ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

কভিড-১৯ৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ এমএছএমই মন্ত্ৰালয়ৰ প্ৰযুক্তি আধাৰিত উদ্যোগ আৰু কাৰ্যক্ৰম প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইন ইণ্ডিয়াৰ আহ্বানৰ প্ৰতি সাৰ্থক সঁহাৰি

এই পদক্ষেপৰ ফলত হেণ্ড ছেনিটেজাৰসহ চিকিৎসা সামগ্ৰীৰ ব্যয় হ্ৰাস হয়;

ইয়াৰ ফলত আমদানি হ্ৰাস হয় আৰু কেইবাটাও কভিড সম্পৰ্কীয় চিকিৎসা সামগ্ৰী আৰু সহায়কৰ ৰপ্তানি সম্ভৱ কৰে

Posted On: 19 NOV 2020 12:08PM by PIB Guwahati

কেন্দ্রীয় অতিক্ষুদ্র, ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ মন্ত্রালয়ে কভিড-১৯ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ বাবে প্রযুক্তি-ভিত্তিক একাধিক উদ্যোগ আৰু প্রয়াস গ্রহণ কৰিছে। এই প্রয়াস সমূহৰ ফলত প্রধানমন্ত্রীৰ আত্মনির্ভৰ ভাৰত গঢ়া আৰু মেক ইন ইণ্ডিয়া কর্মসূচিত ইতিবাচক গতি লাভ হৈছেমন্ত্রালয়ৰ এই উদ্যোগৰ ফলত দেশত বৰ্তমান কেৱল পর্যাপ্ত পৰিমাণে হেণ্ড ছেনিটাইজাৰৰ ডিচপেনচাৰ্চ বটলেই উৎপাদিত হোৱা নাই, ইয়াৰ লগতে আভ্যন্তৰীণ চাহিদা পূৰণৰ উপৰি ৰপ্তানিও কৰাও হৈছেমন্ত্রালয়ৰ এই প্রয়াসে হেণ্ড ছেনিটাইজাৰ সামগ্রী (তৰল / জেল) উৎপাদনত ভাৰতক আত্মনির্ভৰ কৰি তুলিছে। একেদৰে, মাস্ক, ফেচ-শ্বিল্ড, পিপিই কিট, ছেনিটাইজাৰ বক্স আৰু নমুনা পৰীক্ষাৰ বিভিন্ন উপকৰণ উৎপাদনত বৃহৎ ভূমিকা গ্ৰহণ কৰিছে

 

ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগ মন্ত্রী শ্রী নীতিন গাডকাৰীয়ে এই সাফল্যৰ বাবে সংশ্লিষ্ট সকলোকে অভিনন্দন জনায়কভিড-১৯ৰ সময়ত হেণ্ড ছেনিটাইজাৰ আৰু বটলৰ চাহিদা অভাৱনীয়ভাৱে বৃদ্ধি পাইছেসেই অনুসৰি, ডিচপেনচাৰ্চ বটল যিসমূহ হাতৰে পাম্প দি বাহিৰ কৰিবলগীয়া হয়, সেইসমূহৰ চাহিদা দৈনিক কেইবাগুণ বৃদ্ধি হৈ ৫০ লাখ হৈছেকভিড-পূর্বৱর্তী সময়ত হেণ্ড ছেনিটাইজাৰৰ এই ধৰণৰ ডিচপেনচাৰ্চ বটলৰ চাহিদা আছিল দৈনিক প্রায় ৫ লাখসেই সময়ত অতিৰিক্ত এই চাহিদা পূৰণ কৰিবলৈ বিদেশৰ পৰা হেণ্ড ছেনিটাইজাৰ আমদানি কৰিবলগীয়া হৈছিল। কিন্তু, আমদানি সামগ্রী সৰবৰাহ শৃংখল বিঘ্নিত হোৱাৰ ফলত ইয়াৰ দাম বটলে প্রতি ৩০ টকা বৃদ্ধি হয়ইয়াৰ পৰিপ্রেক্ষিতত ভাৰতৰ বজাৰ ছেনিটাইজাৰৰ দাম বৃদ্ধি হয়সেই ধৰণৰ ডিচপেনচাৰ্চ বটলত হেণ্ড ছেনিটাইজাৰ দেশীয় পদ্ধতিতেই উৎপাদিত হৈছেস্প্রে কৰা বটল, জেল ভর্তি বটল আৰু তৰল বা লিকুইড বটলত হেণ্ড ছেনিটাইজাৰ পোৱা গৈছে

 

ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ ক্ষেত্রত সমস্যাৰ বিষয়টি উপলব্ধি কৰি বিভাগীয় সচিব, সংশ্লিষ্ট সকলো পক্ষ আৰু মন্ত্রালয়ৰ বিষয়াসকলৰ সৈতে যোৱা মে মাহৰ পৰা একাধিক বৈঠক সম্পন্ন হৈছেবৈঠকসমূহত উদ্যোগ সংস্থাৰ প্রতিনিধিসকলৰ লগতে প্লাস্টিক উৎপাদন এছচিয়েশ্যনকো জড়িত কৰা হৈছে যাতে হেণ্ড ছেনিটাইজাৰৰ বাবে ডিচপেনচাৰ্চ বটলৰ অভাৱ নঘটেমন্ত্রালয়ে প্রযুক্তিগত প্রয়োগ আৰু বৃদ্ধি কৰিবলৈ একাধিক পদক্ষেপ গ্ৰহণ কৰিছেএই সকলো পদক্ষেপৰ ভিতৰত আছে টেকনলজি চেণ্টাৰসমূহত ডিচপেনচাৰ্চ বটল উৎপাদনৰ প্রয়োজনীয় সকলোধৰণৰ মডিউল, যাৰ সহায়ত হাতেৰে পাম্প কৰিলেই বটলৰ পৰা ছেনিটাইজাৰ ওলাই অহা ধৰণৰ কাৰিকৰী দিশ উদ্ভাৱন। ইয়াৰ বাবে টেকনলজি চেণ্টাৰসমূহত নতুন যন্ত্রসামগ্রী সংগ্রহৰ বাবে ২৬ কোটি টকা খৰচ কৰা হৈছে।

 

মন্ত্রালয়ৰ এই উদ্যোগৰ ফলত দেশত আজি পর্যাপ্ত মাত্ৰাত ডিচপেনচাৰ্চ বটল উৎপাদন সম্ভৱ হৈছেদৈনিক ভিত্তিত প্রায় ৪০ লাখ এইধৰণৰ বটল তৈয়াৰ হৈছেইয়াৰ ফলত প্রত্যেক বটলৰ দাম এপ্রিল-মে মাহৰ সময়ছোৱাতকৈ প্রায় ৩০ টকাৰ পৰা হ্ৰাস পাই ৫.৫০ টকা হৈছে।

 

পূৰ্বে দেশত ছেনিটাইজাৰৰ বিপুল চাহিদা থকাত ৰপ্তানিত নিষেধাজ্ঞা জাৰি কৰা হৈছিল। এতিয়া এই নিষেধাজ্ঞা প্রত্যাহাৰৰ ফলত অধিক সংখ্যা হেণ্ড ছেনিটাইজাৰ ৰপ্তানি কৰা হৈছে কভিড-১৯ সংক্রমণৰ পৰিপ্রেক্ষিতত দেশীয় বজাৰত হেণ্ড ছেনিটাইজাৰৰ চাহিদা অপ্রত্যাশিতভাৱে বৃদ্ধি পাইছেইয়াৰ ফলত খুচৰা বজাৰত  ছেনিটাইজাৰৰ দাম বৃদ্ধি পায়আনকি, বিপুল চাহিদাৰ হ্ৰাস পোৱাও দেখা গৈছেএই পৰিপ্রেক্ষিতত কেন্দ্রীয় চৰকাৰে চেনিটাইজাৰ উৎপাদনৰ ক্ষেত্রত লাইচেন্স নীতি আৰু শিথিল কৰিছেেনিকল, ডিষ্টিলাৰী আৰু এফএমচিজি-সমূহক চেনিটাইজাৰ উৎপাদনৰ বাবে উৎসাহিত কৰা হয়।

 

মন্ত্রালয়ৰ কনৌজত যি প্রযুক্তি কেন্দ্র আছে উক্ত ফ্রেগনেন্স এণ্ড ফ্লেভাৰ ডেভেলপমেন্ট চেণ্টাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মান অনুযায়ী বিভিন্ন চৰকাৰী সংস্থাক ৯০ হাজাৰৰ অধিক হটল আৰু ৪০০টা কেন ভর্তি হেণ্ড ছেনিটাইজাৰ সৰবৰাহ কৰিছে। বর্তমান ছেনিটাইজাৰ সামগ্রীৰ পর্যাপ্ত যোগান আছে।

 

*********

RCJ/SS/IA/KG



(Release ID: 1674263) Visitor Counter : 186