প্ৰতিৰক্ষা মন্ত্ৰালয়

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে এনচিচিৰ এমহীয়া সংবিধান দিৱস য়ুথ ক্লাব অভিযানৰ শুভাৰম্ভ কৰে, যুৱক-যুৱতীক সাংবিধানিক অধিকাৰ আৰু কৰ্তব্য সন্দৰ্ভত সজাগতাৰ প্ৰচাৰ কৰিবলৈ আহ্বান

प्रविष्टि तिथि: 18 NOV 2020 4:50PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে নেচনেল কেডেট ক'ৰ (এনচিচি)ৰ দ্বাৰা আয়োজিত এমাহৰ ৰাষ্ট্ৰজোৰা সংবিধান দিৱস য়ুথ ক্লাব গতিবিধি কাৰ্যক্ৰম নতুন দিল্লীৰ পৰা ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত শুভাৰম্ভ কৰে। এই কাৰ্যক্ৰমৰ উদ্দেশ্য দেশব্যাপি মানুহৰ মাজত ভাৰতীয় সংবিধানৰ বিষয়ে সজাগতা সৃষ্টি কৰিবৰ বাবে যুৱক-যুৱতীসকলক সক্ৰিয় কৰা।

 

নিজৰ উদ্বোধনী ভাষণত প্ৰতিৰক্ষা মন্ত্ৰীয়ে দেশৰ যুৱক-যুৱতীসকলক সংবিধানৰ মূল ভাবনাক বুজিবলৈ আৰু তাৰ আদৰ্শৰাজি আহৰণ কৰিবলৈ নিষ্ঠাসহকাৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে কেইবাবছৰৰ গম্ভীৰ চৰ্চা আৰু সংবাদৰ পিছত আমাৰ সংবিধান প্ৰস্তুত হৈছে। আমাৰ সংবিধানৰ প্ৰস্তাৱনা ''আমি''ৰে আৰম্ভ হৈছে আৰু এনেদৰে এই কথা আমাৰ সকলোৰে ওপৰত নিৰ্ভৰ কৰে যে কেনেকৈ আমি নিজৰ দেশ আৰু নিজৰ ব্যৱস্থাক আগবঢ়াই নিব পাৰো। তেওঁ কয় যে আমি মানুহক সংবিধানত সুনিশ্চিত তেওঁলোকৰ অধিকাৰ সন্দৰ্ভত সজাগ কৰাৰ প্ৰয়োজন আছে কিন্তু লগতে তেওঁলোকক তেওঁলোকৰ কৰ্তব্যৰ বিষয়েও অৱগত কৰা দৰকাৰ। কিয়নো অধিকাৰ আৰু কৰ্তব্য এটা আনটোৰ সৈতে সাঙোৰ খাই আছে। শ্ৰী সিঙে কয় যে নিজৰ অধিকাৰৰ ব্যৱহাৰৰ পূৰ্বে এই কথা জৰুৰী যে আমি নিজৰ কৰ্তব্য পালন কৰা। তেওঁ কয় যে এই অভিযানৰ মাধ্যমত মানুহক এই কথা জনাব লাগে যে সংবিধান অনুশাসন, বৈচিত্ৰ্যৰ মাজত একতা, স্বতন্ত্ৰতা, সমানতা, সাৰ্বভৌমত্ব আৰু সামাজিক একতাৰ আধাৰিত মূল্যৰ মাধ্যমত তেওঁলোকৰ জীৱনক নিৰ্দেশিত কৰে। প্ৰতিৰক্ষা মন্ত্ৰীজনে কয় যে নিউ ইণ্ডিয়াৰ নিৰ্মাণৰ বাবে ই আৱশ্যকীয়। তেওঁ কয় যে মহাত্মা গান্ধী, স্বামী বিবেকানন্দ, ড৹ বি আৰ আম্বেদকাৰ আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ দৰে মহান নেতাৰ দ্বাৰা প্ৰেৰিত হৈ আমি কৃতসংকল্পিত  হৈ সংবিধানৰ আদৰ্শ অনুসৰণ কৰা দৰকাৰ।

 

কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ প্ৰভাৰ) শ্ৰী কিৰেণ ৰিজিজুৱেও এই উপলক্ষে মন্তব্য প্ৰকাশ কৰে। ১৮ নবেম্বৰৰ পৰা ১৩ ডিচেম্বৰ, ২০২০লৈকে এমাহৰ এই অভিযান দেশজুৰি নেচনেল কেডেট ক'ৰ (এনচিচি), ৰাষ্ট্ৰীয় সেৱা যোজনা (এনএছএছ), নেহৰু যুৱ কেন্দ্ৰ সংগঠন (এনৱাইকেএছ), দ্য ভাৰত স্কাউট্ছ এণ্ড গাইড্ছ, হিন্দুস্তান স্কাউট্ছ এণ্ড গাইড্ছ এছ'চিয়েচন আৰু ৰেডক্ৰছৰ দৰে দেশৰ যুৱ সংগঠনৰ দ্বাৰা সঞ্চালিত কৰা হ'ব।

 

অভিযানৰ মুখ্য উদ্দেশ্য জনসাধাৰণৰ মাজত সংবিধানৰ মূল সিদ্ধান্ত আৰু ভাবনাৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা। তেওঁলোকক ভাৰতৰ সংবিধানত স্থাপিত মূল কৰ্তব্য, দায়িত্ব আৰু উপাদক নাগৰিকৰ গুণসমূহ, ভাৰতৰ সংবিধানৰ মহত্বৰ বিষয়ে কোৱা তথা সমতা আৰু সকাৰাত্মক কাৰ্যৰ ওপৰত ড৹ বি আৰ আম্বেদকাৰৰ বাৰ্তাৰ প্ৰচাৰ প্ৰসাৰ কৰা।

 

২২ৰ পৰা ২৪ নবেম্বৰ, ২০২০লৈকে স্বয়ংসেৱী যুৱক-যুৱতীৰ দ্বাৰা দেশব্যাপি ৰক্তদান শিবিৰৰ আয়োজন কৰা হ'ব। অভিযানৰ সময়ত যুৱক-যুৱতীসকলে ছ'চিয়েল মিডিয়াত হেজটেগ# ইট্ছ মাই ডিউটী (ন্যায় বিভাগ) আৰু # মেৰাকৰ্তব্য (এনচিচি টুইটাৰ হেণ্ডেল)ৰ জৰিয়তে মানুহক সংযুক্ত কৰিব। ই-মেইল, মেছেজ আৰু বেনাৰৰ মাধ্যমতো সজাগতা বিয়পোৱা হ'ব। অভিযানত প্ৰকৃতিৰ প্ৰতি নাগৰিকৰ দায়িত্বক উসাহিত কৰাৰ উদ্দেশ্যে সজাগতা কাৰ্যক্ৰমৰ সৈতে ঘৰ তথা আশ-পাশত এসপ্তাহৰ চাফাই অভিযানো অন্তৰ্ভুক্ত থাকিব।

 

প্ৰতিৰক্ষা সচিব ড৹ অজয় কুমাৰ, যুৱ কল্যাণ সচিব সুশ্ৰী উষা শৰ্মা আৰু এনচিচিৰ মহানিৰ্দেশক লেঃ জেনেৰেল ৰাজীৱ চোপ্ৰায়ো ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ভাষণ দিয়ে।

 

*****

 

ABB/Nampi/KA/Rajib


(रिलीज़ आईडी: 1673914) आगंतुक पटल : 206
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Tamil , Telugu