আয়ুষ

১৩ নৱেম্বৰ তাৰিখে ৫ম আয়ুৰ্বেদ দিৱসত ৰাষ্ট্ৰবাসীৰ প্ৰতি দুখন আয়ুৰ্বেদ প্ৰতিষ্ঠান উচৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 12 NOV 2020 11:31AM by PIB Guwahati

প্রধানমন্ত্রীয়ে কাইলৈ ১৩ নৱেম্বৰত পঞ্চম আয়ুর্বেদ দিৱস উদযাপন উপলক্ষে দুখন আধুনিক আয়ুর্বেদ প্রতিষ্ঠান দেশবাসীৰ উদ্দেশ্যে উৎসর্গা কৰিব। এই প্রতিষ্ঠান দুখন হ’ল – জামনগৰৰ ইনষ্টিটিউট অব্ টিচিং এণ্ড ৰিচাৰ্ছিং আয়ুর্বেদ (আইটিআৰএ) আৰু জয়পুৰৰ নেচনেল ইনষ্টিটিউট অব্ আয়ুর্বেদ (এনআইএ)। এই দুখন প্রতিষ্ঠানেই দেশত অগ্রণী আয়ুর্বেদ প্রতিষ্ঠান হিচাপে বিবেচিত হৈছে। জামনগৰৰ আয়ুর্বেদ প্রতিষ্ঠানখনক সংসদীয় আইন অনুসাৰে বিশ্ববিদ্যালয়ৰ মঞ্জুৰি কমিছন ডীমড্ বিশ্ববিদ্যালয়ৰ স্বীকৃতি দিয়া হৈছে আৰু জয়পুৰৰ আয়ুর্বেদ প্রতিষ্ঠানখনক জাতীয় স্তৰৰ গুৰুত্বপূর্ণ প্রতিষ্ঠান হিচাপে স্বীকৃতি দিয়া হৈছে।

আয়ুষ মন্ত্রালয়ে ২০১৬ চনৰ পৰা প্রতি বছৰে ধন্বন্তৰী জয়ন্তী হিচাপে আয়ুর্বেদ দিৱস উদযাপন কৰি আহিছে। এই বছৰ ১৩ নৱেম্বৰ তাৰিখে আয়ুর্বেদ দিৱস উদযাপন কৰা হ’ব।

ক’ভিড-১৯ পৰিস্থিতিৰ পৰিপ্রেক্ষিতত এইবাৰৰ আয়ুর্বেদ দিৱস উদযাপন অনুষ্ঠান প্রধানতঃ ভাৰ্চুৱেল পদ্ধতিতে কৰা হৈছে। এই অনুষ্ঠান উপলক্ষে প্রধানমন্ত্রীয়ে এই দুয়োখন অগ্রণী আয়ুর্বেদ প্রতিষ্ঠান ৰাষ্ট্ৰবাসীৰ উদ্দেশ্যে উৎসর্গা কৰিব। কাইলৈ ১৩ নৱেম্বৰ তাৰিখে পুৱা ১০টা ৩০ মিনিটে MyGov প্লেটফর্মত এই অনুষ্ঠানটিৰ সম্প্রচাৰ কৰা হ’ব।

 

***

MV/SK/MANN



(Release ID: 1672540) Visitor Counter : 172