কৃষি মন্ত্ৰালয়

‘ক্ষুদ্ৰ-জলসিঞ্চন পুঁজি’(এমআইএফ)ৰ পৰা ‘ছাব-ভেণ্টেড ঋণ’ৰ সুদ মুকলিৰ দিহা

प्रविष्टि तिथि: 20 NOV 2020 11:46AM by PIB Guwahati

নাবাৰ্ডৰ সৈতে ৫০০০ কোটি টকাৰে গঠন কৰা ক্ষুদ্ৰ-জলসিঞ্চন পুঁজি(এমআইএফ)ৰ কাম-কাজ ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা  আৰম্ভ কৰা হৈছে। এই পুঁজিৰ জৰিয়তে ক্ষুদ্ৰ-জলসিঞ্চনৰ পৰিসৰ সম্প্ৰসাৰিত কৰিব পৰাকৈ ৰাজ্যসমূহক ছাবভেণ্টেড ঋণৰ বিপৰীতে সুদ লাভৰ সুযোগ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ক্ষুদ্ৰ জলসিঞ্চনৰ বাবে বিশেষ প্ৰকল্প গ্ৰহণ কৰা অথবা কোনো উদ্ভাৱনশীল প্ৰকল্পৰে প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি যোজনা-প্ৰতি টোপালত অধিক শস্য আঁচনিৰ বাহিৰত ৰৈ যোৱা ক্ষেত্ৰত ক্ষুদ্ৰ জলসিঞ্চনৰ পৰিসৰ সম্প্ৰসাৰিত কৰাৰ বাবে কৃষক ৰাইজক উত্সাহিত কৰাৰ বাবেও এই পুঁজিয়ে সহযোগিতা আগবঢ়াব।

এমআইএফ-ৰ পৰিচালনা সমিতিয়ে বিভিন্ন প্ৰকল্পৰ বাবে ৩৯৭১.৩১ কোটি টকাৰ ঋণৰ অনুমোদন জনাইছে। ইয়াৰ ভিতৰত আছে গুজৰাটৰ বাবে অনুমোদন জনোৱা ৭৬৪.১৩ কোটি, তামিলনাডুৰ বাবে ১৩৫৭.৯৩ কোটি, অন্ধ্ৰ প্ৰদেশৰ বাবে ৬১৬.১৩ কোটি, পশ্চিম বংগৰ বাবে ২৭৬.৫৫ কোটি, হাৰিয়াণাৰ বাবে ৭৯০.৯৪ কোটি, পাঞ্জাৱৰ বাবে ১৫০.০০ কোটি আৰু উত্তৰাখণ্ডৰ বাবে ১৫.৬৩ কোটি টকা।

শেহতীয়া ভাবে নাবৰ্ডে হাৰিয়াণা, তামিল নাডু আৰু গুজৰাটৰ বাবে ৬৫৯.৭০ কোটি টকা মোকলাই দিছে। ইয়াকে ধৰি বেংকটোৱে এই পৰ্যন্ত মোকলাই দিয়া ধনৰ পৰিমাণ হলগৈ ১৭৫৪.৬০ কোটি টকা। ইয়াৰে ৬১৬.১৩ কোটি টকা অন্ধ্ৰ প্ৰদেশলৈ, ৯৩৭.৪৭ কোটি টকা তামিল নাডুলৈ, ২১.৫৭ কোটি টকা হাৰিয়াণালৈ আৰু ১৭৯.৪৩ কোটি টকা গুজৰাটলৈ ইতিমধ্যে মোকলাই দিছিল বেংকটোৱে।

 

***

APS/KB


(रिलीज़ आईडी: 1674634) आगंतुक पटल : 220
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Punjabi , Tamil , Telugu , Kannada