স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা ৪.৮৫ লাখলৈ নিম্নগামী

দৈনিক আক্ৰান্ত লোকতকৈ দৈনিক আৰোগ্য হোৱা ৰোগীৰ হাৰ অধিক হৈছে

Posted On: 13 NOV 2020 12:34PM by PIB Guwahati

ভাৰতত আজি চিকিসাধীন ৰোগীৰ সংখ্যা ৪,৮৪,৫৪৭জন হৈছে৷ একেৰাহে তৃতীয় দিনৰ বাবে চিকিসাধীন ৰোগীৰ সংখ্যা ৫লাখৰ তলত আছে৷ বৰ্তমান মুঠ আক্ৰান্ত লোকৰ বিপৰীতে দেশত কেৱল ৫.৫৫% লোকহে চিকিসাধীন হৈ আছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image001C22W.jpg

বিগত ২৪ ঘণ্টাত দেশত ৪৪,৮৭৯জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৪৯,০৭৯গৰাকী ৰোগী আৰোগ্য হৈছে৷ বিগত ৪১দিনত এই ধাৰাবাহিকতা অব্যাহত আছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image002W776.jpg

দেশত মুঠ আৰোগ্য ৰোগী সংখ্যা ৮১,১৫,৫৮০জন হৈছে, যাৰ ফলত আৰোগ্যৰ হাৰ ৯২.৯৭%লৈ উন্নীত হৈছে৷  আৰোগ্য আৰু চিকিসাধীন ৰোগীৰ মাজৰ ব্যৱধান ৭৬,৩১,০৩৩জনলৈ বৃদ্ধি পাইছে৷ এদিনত আৰোগ্য হোৱা ৰোগীৰ ৭৭.৮৩%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৭,৮০৯জন ৰোগী আৰোগ্য হৈছে৷ বৰ্তমান ৰাজ্যখনৰ আৰোগ্য লোকৰ সংখ্যা ১৬,০৫,০৬৪জনলৈ বৃদ্ধি পাইছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image003DS2C.jpg

ইফালে, নতুন আক্ৰান্ত লোকৰ ৭৬.২৫%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ দিল্লীত সৰ্বাধিক ৭,০৫৩জনৰ বিপৰীতে কেৰালা আৰু মহাৰাষ্ট্ৰত ক্ৰমে ৫,৫৩৭ আৰু ৪,৪৯৬জন লোক আক্ৰান্ত হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image004U351.jpg

ইফালে, বিগত ২৪ ঘণ্টাত দেশত ৫৪৭জন ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে ৭৯.৩৪%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ১২২জন ৰোগীৰ মৃত্যুৰ বিপৰীতে দিল্লী আৰু পশ্চিমবংগত ক্ৰমে ১০৪দন আৰু ৫৪জন ৰোগীৰ মৃত্যু হৈছে৷

http://static.pib.gov.in/WriteReadData/userfiles/image/image0055GQO.jpg

****

MV/DB



(Release ID: 1672804) Visitor Counter : 208