প্ৰথম পৰ্যায়ৰ যুদ্ধাভ্যাস ২০১৯ৰ ছেপ্টেম্বৰত প’ৰ্টব্লেয়াৰ সমীপৰ সাগৰত কৰা হৈছিল৷ ছিটমেক্স শৃংখলাৰ এই অনুশীলনে ভাৰতীয় নৌসেনা, ৰিপাব্লিক অফ ছিংগাপুৰ নেভী(আৰএছএন) আৰু ৰয়েল থাই নেভী(আৰটিএন)ৰ মাজত পাৰস্পৰিক শ্ৰেষ্ঠ সহযোগ আৰু আভ্যন্তৰীণ সঞ্চাৱক ক্ষমতাৰ বিকাশৰ বাবে আয়োজন কৰা হয়৷ ২০২০ৰ এই সংস্কৰণত আয়োজন আৰএছএনে কৰিছে৷ 

অনুশীলনত আৰএছএনে তেওঁলোকৰ ‘দুৰ্জেয়’ শ্ৰেণীৰ ফ্ৰিগেট ‘ইণ্টাৰপিড’ আৰ ‘এন্ডিউৰেন্স’ শ্ৰেণীৰ টেংক লেণ্ডিং জাহাজ ‘এণ্ডেভৰ’ তথা আৰটিএনৰ ফালৰ পৰা চাও ফ্ৰায়া শ্ৰেণীৰ ফ্ৰিগেট ‘কাৰাবুৰী’য়ে অংশগ্ৰহণ কৰিছে৷

এই অনুশীলন ক’ভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি কোনো সম্পৰ্ক অবিহনে, কেৱল সাগৰত আয়োজন কৰা হৈছে৷ ইয়াৰ লক্ষ্য হৈছে তিনিওখন মিত্ৰ দেশ আৰু শান্তিপূৰ্ণ চুবুৰীয়া দেশৰ মাজত শান্তিপূৰ্ণ সমন্বয়, সহযোগিতা আৰু বুজাবুজিৰ উন্নয়ন সাধন কৰা৷ দুদিনীয়া এই শান্তিপূৰ্ণ কাৰ্যসূচীত তিনিও নৌসেনাই বিভিন্ন ধৰণৰ যুদ্ধাভ্যাস যেনে-নৌসেনাৰ কচৰত, জাহাজৰ পৰা ভু-পূষ্ঠলৈ অস্ত্ৰৰ দ্বাৰা ফায়াৰিং ইত্যাদিৰ অনুশীলন কৰিছে৷

এই মিত্ৰ দেশৰ নৌসেনাৰ মাজত আভ্যন্তৰীণ পৰিচালনাগত সংস্কাৰ সাধনৰ উপৰি ছিটমেক্স শৃংখলাৰ অভ্যাসৰ উদ্দেশ্য কেৱল পাৰস্পৰিক বিশ্বাস সুদৃঢ় কৰাই নহয়, বৰঞ্চ অঞ্চলটোত শান্তিপূৰ্ণ সুৰক্ষা বৃদ্ধিৰ বাবে পাৰস্পৰিক বুজাবুজি আৰু প্ৰক্ৰিয়াসমূহৰ বিকাশ সুদৃঢ় কৰা৷

****

ABBB/VM/MS/DB



(Release ID: 1675006) Visitor Counter : 155