শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

ইপিএছ পেঞ্চনাৰসকলৰদ্বাৰা ডিজিটেল লাইফ চাৰ্টিফিকেট দাখিলৰ অৰ্থে বহু বিকল্পৰ ব্যৱস্থা ইপিএফঅ’ৰ

Posted On: 16 NOV 2020 3:47PM by PIB Guwahati

পেঞ্চন লাভ কৰি থাকিবলৈ এমপ্লয়িজ পেঞ্চন আঁচনি ১৯৯৫ (EPS’95) ৰ সকলো পেঞ্চনাৰে প্ৰতি বছৰে জীৱন প্ৰমাণ পত্ৰ (JPP)/ ডিজিটেল লাইফ চাৰ্টিফিকেট (DLC) দাখিল কৰাটো প্ৰয়োজনীয়। ’ভিড-১৯ মহামাৰীৰ সাম্প্ৰতিক পৰিস্থিতিত, এমপ্লয়িজ প্ৰভিডেন্ট ফাণ্ড অৰ্গেনাইজেশ্যন (EPFO) এ ইপিএছ পেঞ্চনাৰসকলৰ অৰ্থে তেওঁলোকৰ ডিএলচি দাখিল কৰিবলৈ বহু বিকল্পৰ ব্যৱস্থা কৰিছে, যি ব্যৱস্থাৰে তেওঁলোকে তেওঁলোকৰ ঘৰৰ সমীপতেই বা তেওঁলোকৰ ঘৰৰ দুৱাৰদলিতে সুবিধা লাভ কৰিব। এই সকলোবোৰ ধৰণ/সংস্থাৰ জৰিয়তে দাখিল কৰা জেপিপিক সমানেই বৈধ বুলি বিবেচনা কৰা হ’ব।

ইপিএফঅ’ৰ ১৩৫ আঞ্চলিক কাৰ্যালয় আৰু ১১৭ জিলা কাৰ্যালয়ৰ ওপৰিও, ইপিএছ পেঞ্চনাৰসকলে এতিয়া ডিএলচি পেঞ্চন গ্ৰহণ কৰা বেংকৰ শাখা আৰু সমীপৱৰ্তী ডাকঘৰতো দাখিল কৰিব পাৰিব। ইয়াৰোপৰি ৩.৬৫ লাখৰো অধিক কমন ছাৰ্ভিচ চেন্টাৰ (CSC)ৰ ৰাষ্ট্ৰ-জোৰা নেটৱৰ্কটো ডিএলচি দাখিল কৰিব পৰা যাব। তদুপৰি, ইপিএছ পেঞ্চনাৰসকলে উমাং এপটো ব্যৱহাৰ কৰিও ডিএলচি দাখিল কৰিব পাৰিব।

শেহতীয়াকৈ, পেঞ্চনাৰসকলৰ বাবে ইণ্ডিয়া প’ষ্ট পেমেন্ট বেংক (IPPB)এ ড’ৰষ্টেপ জিজিটেল লাইফ চাৰ্টিফিকেট (DLC) সেৱা আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে এতিয়া ইপিএছ পেঞ্চনাৰসকলে ন্যূনতম মাচুল প্ৰদান কৰি দুৱাৰদলিতে ডিএলচি সেৱা লাভৰ অৰ্থে অনলাইন ৰিকুৱেষ্ট দাখিল কৰিব পাৰিব। সমীপৱৰ্তী ডাক ঘৰৰ এজন ডাকোৱাল পেঞ্চনাৰৰ ঘৰলৈ যাব আৰু পেঞ্চনাৰৰ ঘৰত মাত্ৰ ডিএলচি যুগুত প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব।

শেহতীয়া নীতি-নিৰ্দেশনা অনুসৰি, ইপিএছ পেঞ্চনাৰসকলে তেওঁলোকৰ সুবিধা অনুসৰি বছৰটোৰ যিকোনো সময়তে ডিএলচি দাখিল কৰিব পাৰিব। ডিএলচি দাখিলৰ তাৰিখৰপৰা এবছৰৰ বাবে এই লাইফ চাৰ্টিফিকেটখনি বৈধ হ’ব। ২০২০ত যিসকল পেঞ্চনাৰক পেঞ্চন পেমেন্ট অৰ্ডাৰ (PPO) জাৰি কৰা হৈছে, তেওঁলোকে এবছৰ সম্পূৰ্ণ নোহোৱালৈকে জেপিপি আপল’ড কৰাৰ আৱশ্যকতা নাই। পূৰ্বে, সকলো ইপিএছ পেঞ্চনাৰে নৱেম্বৰ মাহত ডিএলচি দাখিল কৰাটো আৱশ্যকীয় আছিল। ইয়াৰ বাবে ডিজিটেল লাইফ চাৰ্টিফিকেট দাখিল কৰিবলৈ ইয়াৰ যুগুতৰ বাবে শাৰী পাতিবলগীয়া তথা লৰা-লৰি কৰিবলগীয়া হোৱাত পেঞ্চনাৰসকলে সমস্যাৰ সন্মুখীন হৈছিল। ইপিএছ পেঞ্চনাৰসকললৈ অসুবিধাবিহীন বিনামূলীয়া সামাজিক সুৰক্ষা আগবঢ়াবলৈ এই পেঞ্চনাৰ-অনুকূল পদক্ষেপ গ্ৰহণ কৰা হৈছে।

উল্লেখযোগ্য যে জ্যেষ্ঠ নাগৰিকসকল ক’ৰোনা ভাইৰাছৰদ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। ’ভিড-১৯ মহামাৰীৰ জটিল সময়ছোৱাত, সময়মতে পেঞ্চন মুকলি আৰু দুৱাৰদলিতে সেৱাৰ জৰিয়তে ইপিএফঅ’য়ে ইয়াৰ পেঞ্চনাৰসকলৰ কাষত থিয় দিয়ে। এই ব্যৱস্থাৰাজিয়ে প্ৰায় ৬৭ লাখ ইপিএছ পেঞ্চনাৰক সহায় কৰিছে। ইয়াৰ ভিতৰত আছে প্ৰায় ২১ লাখ বিধৱা, শিশু।

*****

RCJ/RNM/IA/SB



(Release ID: 1673339) Visitor Counter : 213