অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

কালাবুৰাগিৰ পৰা হিন্দনলৈ প্ৰথমখন পোনপটীয়া বিমানৰ ফ্লেগ অফ

এই পৰ্যন্ত উড়ানৰ অধীনত ২৯৫টা পথ আৰু ৫৩টা বিমানবন্দৰ কাৰ্যকৰী কৰা হৈছে

Posted On: 18 NOV 2020 1:46PM by PIB Guwahati

কৰ্ণাটকৰ কালাবুৰাগিৰ পৰা উত্তৰ প্ৰদেশৰ হিন্দন বিমানবন্দৰলৈ আৰচিএছ-উড়ানৰ অধীনত প্ৰথমখন পোনপটীয়া বিমানৰ ফ্লেগ অফ কৰা হৈছে৷ বিমানৰ ফ্লেগ অফ অনুষ্ঠানত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় তথা ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বিষয়াসকল উপস্থিত আছিল৷ আজিৰ তাৰিখ পৰ্যন্ত উড়ানৰ অধীনত ২৯৫টা পথ, ৫৩টা বিমানবন্দৰ, ৫ টা হেলিপ’ৰ্ট আৰু ২টা ৱাটাৰ এৰ’ড্ৰম কাৰ্যকৰী কৰা হৈছে৷

সংস্কৃতিৰ কেন্দ্ৰবিন্দু হিচাপে পৰিচিত কালাবুৰাগি ইয়াত থকা বৌদ্ধ বিহাৰ, শৰণ বাসৱেশ্বৰ মন্দিৰ, খোৱাজা বান্দা নৱাজ দৰগাহ আৰু গুলবাৰ্গা দুৰ্গৰ বাবে পৰ্যটকৰ এক প্ৰধান লক্ষ্য স্থান হৈ পৰিছে৷

মুকলি হোৱা এই নতুন পথটোৰ জৰিয়তে বিজাপুৰ, চোলাপুৰ, বিদাৰ, ওচমানবাদ, লাটুৰ, য়াদগিৰ, ৰংগা ৰেড্ডি, মেডক আদি স্থানসমূহৰ লোকসমূহ উপকৃত হ’ব৷

বিমানৰ সূচী তলত উল্লেখ কৰা হৈছেঃ

 

মূল স্থান

লক্ষ্য স্থান

গমন

আগমন

বিমানৰ প্ৰকাৰ

সময়

কালাবুৰাগি

হিন্দন (নতুন দিল্লী)

১০:২০

১২:৪০

নন ষ্টপ

মঙল, বুধ, শনি

হিন্দন (নতুন দিল্লী)

কালাবুৰাগি

১৩:১০

১৫:৩০

নন ষ্টপ

মঙল, বুধ, শনি

 

****

RJ/NG/MANN



(Release ID: 1673906) Visitor Counter : 123