বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
থেলাছেমিয়া, ডিউকান্নে মাস্কুলাৰ ডিছট্ৰফি আৰু হেমোফিলিয়াৰ বাবে নতুন জেনেৰিক পদ্ধতিৰ চিকিৎসা উদ্ভাৱন কৰিলে স্বৰ্ণজয়ন্তী ফেলোৱে
प्रविष्टि तिथि:
18 NOV 2020 2:03PM by PIB Guwahati
দুকান্নে মাস্কুলাৰ ডিছট্ৰফি হৈছে এনে এক ৰোগ, যাৰ বাবে খুব কম বয়সতে মাংসপেশী অধিক দুৰ্বল হৈ পৰে আৰু এই অসুখত আক্ৰান্ত হোৱা লোকসকলৰ স্বাস্থ্যৰ অৱনতি ক্ষীপ্ৰ হয়।
ডিউকান্নে মাস্কুলাৰ ডিছট্ৰফিৰ কাৰ্যকৰী কোনো চিকিৎসা এতিয়াও আৱিস্কাৰ হোৱা নাই। জীৱনশৈলী উন্নয়নৰ যোগেদিয়েই ইয়াক নিয়ন্ত্ৰণ কৰা সম্ভৱ।
বেঙ্গালুৰুৰ ইণ্ডিয়ান ইন্সটিটিউট অৱ ছায়েন্স (আইআইএছচি)-ৰ সহকাৰী অধ্যাপক প্ৰফেচৰ শ্ৰী সন্দীপ ঈশ্বৰাপ্পাই এই বছৰৰ কেন্দ্ৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ স্বৰ্ণজয়ন্তী ফেলোশ্বিপ লাভ কৰিছে। তেওঁ এই অসুখৰ নিৰাময়ৰ বাবে গৱেষণা চলাইছে। শৰীৰৰ পৰা ‘কোডন’ শীঘ্ৰে নামি গ’লে জিনগত কাৰণতে এই অসুখ দেখা যায়। অধ্যাপক ঈশ্বৰাপ্পাই জিন ৰেগুলেশ্যনৰ মাধ্যমেৰে এই অসুখ নিৰাময়ৰ চেষ্টা চলাইছে।
তেওঁৰ নেতৃত্বত গৱেষকৰ এটা দলে ডিএনএৰ ভিতৰত পৰিৱৰ্তন ঘটাইছে, যাৰ ফলত নিৰ্দিষ্ট এক প্ৰ’টিনৰ উপাদান হ্ৰাস পাব। গৱেষকসকলে এই একেই চিকিৎসা পদ্ধতি ব্যৱহাৰ কৰি থেলাছেমিয়াসহ অন্যান্য অসুখৰ ক্ষেত্ৰতো নিৰাময়ৰ বাবে উদ্যোগী হৈছে। ডিউকান্নে মাস্কুলাৰ ডিছট্ৰফিৰ বাবে যি থেৰাপীটো ব্যৱহাৰ কৰা হৈছে সেইটো হেমোফিলিয়া চিকিৎসাতো প্ৰয়োগ কৰি সাফল্য পোৱা গৈছে।

জিনত থকা যিকোনো প্ৰ’টিন প্ৰস্তুত হ’লে সেইটো এমআৰএনএ-ত পৰিণত হয়, যিটো পৰৱৰ্তীসময়ত পূৰ্ণ প্ৰ’টিনৰ ৰূপ লাভ কৰে। মেক্ৰো মলিকিউলাৰ পদ্ধতিত যি প্ৰ’টিনৰ সংশ্লেষন হয় তাকেই ৰাইবোজোম বুলি কোৱা হয়। ৰাইবোজোম এমআৰএনএৰ ওপৰত এক নিৰ্দিষ্ট স্থানৰ পৰা এই প্ৰক্ৰিয়াটো আৰম্ভ কৰা হয় যাক কোডন আৰম্ভ হোৱা বুলি চিনাক্ত কৰা হয়। আৰু এই পদ্ধতি শেষ হোৱাৰ সময়ত স্নায়ুৰ মাধ্যমেৰে যি বাৰ্তা প্ৰেৰণ কৰা হয় তাক কোডন শেষ হোৱা বুলে চিহ্নিত কৰা হয়। এই ধৰণৰ অসুখৰ ক্ষেত্ৰত সংশ্লিষ্ট প্ৰক্ৰিয়াটোৱে যেতিয়া স্নায়ুৰ মাধ্যমেৰে বাৰ্তা প্ৰেৰণ কৰে তেতিয়া সেই প্ৰ’টিনৰ কাম ব্যাহত হয়।
অধ্যাপক ঈশ্বৰাপ্পাই দেখুৱাইছে যে নিৰ্দিষ্ট কিছু এমআৰএনএ কোনো কোনো ক্ষেত্ৰত ৰাইবোজোমৰ গঠনক ভুল বুজি বাৰ্তা প্ৰেৰণ কৰাটো বন্ধ কৰে। এনেদৰে এই অসুখৰ সূত্ৰপাত হয়। তেওঁলোকে এই সমস্যাৰ সমাধানৰ বাবে এক দীৰ্ঘম্য়াদী প্ৰ’টিন সংশ্লেষণৰ প্ৰক্ৰিয়া উদ্ভাৱন কৰে। যাৰ ফলত এই অসুখ নিৰাময় কৰা সম্ভৱ হ’ব পাৰে।
[প্ৰকাশন লিংক - DOI: 10.1021/acs.biochem.9b00761
সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক – অধ্যাপক সন্দীপ ঈশ্বৰাপ্পা (sandeep[at]iisc[dot]ac[dot]in).]
*****
NB/KGS/(DST Media Cell)/RD
(रिलीज़ आईडी: 1673915)
आगंतुक पटल : 164