প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হাজিৰাত ৰ’-পেক্স টার্মিনেলৰ উদ্বোধন উপলক্ষে প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 08 NOV 2020 3:18PM by PIB Guwahati

যি কোনো প্ৰকল্পৰ কাম আৰম্ভ লে কিদৰেইজ অফ ডুয়িং বিজনেছৰ লগতেইজ অফ লিভিঙোবৃদ্ধি পাই ইয়াৰ কৃষ্ট উদাহৰণ হল এই প্ৰকল্পটো৷ ইয়াত আহি যি -৫গৰাকী ভাই-ভনীৰ সৈতে কথা কোৱাৰ সুযোগ পাইছো, তেওঁলোকে যিদৰে নিজৰ অভিজ্ঞতাৰ কথা লে, তীর্থযাত্রাৰ পৰা আৰম্ভ কৰি যান-বাহনৰ ন্যূনতম লোকচান, সময় ৰাহি অথবা কৃষি উপাদন বৃদ্ধি, অপচয় হ্রাস, সতেজ ফল আৰু শাক-পাছলি সৰবৰাহ দ্রুতগতিত ছুৰাটৰ দৰে ডাঙৰ বজাৰলৈ নিয়াৰ ইমান ভাল ব্যৱস্থা এই সকলো বন্ধুসকলৰ জীৱনত এক নতুন মাত্রা যোগ হোৱাত তেওঁলোক অতিশয় আনন্দিত হৈছে৷ তেওঁলোকে মোক জনায় যে এই প্ৰকল্পৰ ফলত কিদৰে তেওঁলোকৰ ব্যৱসায়-বাণিজ্যৰ কাম সুগম , গতি বৃদ্ধি পাব৷ মই ভাৱো সেইবাবেই আজি আপোনালোক ইমান আনন্দিত হৈছে৷ আজি এই আনন্দময় পৰিৱেশত ব্যৱসায়ী, শ্ৰমিক, কর্মচাৰী, কৃষক, ছাত্ৰ-ছাত্রী প্ৰত্যেকৰ জীৱনত এই অভূতপূর্ব যোগাযোগ ব্যৱস্থাই ইতিবাচক প্ৰভাৱ পেলাব৷ যেতিয়া নিজৰ মাজত দূৰত্ব কমে, তেতিয়া মনটোও আনন্দৰে ভৰি পৰে৷

বন্ধুসকল,

আজিৰ এই প্ৰকল্পটো গুজৰাটৰ জনসাধাণৰ জীৱনত একপ্ৰকাৰ দীপাৱলী সৱৰ উপহাৰ স্বৰূপে হৈছে৷ এই সর্বব্যাপী আনন্দৰ পৰিৱেশত মঞ্চত উপস্থিত গুজৰাটৰ মুখ্যমন্ত্রী শ্রী বিজয় ৰূপানীজী, মোৰ কেন্দ্রীয় মন্ত্রিসভাৰ সদস্য ভাই মনসুখভাই মাণ্ডভিয়াজী, ভাৰতীয় জনতা পার্টিৰ গুজৰাটৰ ৰাজ্যিক সভাপতি আৰু সাংসদ সদস্য শ্রী চি আৰ পাটিলজী, গুজৰাট চৰকাৰৰ সকলো মন্ত্রী, সাংসদ, বিধায়ক আৰু অন্যান্য জনপ্ৰতিনিধিসকলৰ লগতে বিভিন্ন স্থানৰ পৰা বিপুল সংখ্যাত ইয়ালৈ অহা মোৰ প্রিয় ভাই-ভনীসকল৷ আজি ঘোঘা আৰু হাজিৰাৰ মাজত ’-পেক্স সেৱা আৰম্ভ হোৱাত সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাট উভয় অঞ্চলৰ জনগণৰ বহু বছৰৰ সপোন বাস্তবায়িত হৈছে৷ হাজিৰাত আজি নতুন টার্মিনেল উদ্বোধন কৰাৰ জৰিয়তে ভাৱনগৰ আৰু ছুৰাটৰ মাজত স্থাপিত এই নতুন সামুদ্রিক যোগাযোগৰ বাবে আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছা জনাইছো৷

বন্ধুসকল,

ঘোঘা আৰু হাজিৰাৰ মাজত পথৰ দূৰত্ব প্রায় ৩৭৫ কিলোমিটাৰ, কিন্তু সমুদ্ৰপথেৰে সেয়া মাত্ৰ ৯০ কিলোমিটাৰ৷ ফলত, এই সেৱাৰ জৰিয়তে ১০-১২ ঘণ্টাৰ পৰিৱর্তে এতিয়া - ঘণ্টাতে এই দূৰত্ব অতিক্ৰম কৰিব পৰা যাব৷ ইমান সময় ৰাহি হোৱাৰ লগতে আপোনালোকৰ ব্যয়ো হ্ৰাস পাব৷ তদুপৰি, পথত যান-জঁট হ্ৰাস পালে প্ৰদূষণৰ মাত্রাও হ্রাস পাব৷ অলপ সময়ৰ পূৰ্বে যেনেকৈ কোৱা হৈছে, এবছৰত প্রায় ৮০,০০০ যাত্রী অর্থা৮০,০০০ যাত্রীৰ গাড়ী আৰু প্রায় ৩০ হাজাৰ ট্রাক এই সেৱাৰ দ্বাৰা উপকৃত ব৷ ভাৱক, কিমান পৰিমাণৰ ইন্ধন ৰাহি !

বন্ধুসকল,

আটাইতকৈ ডাঙৰ কথাটো গুজৰাটৰ এক ডাঙৰ বাণিজ্য কেন্দ্রৰ সৈতে সৌৰাষ্ট্রৰ এই যোগাযোগ ব্যৱস্থা এই অঞ্চলৰ লোকসকলৰ জীৱনত বহুত পৰিবর্তন আনিব৷ এতিয়া সৌৰাষ্ট্ৰৰ কৃষক আৰু পশুপালকসকলে অতি সহজে ফল-মূল, শাক-পাছলি আৰু গাধীৰ নি ছুৰাটত বিক্ৰী কৰিব পাৰিব৷ আগতে এই দীর্ঘ পথ অতিক্ৰম কৰিবলগীয়া হৈছিল বাবে ট্রাকৰ ডালাৰ জোকাৰণিত বহু শাক-পাছলি নষ্ট হৈছিল৷ বিশেষকৈ, ফল আৰু শাক-পাছলিৰ যথেষ্ট লোকচান হৈছিল৷ এতিয়া সমুমপথেৰে পশুপালক আৰু কৃষকসকলে তেওঁলোকৰ সামগ্ৰী লৈ নিৰাপদে বজাৰ পাব পাৰিব৷ এইদৰে ছুৰাটৰ ব্যৱসায়ী বন্ধুসকল আৰু শ্ৰমিক বন্ধুসকলৰ যাতায়াত আৰু সহজ তথা ব্যয়সাধ্য ব৷

বন্ধুসকল,

গুজৰাটত ’-পেক্স ফেৰীৰ এই সেৱাৰ উন্নয়ন বহুত লোকৰ দিন-ৰাতিৰ পৰিশ্ৰমৰ ফল৷ ইমান সহজে এই সাফল্য পোৱা নাযায়৷ ইয়াৰ বাবে বহুত সমস্যাৰ মোকাবিলা কৰিলগীয়া হৈছে৷ আৰম্ভণিৰে পৰা মই এই প্ৰকল্পৰ সৈতে জড়িত আছিলো৷ সেইবাবে সকলো সমস্যা সম্পর্কে জানিছিলো৷ কিদৰে সেইবোৰ সমাধান কৰা হৈছে, কেতিয়াবা এনেকৈও ভৱা হৈছেহয়তো এই প্ৰকল্প আৰু সফল নহব৷ কিন্তু আমাৰ বাবে এটা মধুৰ অভিজ্ঞতা৷ গুজৰাটত মই এনে বহু সাফল্যৰ কাহিনী দেখিছো৷ কিন্তু ইয়াত যি পৰিশ্ৰম কৰিবলগীয়া হৈছে, সেয়া অতুলনীয়৷ মই সেই সকলো ইঞ্জিনিয়াৰ আৰু শ্ৰমিকৰ প্ৰতি আজি বিশেষভাবে কৃতজ্ঞতা জনাইছো, যিসকলে সাহস কৰি এই কামত লাগি আহিছে আৰু সমগ্ৰ অঞ্চলৰ লোকসকলৰ এই সপোন বাস্তবায়িত কৰি দেখুৱালে, তেওঁলোকৰ এই পৰিশ্ৰম আৰু সাহসে লাখ লাখ গুজৰাটীৰ বাবে এই নতুন সেৱা সম্ভৱ হৈছে, তেওঁলোক সকলোকে মই অভিনন্দন জনাইছো৷

বন্ধুসকল,

গুজৰাটত সামুদ্রিক বাণিজ্যৰ এক সমৃদ্ধ ঐতিহ্য আছে৷ অলপ সময়ৰ পূৰ্বে মনসুখভায়ে বিস্তৃতভাৱে কৈছিল, কিদৰে আমি যুগ যুগ ধৰি সামুদ্রিক বাণিজ্যৰ সৈতে জড়িত৷ কিন্তু বিগত দুই দশক ধৰি গুজৰাটত যিদৰে এই সামুদ্রিক সামর্থ্যক অনুধাৱন কৰি বন্দৰকেন্দ্রিক উন্নয়নক অগ্রাধিকাৰ দিয়া হৈছে, সেয়া প্ৰত্যেক গুজৰাটবাসীৰ বাবে এক গৌৰৱৰ বিষয়৷ এই কামৰ জৰিয়তে গুজৰাটৰ উপকূলৱর্তী অঞ্চলত পৰিকাঠামো উন্নয়নৰ বিভিন্ন প্ৰকল্পৰ কাম আগুৱাই গৈছে৷ ৰাজ্যত জাহাজ নির্মাণৰ নীতি-প্ৰণয়ন, জাহাজ নিৰ্মাণ পার্ক নির্মাণ অথবা বিশেষীকৃত পার্ক নির্মাণৰ দৰে প্ৰতিটো আন্তঃগাঁথনি উন্নয়নক অগ্রাধিকাৰ দিয়া হৈছে৷যেনে-দহেজ এলেকাত গোটা কার্গ’, কেমিকেল আৰু এলএনজি টার্মিনেল আৰ মুন্দ্রাত কল টার্মিনেল নিৰ্মাণ কৰা হৈছে৷ ইয়াৰ সমান্তৰালভাৱে ভেচেল ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম আৰু গ্রাউণ্ড ব্রেকিং যোগাযোগ ব্যৱস্থাৰ প্ৰকল্পকো আমি সম্পূর্ণৰূপে উসাহ যোগাই আহিছো৷ এই সকলো প্ৰচেষ্টাৰ ফলত গুজৰাটৰ বন্দৰ ক্ষেত্ৰই নতুন লক্ষ্য উপনীত হব পাৰিছে৷

বন্ধুসকল,

কেৱল বন্দৰত আন্তঃগাঁথনি নির্মাণেই নহয়, সেই বন্দৰসমূহৰ সমীপৰ এলেকাত বসবাস কৰা জনগণৰ জীৱন সহজ কৰি তোলাৰ বাবে বহু কাম কৰা হৈছে৷ উপকূলৱৰ্তী এলেকাৰ সম্পূর্ণ বাস্তৱ ব্যৱস্থাক আধুনিক কৰি তুলিবলৈ আমি যথেষ্ট কাম কৰিছো৷ সেয়া জাহাজ নির্মাণ উদ্যোগৰ কাম কৰাৰ বাবে স্থানীয় যুৱক-যুৱতীসকলৰ প্ৰশিক্ষণৰ জৰিয়তে দক্ষতা বিকাশ কৰি তেওঁলোকৰ কর্মসংস্থাপন সুনিশ্চিত কৰা ইত্যাদি প্ৰচেষ্টাই গুজৰাটত বন্দৰকেন্দ্রিক উন্নয়নৰ পৰিধিক বহুত প্ৰসাৰিত কৰিছে৷ আমাৰ চৰকাৰে উপকূলৱৰ্তী এলেকাত সকলো ধৰণৰ বুনিয়াদী সেৱাৰ উন্নয়ন সুনিশ্চিত কৰিছে৷

বন্ধুসকল,

এই ধৰণৰ বহু প্ৰচেষ্টাৰ ফলত গুজৰাট আজি একপ্ৰকাৰ ভাৰতৰ সামুদ্রিক সিংহদ্বাৰ ৰূপে প্ৰতিষ্ঠিত হৈছে; সমৃদ্ধিৰ সিংহ দুৱাৰ! বিগত দুই দশকত পৰম্পৰাগত সমুদ্ৰ বন্দৰ পৰিচালন ব্যৱস্থাৰ বিপৰীতে সমগ্ৰ গুজৰাটত এক সংহত ঐক্যবদ্ধ মডেল আৰম্ভ কৰা হৈছে৷ এই মডেলে আজি এক মানদণ্ড ৰূপে বিকশিত হৈছে৷ বর্তমান মুন্দ্রা ভাৰতৰ বৃহত্তম বহুমুখী বন্দৰ৷ ছিক্কা আটাইতকৈ ডাঙৰ সমুদ্ৰই আৱৰি থকা বন্দৰ৷ এই প্ৰচেষ্টাৰ ফলত গুজৰাটৰ বন্দৰসমূহে আজি দেশৰ প্ৰধান সামুদ্রিক কেন্দ্ৰ ৰূপে আত্মপ্ৰকাশ কৰিছে৷ বিগত বৰ্ষত দেশত মুঠ সামুদ্রিক বাণিজ্যৰ ৪০ শতাংশতকৈও অধিক এই গুজৰাট বন্দৰসমূহৰ জৰিয়তে সম্পন্ন হৈছে৷ এই তথ্য আজি মই প্ৰথম গুজৰাটবাসীক অৱগত কৰিছো৷

বন্ধুসকল,

আজি গুজৰাটত সামুদ্রিক বাণিজ্য বৃদ্ধিৰ জৰিয়তে সংশ্লিষ্ট আন্তঃগাঁথনি আৰু সক্ষমতা গঢ়াটো ত্বৰান্বিত কৰাৰ কাম চলিছে৷ যেনে গুজৰাটৰ মেৰিটাইম ক্লাষ্টাৰ, গুজৰাট মেৰিটাইম ইউনিভাৰ্চিটী, ভাৱনগৰত বিশ্বৰ প্ৰথম চিএনজি টার্মিনেল ইত্যাদি এই ধৰণৰ বহু সেৱা গুজৰাটত সৃষ্টি কৰা হৈছে৷ গিফট চিটীত নির্মীয়মান গুজৰাট মেৰিটাইম ক্লাস্টাৰ সমুদ্ৰ বন্দৰৰ পৰা আৰম্ভ কৰি সমুদ্ৰভিত্তিক সামগ্ৰী পৰিবহণত সমর্পিত এক উন্নত ব্যৱস্থা গঢ় লৈ উঠিব৷ এই ক্লাস্টাৰে চৰকাৰ, উদ্যোগ আৰু শিক্ষা প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতাক গুৰুত্ব দিব৷ ইয়াৰ ফলত এই ক্ষেত্রত মূল্য সংযোজনৰ জৰিয়তে কামৰ গতিও কর্ষ বৃদ্ধি পাব৷

বন্ধুসকল,

বিগত বছৰসমূহত দহেজত ভাৰত প্ৰথম ৰাসায়নিক টার্মিনেল গঢ় লৈ উঠিছে৷ ইয়াৰ সমান্তৰালভাৱে প্ৰথম এলএনজি টার্মিনেলো গঢ় লৈ উঠিছে৷ এতিয়া ভাৱনগৰ বন্দৰত বিশ্বৰ প্ৰথম চিএনজি টার্মিনেল গঢ় লৈ উঠিছে৷ চিএনজি টার্মিনেলৰ উপৰি ভাৱনগৰ বন্দৰত ৰ টার্মিনেল আৰু লিকুইড কার্গটার্মিনেল আৰু কণ্টেনাৰ টার্মিনেলৰ দৰে সেৱাও প্ৰস্তুত কৰা হৈছে৷ এই সকলো টার্মিনেল গঢ় লৈ উঠিলে ভাৱনগৰ বন্দৰৰ ক্ষমতা বহুতগুণে বৃদ্ধি পাব৷

বন্ধুসকল,

আমাৰ চৰকাৰে ঘোঘা আৰু দহেজৰ মাজত ফেৰী সেৱাও দ্রুতগতিত আৰম্ভ কৰাৰ প্ৰচেষ্টাৰে কাম কৰি আহিছে৷ এই প্ৰকল্প সম্পূর্ণ কৰাৰ ক্ষেত্রত বহুত প্রাকৃতিক বাধা-বিঘিনিৰ সন্মুখীণ বলগীয়া হৈছে৷ আধুনিক প্ৰযুক্তিৰ জৰিয়তে সেই বাধা-বিঘিনি অতিক্ৰম কৰাৰ চেষ্টা কৰা হৈছে৷ মই ভাৱো অতিশীঘ্ৰে আমি ঘোঘা আৰু দহেজৰ মাজত এই সেৱা আৰম্ভ কৰিবলৈ সক্ষম ম৷

বন্ধুসকল,

সামুদ্রিক বাণিজ্যৰ বাবে দক্ষতা বিকাশৰ জৰিয়তে বিশেষজ্ঞ গঢ় দিয়া, প্ৰশিক্ষিত মানৱ সম্পদৰ যোগান অব্যাহত ৰাখিবলৈ গুজৰাটৰ মেৰিটাইম ইউনিভাৰ্চিটী এক ডাঙৰ কেন্দ্ৰ৷ এয়া এই ধৰণৰ বিশেষজ্ঞ প্ৰশিক্ষণৰ উপযোগী দেশৰ প্ৰথম শিক্ষা প্ৰতিষ্ঠান৷ আজি ইয়াত সামুদ্রিক আইন আৰু আন্তর্জাতিক বাণিজ্যৰ আইন-কানুন সম্পর্কে পঢ়াশুনাৰ পৰা আৰম্ভ কৰি মেৰিটাইম মেনেজমেণ্ট, জাহাজ আৰু লজিষ্টিক্স বিষয়ত এমবিএলৈকে পঢ়াৰ সুবিধা আছে৷ বিশ্ববিদ্যালয়ৰ উপৰি মনসুখভায়ে অলপ সময়ত পূৰ্বে যি লোথালৰ কথা কৈছে তাত দেশৰ সমুদ্ৰ বাণিজ্যৰ ইতিহাস আৰু ঐতিহ্য সংৰক্ষণকাৰী দেশৰ প্ৰথম ৰাষ্ট্ৰীয় সংগ্ৰহালয় গঢ় দিয়াৰ লক্ষ্যৰে কাম কৰি থকা হৈছে৷

বন্ধুসকল,

আজিৰ ’-পেক্স ফেৰী সেৱাই হওক অথবা কেইদিনমান পূৰ্বে আৰম্ভ কৰা ছী-প্লেন সেৱাৰ জৰিয়তে জলসম্পদভিত্তিক অর্থনীতি যথেষ্ট পৰিমাণে বিকশিত হৈ উঠিব৷ আপোনালোক দেখিছে কিমান ক্ষিপ্ৰতাৰে গুজৰাটে জল-স্থল-আকাশ-এই তিনিটা ক্ষেত্রৰ অর্থনীতিত আগুৱাই গৈছে৷ কেইদিনমান পূৰ্বে গিৰনাৰত পৱে উদ্বোধনৰ মোৰ সৌভাগ্য হৈছে, এই সুবিধাই গুজৰাটলৈ অহা পর্যটকসকলৰ সেৱা প্ৰদানৰ জৰিয়তে পর্যটন উদ্যোগক নতুন গতি প্ৰদান কৰিব৷ আকাশীপথেৰে পর্যটনৰ এয়া এক নতুন মাধ্যম৷ তদুপৰি, ছী-প্লেন সেৱা উদ্বোধনৰো সৌভাগ্য হৈছে৷ এই উৰাজাহাজসমূহ এক পানীৰ পৰা উৰি আকৌ আন ঠাইত গৈ পানীতে অৱতৰণ কৰে৷ আজি সমুদ্রৰ মাজত বহু সময় কটোৱাৰ সুযোগ পাই গুজৰাটলৈ পর্যটক অহাৰ গতি কিমান বৃদ্ধি পাব, সেয়া আপোনালোক খুব ভালদৰে অনুমান কৰিব পাৰিছে৷

 

বন্ধুসকল,

যেতিয়া সমুদ্রৰ প্ৰসংগ উত্থাপন হৈছে, পানীৰ কথা উঠিছে, সেয়েহে আপোনালোকক কও মীনপালনৰ পৰা আৰম্ভ কৰি ব্যৱসায় আৰু ছী-উইডৰ খেতি আৰু নদী আৰু সমুদ্ৰপথত পৰিবহণ ব্যৱস্থা আৰু পর্যটন এই সকলো ক্ষেত্রত বিগত বছৰসমূহত বহুত ঐকান্তিক প্ৰচেষ্টাৰে দেশৰ নীল অর্থনীতিক বিকাশ সাধনৰ চেষ্টা কৰা হৈছে৷ আগতে সমুদ্ৰ অর্থনীতিৰ কথা কোৱা হৈছিল আৰু আজি আমি নীল অর্থনীতিৰ কথা কৈছো৷

বন্ধুসকল,

সমুদ্ৰ উপকূলৱৰ্তী সম্পূর্ণ ব্যৱস্থা আৰু স্যজীৱি বন্ধুসকলৰ সহায়ৰ বাবে বিগত বৰ্ষত বহুত প্ৰকল্প আৰম্ভ কৰা হৈছে৷ মস্যজীৱিসকলৰ আধুনিক ট্ৰলাৰ প্ৰদান কৰাই হওক বা আর্থিক সহায় বা পৰিৱেশ বা সমুদ্ৰপথৰ সঠিক তথ্য প্ৰদানকাৰী নেভিগেচন ছিষ্টেম সেই ট্ৰলাৰগুসমূহ স্থাপনৰ জৰিয়তে আমি স্যজীৱিসকলৰ নিৰাপত্তা আৰু সমৃদ্ধিক অগ্রাধিকাৰ দিছো৷ বৰ্তমান স্য বাণিজ্যক সাহ প্ৰদানৰ বাবে প্ৰধানমন্ত্রী স্য সম্পদা যোজনা আৰম্ভ কৰা হৈছে ইয়াৰ জৰিয়তে অহা বছৰসমূহ মীনপালনৰ দৰে আন্তঃগাঁথনি নির্মাণত ২০,০০০ কোটি টকা ব্যয় কৰা ব৷ এই বিনিয়োগৰ জৰিয়তে গুজৰাটৰ লাখ লাখ মীন পালক পৰিয়াল উপকৃত ব৷ দেশৰ অর্থনীতিও সমৃদ্ধ ব৷

 

বন্ধুসকল,

আজি সমগ্ৰ দেশৰ সমুদ্ৰ সীমাত বন্দৰসমূহৰ ক্ষমতা বৃদ্ধি কৰা হৈছে আৰু দ্রুতগতিত বহু নতুন নতুন বন্দৰ নির্মাণৰ কামো চলি আছে৷ দেশৰ আভ্যন্তৰত যি প্রায় ২১,০০০ কিলোমিটাৰ জলপথ আছে, সেই জলপথক দেশৰ উন্নয়নত কিদৰে সৰ্বাধিক কামত লগোৱা হয়, সেই ক্ষেত্ৰত সুপৰিকল্পিতভাৱে কাম কৰা হৈছে৷ সাগৰমালা প্ৰকল্পৰ জৰিয়তে আজি সমগ্ৰ দেশত ৫০০তকৈও অধিক প্ৰকল্পৰ কাম চলিছে৷ ইতিমধ্যে লক্ষাধিক টকাতকৈ অধিক বিনিয়োগেৰ জৰিয়তে বহু প্ৰকল্পৰ কাম সম্পূর্ণ হৈছে৷

 

বন্ধুসকল,

সামুদ্রিক জলপথেই হওক বা নদীপথ; ভাৰতৰ কোনো দিনেই সম্পদ আৰু দক্ষতাৰ অভাৱ নাছিল৷ এইটো সকলোৱে জানে যে পথ বা ৰেলপথৰ তুলনাত জলপথ পৰিবহণ বহু সস্তা আৰু পৰিৱেশৰ বাবে কম ক্ষতিকাৰক হয়৷ সেয়েহে এই লক্ষ্যত এক সামগ্রিক দৃষ্টিভংগীৰে কাম কৰাটো ২০১৪ৰ পাছত সম্ভৱ হৈছে৷ এই নদীসমূহ, এই সমুদ্ৰ মোদী প্ৰধানমন্ত্রী হোৱাৰ পাছত অহা নাই, এইবোৰ আগৰ পৰাই আছিল৷ কিন্তু সেই দৃষ্টি নাছিল৷ যিটো ২০১৪ চনৰ পাছৰ পৰা দেশবাসীয়ে আজি অনুভৱ কৰিব পাৰিছে৷ আজি সমগ্ৰ দেশত নদীসমূহ যি অভ্যন্তৰীণ জলপথ গঢ়ি তোলাৰ কাম চলিছে, সেইবোৰৰ জৰিয়তে বহুত স্থলবেষ্টিত ৰাজ্যক সমুদ্রৰ সৈতে যুক্ত কৰা হৈছে৷ আজি বংগোপসাগৰ, ভাৰত মহাসাগৰ আৰু আৰৱ সাগৰত আমাৰ ক্ষমতা অভূতপূর্বধৰণে বিকাশ হোৱা পৰিলক্ষিত হৈছে৷ দেশৰ সমুদ্রিক জলসীমা যাতে আত্মনির্ভৰ ভাৰত এক গুৰুত্বপূর্ণ অংশ হৈ উঠে, সেই লক্ষ্যৰে নিৰন্তৰ কাম চলি আছে৷ চৰকাৰৰ এই প্ৰচেষ্টাসমূহ আৰু অধিক গতি প্ৰদান কৰিবলৈ এক ডাঙৰ পদক্ষেপ লোৱা হৈছে৷ জাহাজ মন্ত্ৰালয়ৰ নাম সলনি কৰি এতিয়া ইয়াৰ নাম বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় ৰখা হৈছে৷ তাৰ মানে এই মন্ত্ৰালয়ৰ কামৰ পৰিধি বিস্তাৰ কৰা হৈছে৷ উন্নত অর্থনীতিৰ দেশসমূহৰ মাজত অধিকাংশ দেশে জাহাজ পৰিবহণ মন্ত্ৰালয়ে বন্দৰ আৰু জলপথৰ দায়িত্ব চম্ভালে৷ ভাৰতেও জাহাজ মন্ত্ৰালয়ে বন্দৰ আৰু জলপথ উন্নয়নৰ বহুত কাম কৰি আহিছে৷ কিন্তু এতিয়া নাম পৰিৱর্তনৰ জৰিয়তে কামতো অধিক স্পষ্টতা পৰিলক্ষিত বুলি মোৰ বিশ্বাস৷

 

বন্ধুসকল,

আত্মনির্ভৰ ভাৰতত নীল অর্থনীতি সমৃদ্ধ কৰিবলৈ সমুদ্ৰপথত সামগ্ৰী পৰিবহণো শক্তিশালী কৰাৰ প্ৰয়োজন আছে৷ কাৰণ, আমাৰ অর্থনীতিতো সামগ্ৰীপৰিবহণৰ ব্যয় সৰ্বাধিক৷ অর্থা দেশৰ অটা অঞ্চলৰ পৰা অন্য এটা অঞ্চললৈ সামগ্ৰী পৰিবহণৰ ক্ষেত্রত ব্যয় অন্যান্য দেশৰ তুলনাত আমাৰ দেশত বেছি হয়৷ জলপথ পৰিবহণৰ জৰিয়তে এই সামগ্ৰী পৰিবহণৰ খৰচো বহুতপৰিমাণে কম কৰিব পাৰে৷ সেই বাবে আমি এনে ধৰণৰ পৰিকাঠামো উন্নয়নক গুৰুত্ব দিছো কার্গৰ বাধাহীন পৰিবহণ সুনিশ্চিত ব৷ আজি এক উন্নত পৰিকাঠামোৰ সমান্তৰালভাৱে উন্নত মেৰিটাইম লজিষ্টিক্সৰ বাবে ছিংগল উইণ্ড ছিষ্টেমত কাম কৰাৰ দিশে অগ্ৰসৰ হৈছে৷

বন্ধুসকল,

সামগ্ৰী পৰিবহণত ব্যয় হাস্ৰ কৰিবলৈ এতিয়া দেশত বহুমুখী যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে এক সংহত দৃষ্টিভংগী আৰু সুদূৰপ্ৰসাৰী ভাৱনা লৈ আগুৱাই গৈছে৷ আমি চেষ্টা কৰিছো, যাতে পথ, ৰেলপথ, আকাশীপথ আৰু জাহাজ পৰিবহণৰ দৰে পৰিকাঠামোৰ পাৰস্পৰিক যোগাযোগ আৰু উন্নত কৰা যায় আৰু সেয়া কৰিবলৈ আমি যি ধৰণৰ শিথিলতা বা বাধা-বিঘিনিৰ সন্মুখীন হও, সেইবোৰো কিদৰে দূৰ কৰিব পৰা যায়, সেই চেষ্টা চলিছে৷ দেশত বহু মাল্টিমডেল লজিষ্টিক পার্ক গঢ়ি তোলা হৈছে যাতে কেৱল আভ্যন্তৰীণ সামগ্ৰী পৰিবহণেই নহয়, আমাৰ প্ৰতিৱেশী দেশসমবহৰ সৈতে বহুমুখী যোগাযোগ ব্যৱস্থা উন্নয়নৰ ক্ষেত্রত মিলি কাম চলিছে৷ মোৰ দৃঢ় বিশ্বাস এই সকলো প্ৰচেষ্টাৰ ফলত আমি প্ৰতিবেশী দেশসমূহৰ পৰিবহণ ব্যয় বহুত হ্ৰাস কৰাত আমি সফল ম৷ সামগ্ৰী পৰিবহণত ব্যয় নিয়ন্ত্ৰণৰ বাবে এই প্ৰচেষ্টাসমূহৰ জৰিয়তে আমাৰ অর্থনীতিয়েও নতুন প্রাণ সঞ্চাৰ ব৷

 

বন্ধুসকল,

সৱৰ এই দিনসমূহ দেশত যথেষ্ট পৰিমাণে কিনা-বেচা চলিছে৷ এই বেচা-কিনাৰ সময়ত মই ছুৰাটৰ জনগণক এক অনুৰোধ জনাও যে ছুৰাটৰ মানুহে নিয়মীয়াকৈ সমগ্ৰ পৃথিৱীত তেওঁলোকৰ ব্যৱসায়িক লেনদেনৰ বাবে প্ৰসিদ্ধ৷ সেইবাবে তেওঁলোকে যেন এই বেচা-কিনাৰ সময়ত ভোকেল ফৰ লোকেলমন্ত্ৰ নাপাহৰে৷ মই দেখিছো বহুতে মাটিৰ চাকি বিক্ৰীৰ জৰিয়তে আত্মনির্ভৰ হৈ উঠে৷ আমি কেৱল ভাৰতত প্ৰস্তুত কৰা চাকি কিনিম৷ কিন্তু আপোনালোকে যি যি সাজ পৰিধান কৰে, ঘৰৰ বা বাহিৰত যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰে, সেইবোৰৰ অধিকাংশই আমাৰ দেশৰ ক্ষুদ্ৰ শিল্পীসকলে নির্মাণ কৰিবলৈ সক্ষম৷ আমি তেওঁলোকক সুযোগ দিব নোৱাৰোনে? দেশক আগুৱাই নিয়াৰ দায়িত্বতো আমাৰ সকলোৰে আছে বন্ধুসকল৷ সেইবাবে আমাৰ ক্ষুদ্ৰ উদ্যোগৰ হস্তশিল্পীসকল, গাঁৱৰ মাতৃ-ভগ্নীসকলে প্ৰস্তুত কৰা সামগ্ৰী ব্যৱহাৰ কৰিম আৰু সগৌৰৱে বিশ্ববাসীক কও যে এইবোৰ মোৰ গাঁৱৰ মানুহে বনাইছে, মোৰ জিলাৰ মানুহে বনাইছে, আমাৰ দেশৰ গাঁৱৰ লোকসকলে বনাইছে৷ দেখিব, আপোনালোকৰ বুকু গৌৰৱত উঠলি উঠিব৷ দীপাৱলী সৱৰ আনন্দই বেলেগ গৈ পৰিব৷ সেইবাবে মই কও যেভোকেল ফৰ লোকেলৰ ক্ষেত্রত কোনো ধৰণৰ আপোচ নকৰিব৷

দেশে স্বাধীনতা লাভ কৰাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি পালনৰ লক্ষ্যে আগুৱাই গৈছে৷ তাৰপূৰ্বে আমি এই মন্ত্ৰক জীৱনৰ মূল মন্ত্ৰ হিচাপে পালন কৰিব লাগিব৷ আমাৰ পৰিয়াল, ঘৰৰ প্ৰত্যেক ব্যক্তিৰ মনত এই ভাৱ জগাই তুলিব লাগিব৷ সেই বাবে এইবাৰৰ দীপাৱলী যেন আমাৰ সকলোৰে প্ৰচেষ্টাত ভোকেল ফৰ লোকেল এক টার্নিং পইণ্ট হৈ উঠে-এই প্রার্থনা মই মোৰ গুজৰাটৰ ভাই-ভনীসকলৰ প্ৰতি কৰিছো৷ মই জানো এই অনুৰোধ কৰাৰ অধিকাৰ মোৰ আছে৷ আৰু এইটোও জানো আপোনালোক মোক হতাশ নকৰে৷ অলপ সময়ৰ পূৰ্বে নন্দলালজীয়ে কৈছিল, আপোনালোক মোক যি অনুৰোধ কৰিছিল, মই সেইবোৰ আখৰে আখৰে পালন কৰিছো৷ মই অতিশয় আনন্দিত যে মইও এদিন নন্দলালজীক যি কৈছিলো, সেয়া তেৱোঁ আখৰে আখৰে পালন কৰিছে৷ আপোনালোক সকলোৱেই মোৰ বাবে একো একোজন নন্দলাল৷ আহক, কষ্ট কৰো৷ আমি দেশৰ দুখীয়া লোকসকলৰ বাবে কিবা এটা কৰো৷ এনেদৰে দীপাৱলী পালন কৰো, যাতে তেওঁলোকৰ ঘৰতো দীপাৱলী উসব পালনৰ পৰিৱেশ গঢ়ি লৈ উঠে৷ এনেদৰে চাকি জ্বলাও যাতে দেশৰ প্ৰতিগৰাকী দুখীয়াৰ ঘৰত চাকি জ্বলে৷ ভোকেল ফৰ লোকেলমন্ত্ৰ পালনৰ জৰিয়তেহে এইটো সম্ভৱ৷ মোৰ দৃঢ় বিশ্বাস ৰোনাৰ এই সংকটৰ সময়ত আপোনালোক সকলোৱেই অধিক সতর্কতাৰে উসৱ পালন কৰিব৷ আপোনালোক সকলো নিৰাপদে থাকিলেহে দেশো নিৰাপদে থাকিব৷

মোৰ প্রিয় ভাই-ভনীসকল, দেশৰ সকলো ভাই-ভনীসকলক মই আগতীয়াকৈ ধনতেৰাছ আৰু দীপাৱলীৰ শুভেচ্ছা জনাইছো৷ গুজৰাটৰ জনসাধৰণক নতুন বছৰৰ বহু বহু শুভকামনা জনাইছো৷ আপোনালোকৰ সকলোকে প্ৰতিটো সৱৰ বাবে বহুত বহুত শুভকামনা জনাইছো৷

বহুত বহুত ধন্যবাদ৷

*****

DS/VJ/DB



(Release ID: 1671423) Visitor Counter : 227