তীখা মন্ত্ৰালয়

ষ্টিল অথৰিটি অৱ ইণ্ডিয়াই চলিত বিত্তবৰ্ষৰ দ্বিতীয় পৰ্বত উপনীত হৈছে

এই সময়ত ২০% ৰ অধিক টাৰ্নঅভাৰ নথিভুক্ত কৰিছে

Posted On: 07 NOV 2020 4:32PM by PIB Guwahati

তীখা মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় সংস্থা, ষ্টিল অথৰিটি অৱ ইণ্ডিয়া(ছেইল) এ চলিত ২০২০-২১ বিত্তবৰ্ষৰ দ্বিতীয় পৰ্বৰ বিত্ত ফলাফল ঘোষণা কৰিছে। এই ফলাফলত সংস্থাটোৰ দৃঢ় কৰ্মদক্ষতা প্ৰকাশ পাইছে। চলিত বিত্তবৰ্ষত সংস্থাটোৰ তৰফৰ পৰা প্ৰকাশিত বিবৃতিত উল্লেখ কৰা হৈছে যে কৰ প্ৰদানৰ পূৰ্বে সংস্থাৰ লাভৰ পৰিমাণ ৬১০.৩২ কোটি টকা আৰু কৰ প্ৰদানৰ পিছত লাভৰ পৰিমাণ ৩৯৩.৩২ কোটি টকা হৈছে। বিগত বছৰত এই সময়খিনিতেই সংস্থাটোৰ কৰ প্ৰদানৰ পূৰ্বে ক্ষতিৰ পৰিমাণ আছিল ৫২৩.০৩ কোটি টকা আৰু কৰ প্ৰদানৰ পিছত ক্ষতিৰ পৰিমাণ আছিল ৩৪২.৮৪ কোটি টকা। কোভিড-১৯ মহামাৰীৰ প্ৰতিকূল পৰিস্থিতি সত্বেও সংস্থাটোৱে, ইয়াৰ কৰ্মদক্ষতা বজায় ৰাখি লাভ কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেদৰে বিগত বছৰৰ এই সময়ৰ তুলনাত ছেইলে, চলিত বিত্তবৰ্ষৰ দ্বিতীয় পৰ্বত ২০ শতাংশ টাৰ্ণঅভাৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। যাৰ ধনৰ পৰিমাণ ১৬৮৩৪.১ কোটি টকা। সংস্থাটোৱে এই পৰ্বত ইবিআইটিডিএ-ৰ পূৰ্বে বিগত বছৰৰ তুলনায় অভূতপূৰ্ব উন্নয়ন কৰিছে যাৰ পৰিমাণ ৫৮.৭%। কোভিড পৰিস্থিতিৰ প্ৰতিকূলতা সত্ত্বেও সংস্থাটোৱে বিশেষ কৰ্মদক্ষতা দেখুৱাইছে আৰু জুন মাহৰ পিছৰে পৰা নিজৰ বিক্ৰয় হাৰ বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে।

উন্নত মানৰ তীখা উৎপাদনৰ দিশে সংস্থাটোৱে বিশেষ গুৰুত্ব দি চলিত বত্তবৰ্ষত ৩.৭৫২ মেট্ৰিক টন তীখা উৎপাদন কৰি ৰেকৰ্ড সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে ২০১৮ বিত্তবৰ্ষৰ দ্বিতীয় পৰ্বত ছেইলে আটাইতকৈ বেছি উৎপাদন কৰে ৩.৬৫৮ মেট্ৰিক টন। বিগত বৰ্ষৰ তুলনাত এই বছৰ সংস্থাটোৱে ৫%তকৈ অধিক বিক্ৰয়যোগ্য তাখী উৎপাদন কৰিছে।

 

চলিত বিত্তবৰ্ষৰ দ্বিতীয় পৰ্বত, সংস্থাটোৰ উন্নত কাৰ্যদক্ষতাৰ বিষয়ত ছেইলৰ সভাপতি শ্ৰী অনিল কুমাৰ চৌধুৰীয়ে কয়, বছৰৰ আৰম্ভণিতেই অভাৱনীয় প্ৰতিকূলতাৰ সমূখীন হ’বলগীয়া হয় সমগ্ৰ বিশ্ব। এই সময়ত কামৰ সমন্বয় বজায় ৰাখি আৰু পূৰ্ণ শক্তি ব্যৱহাৰ কৰি সকলো বাধা অতিক্ৰম কৰি নিজৰ দক্ষতা প্ৰমাণৰ দায়বদ্ধতা আছিল ছেইলৰ সমূখত। ছেইলে সেয়া কৰিবলৈ সক্ষম হৈছে আৰু লাভৰো মুখ দেখিছে। আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণত বিশ্বমানৰ তীখা উৎপাদন কৰি অহা ছেইলে আগন্তুক দিনতো কাৰ্যদক্ষতা প্ৰদৰ্শন কৰি যাব।

*******

YB/TFK/RD


(Release ID: 1671174) Visitor Counter : 183