PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 10 NOV 2020 6:04PM by PIB Guwahati

#Unite2FightCorona

#IndiaFightsCorona

Image

ভাৰতত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা ৪০হাজাৰতৈ কম হৈছে, চিকিসাধীন আৰু দৈনিক মৃত্যুৰ হাৰো ক্ৰমান্বয়ে নিম্নগামী হৈছে

৬ দিনৰ পাছত ভাৰতত দৈনিক নতুন ক’ভিড আক্ৰান্তৰ সংখ্যা ৪০,০০০তকৈ কম হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ৩৮,০৭৩জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ একেৰাহে তৃতীয় দিনৰ বাবে দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা ৫০,০০০তকৈ কম হৈছে৷ একাংশ দেশত যোৱা ৩-৪দিনত প্ৰতিদিনে ১লাখতকৈ অধিক লোক আক্ৰান্তৰ বিপৰীতে ভাৰতৰ এই নিম্নগামীতাই তাপৰ্য বহন কৰিছে৷ বিগত কেইটামান সপ্তাহত দেশত চিকিসাধীন ৰোগীৰ সংখ্যাও ক্ৰমান্বয়ে হ্ৰাস পাইছে৷ বিগত ৩৮দিন দেশত নতুন আক্ৰান্ততকৈ আৰোগ্যৰ সংখ্যা অধিক হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৪২,০৩৩জন ৰোগী আৰোগ্য হৈছে৷ দেশত চিকিসাধীন ৰোগীৰ সংখ্যা বৰ্তমান ৫,০৫,২৬৫জন হৈছে৷ দেশৰ মুঠ আক্ৰান্ত ৰোগীৰ বিপৰীতে বৰ্তমান চিকিসাধীন ৰোগীৰ হাৰ ৫.৮৮%লৈ হ্ৰাস পাইছে৷ ইয়াৰ বিপৰীতে দেশত আৰোগ্যৰ হাৰ ৯২.৬৪%লৈ উন্নীত হৈছে৷ আজিৰ দিনটোত মুঠ আৰোগ্যৰ সংখ্যা ৭৯,৫৯,৪০৬জন হৈছে৷ আৰোগ্য আৰু চিকিসাধীন ৰোগীৰ মাজৰ ব্যৱধান আজি ৭৪,৫৪,১৪১জনলৈ বৃদ্ধি পাইছে৷ নতুনকৈ আৰোগ্য হোৱা লোকৰ ৭৮%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে দিল্লীত সৰ্বাধিক ৭,০১৪, কেৰালাত ৫,৯৮৩ আৰু পশ্চিমবংগত ৪,৩৯৬জন আৰোগ্য হৈছে৷ ইফালে নতুন আক্ৰান্তৰ ৭২%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ দিল্লীত সৰ্বাধিক ৫,৯৮৩জন আক্ৰান্ত হোৱাৰ বিপৰীতে পশ্চিমবংগ আৰু কেৰালাত ক্ৰমে ৩,৯০৭ আৰু ৩,৫৯৩জন আক্ৰান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৪৪৮জন ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে ৭৮%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

 

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1671642

 

ছাংহাই সহযোগিতা সংস্থা(এছচিঅ’) সন্মিলন, ২০২০ত প্ৰধানমন্ত্ৰীৰ বক্তব্য

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1671642

 

১২ নৱেম্বৰ ২০২০ত ‘জেএনইউ’ চৌহদত নিৰ্মিত স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১২ নৱেম্বৰ ২০২০ৰ বিয়লি ৬.৩০বজাত ভিডিঅ কনফাৰেন্সিংযোগে ‘জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(জেএনইউ) চৌহদত নিৰ্মিত স্বামী বিবেকানন্দৰ এটি পূৰ্ণাবয়ব প্ৰতিমূৰ্তি আনুষ্ঠানিক ভাবে উন্মোচন কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীও উপস্থিত থকিব। স্বামী বিবেকানন্দৰ দৰ্শন আৰু দূৰদৃষ্টি সম্পন্নতাই দেশৰ যুৱ-প্ৰজন্মক আজিও উদ্বুদ্ধ কৰি আহিছে। সমগ্ৰ পৃথিৱীৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰি অহা তেনে এগৰাকী মহান ব্যক্তিক লৈ ভাৰতে সদায়ে গৌৰৱবোধ কৰি আহিছে। স্বামী বিবেকানন্দৰ আদৰ্শাৱলী আজিৰ তাৰিখতো সমানেই প্ৰাসংগিক বুলি উল্লেখ কৰি আহিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। জন গণক সেৱা কৰাৰ লগতে দেশৰ যুৱ প্ৰজন্মক শাৰিৰীক, মানসিক আৰু আধ্যাত্মিক ভাবে সবলীকৰণৰ সমান্তৰালকৈ পৃথিৱীত ৰাষ্ট্ৰৰ ভাৱমূৰ্তি উজ্জ্বল কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে নিজেও তেওঁৰ আদৰ্শৱলীক প্ৰায়েই সাৰোগত কৰি আহিছে। ভাৰতৰ সমৃদ্ধি আৰু শক্তি ইয়াৰ জনসাধাৰণৰ হাতত ন্যস্ত হৈ থাকে, আৰু সেয়ে সকলোৰে সবলীকৰণ সম্ভৱ কৰিবলৈ হলে ভাৰতক আত্মনিৰ্ভৰশীল কৰাৰ পবিত্ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অহোপুৰুষাৰ্থ কৰিব লাগিব।.

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1671656

 

প্ৰথম ব্ৰিকছ বিত্ত মন্ত্রী আৰু কেন্দ্রীয় বেংক গৱৰ্ণৰসকলৰ বৈঠকত অংশগ্ৰহণ কেন্দ্রীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণৰ

কেন্দ্রীয় বিত্ত আৰু কর্প’ৰেট পৰিক্ৰমা মন্ত্রী শ্রীমতী নির্মলা সীতাৰমণে কালি ব্ৰিকছ দেশসমূহৰ বিত্ত মন্ত্রীসকলৰ বৈঠক আৰু ৰাছিয়াৰ নেতৃত্বত ব্ৰিকছৰ অধীনস্ত কেন্দ্রীয় বেংক গৱৰ্ণৰসকলৰ বৈঠকত অংশগ্ৰহণ কৰে৷ বৈঠকৰ আলোচনাৰ বিষয় আছিল চলিত বছৰত জি-২০ত ছৌদি আৰৱৰ সভাপতিত্বৰ ফলাফল, আন্তঃগাঁথনিমূলক বিনিয়োগ ক্ষেত্রত জিডিটেল মঞ্চত উসাহ যোগোৱা আৰু নতুন উন্নয়ন বেংকৰ সদস্যপদৰ সম্প্ৰসাৰণ৷ এই উপলক্ষে বিত্ত মন্ত্ৰীগৰাকীয়ে জনায় যে সকলো ব্ৰিকছ সদস্য দেশ জি-২০ গোটৰ অন্তর্ভুক্ত। এই দেশসমূহে এই বছৰ ক’ভিড-১৯ মোকাবিলাৰ বাবে জি-২০ কার্যকৰী পৰিকল্পনা গ্ৰহণকে ধৰি একাধিক গুৰুত্বপূর্ণ প্ৰচেষ্টাগ গ্ৰহণ কৰিছে। আনকি সংকটৰ সময়ত সন্মিলিতভাৱে এই সমস্যা মোকাবিলাৰ বাবে এক বিস্তৃত মাৰ্গদৰ্শন কৰিছে। বৈঠকত বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণে কয় যে কম আয়ৰ দেশসমূহত নগদ চাহিদা পুৰণৰ জি-২০ৰ অন্তৰ্ভুক্ত দেশসমূহে ঋণ সেৱা আগবঢ়োৱাৰ প্ৰচেষ্টা লৈছে।

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1671481

 

যাদুঘৰ, আর্ট গেলাৰী আৰু প্ৰদর্শনস্থলী পুনৰ খোলাৰ প্ৰস্তুতি পর্যালোচনাৰ অংশ হিচাপে ৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিদর্শন কৰিলে কেন্দ্রীয় সাংস্কৃতিক মন্ত্ৰালয় ৰাজ্যিক প্ৰহ্লাদ সিং পেটেলে

কেন্দ্রীয় সাংস্কৃতিক মন্ত্ৰালয়ে আজিৰে পৰা পুনৰ মুকলি হোৱা যাদুঘৰ, আর্ট গেলাৰী আৰু প্ৰদর্শনীস্থলীত সাধাৰণ পৰিচালন পদ্ধতি জাৰি কৰিছে৷ এই নির্দেশনা অনুসৰি যাদুঘৰ, আর্ট গেলাৰী আৰু প্ৰদর্শনীস্থলী পুনৰ খোলাৰ প্ৰস্তুতিৰ পর্যালোচনা কৰিবলৈ কেন্দ্রীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ(স্বতন্ত্ৰ দায়িত্ব) ৰাজ্যিক মন্ত্রী শ্রী প্ৰহ্লাদ সিং পেটেলে কালি ৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিদর্শন কৰে৷ পৰিদর্শনকালত মন্ত্রীগৰাকীয়ে কয় যে কাইলৈৰ পৰা যাদুঘৰ, আর্ট গেলাৰী আৰু প্ৰদর্শনীস্থলী পুনৰ খোলাৰ বাবে মন্ত্ৰালয়ৰ ফালৰ পৰা বিস্তৃত নির্দেশ জাৰি কৰা হৈছে। এনে পৰিপ্রেক্ষিতত ৰাষ্ট্ৰীয় সংগ্ৰহালয় কিমান প্ৰস্তুত সেয়া পর্যালোচনা কৰা হয়৷ তেওঁ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ প্ৰস্তুতিক লৈ সন্তোষ ব্যক্ত কৰে আৰু ইয়াৰ বাবে সংগ্ৰহালয়ৰ কর্মী সদস্যসকলক প্ৰশংসা কৰে৷ তেওঁ কয় যে ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত অনলাইন টিকট, প্ৰৱেশ পথত শৰীৰৰ উষ্ণতা জোখা ব্যৱস্থাপনাৰ দৰে কেতবোৰ সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ এই ব্যৱস্থাপনাক আৰু উন্নত কৰাৰ বাবে সকলোকে পৰামর্শ দিয়াৰ লগতে এই প্ৰক্রিয়াত সাধাৰণ জনতাৰ সহযোগিতা কামনা কৰে৷

অধিক বিৱৰণৰ বাবে:  https://pib.gov.in/PressReleseDetail.aspx?PRID=1671482

 

পীতমপুৰাৰ দিল্লীহাটত "হুনাৰ হাট" উদ্বোধন কৰিব মুখটাৰ অব্বাছ

ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰায় ৭ মাহ বিৰতিৰ পাছত কাইলৈৰপৰা হুনাৰ হাট পুনৰ আৰম্ভ হব। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখটাৰ অব্বাছ নাকভীয়ে পীতমপুৰাৰ দিল্লী হাটত হুনাৰ হাট উদ্বোধন কৰিব।ভকেল ফৰ লোকেলবিষয়বস্তুৰে ইয়াৰ মুখ্য আকৰ্ষণ হমাটি (মৃত্তিকা), ধাতু আৰু মাচিয়া (কাঠ ও মৰাপাটৰ সামগ্ৰী)ৰপৰা প্ৰস্তুত থলুৱা উত্তম পণ্যআজি শ্ৰী মুখটাৰ অব্বাছ নাকভীয়ে কয় যে মৃত্তিকাৰপৰা প্ৰস্তুত দুৰ্লভ উত্তম সামগ্ৰী, ভিন্ন ধাতৱ আৰু কাঠৰ সামগ্ৰী, বেত-বাঁহৰপৰা প্ৰস্তুত সামগ্ৰী, বিমুগ্ধকাৰী মৃশিল্প ইত্যাদি হুনাৰ হাটত প্ৰদৰ্শনৰ বাবে ৰখা হব আৰু বিক্ৰী কৰা যাব। ২০২০ৰ ১১ ৰপৰা ২২ নৱেম্বৰলৈ পীতমপুৰাৰ দিল্লী হাটত ইয়াৰ আয়োজন কৰা হৈছে। শ্ৰী নাকভীয়ে কয় যে দেশখনৰ প্ৰতিটো অঞ্চলৰে থলুৱা সামগ্ৰীৰ পৰম্পৰাগত আৰু বংশগত উত্তৰাধিকাৰ আছে। এই উত্তৰাধিকাৰ, যিসমূহ বিলুপ্তিৰ গৰাহত পৰাৰ উপক্ৰম হৈছে, সেই সমূহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ স্বদেশীৰ প্ৰতি আহ্বানৰ পাছতে পুনৰ জীৱন লাভ কৰে। শ্ৰী মোদীয়ে ভকেল ফৰ লোকেলৰ পোষকতা কৰাৰ পাছতেই ভাৰতীয় থলুৱা উদ্যোগটোৱে এটা গতি লাভ কৰিলে।স্বদেশী সামগ্ৰীসমূহৰ আকৰ্ষণীয় পেকেজিঙৰ অৰ্থে ভিন্ন প্ৰতিষ্ঠানৰ জৰিয়তে এই থলুৱা সামগ্ৰী প্ৰস্তুতত জড়িত শিল্পীসকললৈ সহায় আগবঢ়োৱা হৈছে। ই আত্ম নিৰ্ভৰ ভাৰতৰ অভিযানটোক শক্তিশালী কৰি তুলিছে। শ্ৰী নাকভীয়ে কয় যে দেশখনৰ প্ৰতিটো প্ৰান্তয়ে থলুৱা সামগ্ৰীৰ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ। কাঠ, পিতল, বাঁহ, গ্লাছ, কাপোৰ, কাগজ, মৃত্তিকা ইত্যাদিৰপৰা এয়া প্ৰস্তুত কৰা হয়। এনে থলুৱা উত্তম হস্তনিৰ্মিত সামগ্ৰী প্ৰস্তুত কৰা দক্ষ শিল্পীসকলক হুনাৰ হাটএ বজাৰ আৰু সুযোগ লাভৰ সুবিধা আগবঢ়াব। ইয়াত প্ৰযুক্তি আৰু উদ্ভাৱনৰ প্ৰয়োগত গুৰুত্ব আৰোপ কৰা হব আৰু বৈশ্বিক মানদণ্ডৰ সৈতে ফেৰ মাৰিব পৰা মানসম্পন্ন পণ্য প্ৰস্তুতত বিশেষ মনোযোগ দিয়া যাব। শ্ৰী নাকভীয়ে কয় যে এই হুনাৰ হাটত অসমৰ শুকান ফুলকে ধৰি শতাধিক বিপনী থাকিব।

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1671662

 

ক’ভিড-১৯ৰ সময়ত চিকিসকসকলৰ সুৰক্ষাৰ বাবে চিকিসা সঁজুলি আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰিছে ষ্টাৰ্টআপে

চিকিসা সঁজুলিসমূহ এনেধৰণে ডিজাইন কৰিব পৰা যায় নেকি, যাতে ই চিকিসকসকলক সুৰক্ষিত কৰি ৰখাৰ লগতে ক’ভিড-১৯ সংকটৰ অতি জৰুৰীকালীন প্ৰয়োজনীয়তা পুৰণ কৰিব পাৰে? বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ(জিএছটি)ৰ দ্বাৰা সমৰ্থিত একাধিক ষ্টাৰ্ট আপ, বহু সঁজুলিৰ জৰিয়তে এই পথ দেখুৱাই আহিছে৷ ইয়াৰে ভিতৰত ষ্টেথস্কোপো অন্তৰ্ভূক্ত আছে, যাৰ ব্যৱহাৰ চিকিসকসকলে ৰোগীৰ হাতেৰে স্পৰ্শ নকৰাকৈ কৰিব পাৰে৷ অক্সিজেন কনচেণ্ট্ৰেটৰ এনে সঁজুলিৰ অন্যতম, যিটো হাস্পতালতে অক্সিজেন উপন্ন কৰাত হাস্পতালসমূহক সহায় কৰিব পাৰে৷ একেদৰে প’ৰ্টেবল তথা এপনিয়ন্ত্ৰিত আইঅ’টিযুক্ত ভেণ্টিলেটৰ ছিষ্টেমো উল্লেখযোগ্য৷

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1671687

 

শ্ৰী নৰেন্দ্ৰ সিং টোমৰৰ অধ্যক্ষতাত ২৯টা প্ৰকল্পত অনুমোদন

কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰৰ অধ্যক্ষতাত অনুষ্ঠিত আন্তঃমন্ত্ৰালয় অনুমোদন কমিটী(আইএমএচি)য়ে কালি ২১টা প্ৰকল্পত অনুমোদন জনাইছে, যিসমূহে ইণ্ট্ৰিগ্ৰেটেড কল্ড চেইন আৰু মূল্য সংযোজন আঁচনিৰ অধীনত ১৮৯কোটি টকা অনুদানসহ ৪৪৩কোটি টকা বিনিয়োগত উসাহিত কৰিব৷ ইফালে, কেন্দ্ৰীয় খাদ্য সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীৰ অধ্যক্ষতাতো বিএফএল আঁচনিৰ অধীনত ১৫ কোটি টকাৰ অনুদানসহ ৬২ কোটি টকাৰ বিনিয়োগত উসাহিত কৰিব৷

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1671471

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট

· মহাৰাষ্ট্ৰঃ সোমবাৰেও মহাৰাষ্ট্ৰত নিম্ন হাৰৰ ক’ভিড আক্ৰান্তৰ ধাৰাবাহিকতা অব্যাহত আছে৷ ২৩জুনৰ পাছত মহাৰাষ্ট্ৰত প্ৰথমবাৰলৈ ৩,২৭৭জনৰ দেহত ক’ভিড চিনাক্ত হয়৷

· গুজৰাটঃ নতুনকৈ ৯৭১জন ক’ভিড পজিটিভসহ গুজৰাটৰ ক’ভিড আক্ৰান্তৰ সংখ্যা ১.৮২জনলৈ বৃদ্ধি পাইছে৷ ৰাজ্যখনত কালি নতুনকৈ ৫জন ৰোগীসহ ক’ভিডত মৃত্যু হোৱা মুঠ ৰোগীৰ সংখ্যা ৩,৭৬৮জন হৈছে৷ সোমবাৰে ৰাজ্যখনত প্ৰায় ১,০০০জন ৰোগী আৰোগ্য হৈছে৷

· ৰাজস্থানঃ অক্টোবৰৰ দ্বিতীয়াৰ্ধত হ্ৰাস পাইছিল যদিও দীপৱলীৰ প্ৰাকমুহূৰ্ত ৰাজ্যখনত আকৌ ক’ভিড আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে৷ সোমবাৰে ৰাজস্থানত ১,৮৫৮জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ বৰ্তমান ৰাজ্যখনত ১৬,৫৪২জন ৰোগী চিকিসাধীন হৈ আছে৷

· মধ্যপ্ৰদেশঃ সোমবাৰে ৮০৯জন নতুন আক্ৰান্তসহ মধ্যপ্ৰদেশৰ ক’ৰোনা সংক্ৰমিতৰ সংখ্যা ১,৭৮,১৬৮জনলৈ বৃদ্ধি পাইছে৷ কালি ৬জন ৰোগী নতুনকৈ মৃত্যু হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৬৮১জন ৰোগী আৰোগ্য হৈছে৷ বৰ্তমান মধ্যপ্ৰদেশত ৮,০৫০জন ৰোগী চিকিসাধীন হৈ আছে৷

· চত্তীশগড়ঃ চত্তীশগড় চৰকাৰে সোমবাৰে ৰাজ্যখনৰ সকলো বিষয়াক ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ(এনজিটি)ৰ নিৰ্দেশ মানি আটচবাজী বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ ল’বলৈ কয়৷ কিয়নো আটচবাজী জ্বলোৱাৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি পাব, যিটোৱে ক’ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিটো অৰিহণা যোগাব৷ ৰাজ্যখনত কেৱল দুঘণ্টাৰ বাবেহে আটচবাজী ফুটাব পাৰিব৷ ৰাজ্যখনত বৰ্তমান ২১,২২১জন ৰোগী চিকিসাধীন হৈ আছে৷

· অসমঃ আজি অসমত ২৮,৫২৬টা নমূনাৰ ভিতৰত ৩২৮জন লোক আক্ৰান্ত হৈছে আৰু পজিটিভিটিৰ হাৰ ১.১৫%হৈছে৷ ৰাজ্যখনত আজি ৫০৮জন ৰোগী আৰোগ্য হৈছে, যাৰ জৰিয়তে আৰোগ্য ৰোগী সংখ্যা ২,০৯,১১৭জনলৈ বৃদ্ধি পালে বুলি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে টুইটাৰযোগে জনাইছে৷

· মনিপুৰঃ  মনিপুৰত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত চুৰাচান্দপুৰৰ চিকিসকে পকেটৰ ধন ব্যয় কৰি অপাৰেচন থিয়েটাৰ স্থাপন কৰিছে৷

· মেঘালয়ঃ ২৮গৰাকী নতুন আক্ৰান্তসহ মেঘালয়ত বৰ্তমান ১,০২৪জন ৰোগী চিকিসাধীন হৈ আছে৷ বৰ্তমানলৈকে ৰাজ্যখনত ৯,১১২জন ৰোগী আৰোগ্য হৈছে৷

· মিজোৰামঃ ৩০৬নং ৰাষ্ট্ৰীয় ঘাইপথ ১১দিন অৱৰোধৰ পাছত অসম আৰক্ষীয়ে সুৰক্ষা বেষ্টনীৰ মাজেৰে ২০খন ট্ৰাক মিজোৰামলৈ প্ৰেৰণ কৰিছে৷

· নাগালেণ্ডঃ ২৮গৰাকী নতুন আক্ৰান্তসহ নাগালেণ্ডৰ ক’ভিড ৰোগীৰ সংখ্যা ৯,৫০৩জনলৈ বৃদ্ধি পাইছে৷ বৰ্তমান ৯৪১জন ৰোগী চিকিসাধীন হৈ থকাৰ বিপৰীতে ৮,৪২৩জন ৰোগী আৰোগ্য হৈছে৷

· ছিকিমঃ ছিকিমত এতিয়ালৈকে ৩,৮৩৯জন ৰোগী আৰোগ্য হৈছে৷ আজি ৫১জন নতুন আক্ৰান্তসহ বৰ্তমান ৰাজ্যখনত ৩০৫জন ৰোগী চিকিসাধীন হৈ আছে৷

· কেৰালাঃ ৰাজ্যখনৰ স্থানীয় নিকায়ৰ নিৰ্বাচনৰ পাছত কেৰালাত ক’ভিড ৰোগীৰ সংখ্যা অধিক বৃদ্ধিৰ আশংকা কৰা হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এগৰাকী নিৰ্দলীয় বিধায়কে নিৰ্বাচন বাতিলত বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে, যাৰ ৰায়দায় অহা সোমবাৰে দিব৷ ইফালে, দুমাহজোৰা সবৰীমালা মন্দিৰৰ তীৰ্থযাত্ৰাও অহা ১৬ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব৷ চৰকাৰে এই উপলক্ষে ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতামূলক নিৰ্দেশনা জাৰি কৰিছে৷

· তামিলনাডুঃ ৰাজ্যখনত বিদ্যালয় পুনৰ খোলাক লৈ আলোচনা চলি আছে৷ ৰাজ্য চৰকাৰে ১০ নৱেম্বৰৰ পৰা সংগ্ৰহালয়সমূহ খোলাৰ বাবে এছঅ’পি জাৰি কৰিছে৷ কালি ৰাজ্যখনত ১৮জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷

· কৰ্ণাটকঃ ডিগ্ৰী, ইঞ্জিনিয়াৰিং আৰু ডিপ্লমা পাঠ্যক্ৰমসমূহ ১৭ নৱেম্বৰৰ পৰা পুনৰ খোলাৰ প্ৰতি লক্ষ্য ৰাখি ইউজিচি নিৰ্দেনা অনুসৰি ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে এছঅ’পি জাৰি কৰিছে৷ ৰাজ্যখনত উসৱৰ বতৰত ১,০০০ অতিৰিক্ত বাছ চলাচলৰ ব্যৱস্থা কৰিছে৷ কালি দিনটোত বাংগালুৰু চহৰত ৯৭৮জন লোক আক্ৰান্তৰ খবৰ পোৱা গৈছে৷

· অন্ধ্ৰপ্ৰদেশঃ ৰাজ্যখনত ক’ভিড ভেকচিন বিতৰণৰ বাবে চৰকাৰে ৰাজ্যিক পৰ্যায়ত এক তদৰ্থ সমিতি গঠন কৰিছে৷  ১৮জনীয়া সদস্যৰে গঠিত এই সমিতিৰ নেতৃত্ব দিব মুখ্য সচিবে৷ কালি দিনটোত ৰাজ্যখনত ১,৫৪৯জন লোক আৰোগ্য হৈছে৷ বৰ্তমান ৰাজ্যখনত ২১,২৩৫জন ৰোগী চিকিসাধীন হৈ আছে৷  

· তেলেংগানাঃ বিগত ২৪ ঘণ্টাত তেলেংগানা ১,২৬৭জন নতুন আক্ৰান্ত, ১,৮৩১জন আৰোগ্য আৰু ৪জন ক’ভিড ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে৷ মুঠ ২,৫২,৪৫৫জন আক্ৰান্ত ভিতৰত এতিয়ালৈকে ২,৩২,৪৮৯জন ডিছচাৰ্জড দিয়াৰ লগতে বৰ্তমান ১৮,৫৮১জন ৰোগী চিকিসাধীন হৈ আছে৷ ৰাজ্যখনৰ আৰোগ্যৰ হাৰ ৯২,০৯শতাংশ৷

FACT CHECK

 

Image

*********

 

 

 



(Release ID: 1671830) Visitor Counter : 184