স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

স্বাস্থ্য মন্ত্ৰালয়ৰ টেলিমেডিচিন সেৱা ইসঞ্জীৱনীয়ে সম্পূৰ্ণ কৰিলে ৭ লাখ কনচালটেশ্যন

দৈনিক ১০,০০০ ৰোধিক পেচেন্ট-ডাক্তৰ কনচালটেশ্যনৰ শেহতীয়া ধাৰাৰ ১১ দিনত অন্তিম ১ লাখ সম্পন্নত সহায়

Posted On: 07 NOV 2020 3:42PM by PIB Guwahati

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় টেলিমেডিচিন সেৱা ইসঞ্জীৱনীয়ে আজি ৭ লাখ কনচালটেশ্যন সম্পূৰ্ণ কৰিলে। অন্তিম এক লাখ কনচালটেশ্যন ১১ দিনত সম্পন্ন হয়। ভাৰ্চুৱেলী অ’পিডি সেৱা আগবঢ়োৱা এই বিশিষ্ট ডিজিটেল মডেলিটিটোৱে ক্ষীপ্ৰতাৰে জনপ্ৰিয়তা লাভ কৰিছে। প্ৰতি দিনে ১০,০০০ ৰোধিক কনচালটেশ্যনৰ অভিলেখৰে, ই দেশখনত প্ৰৱৰ্তন কৰা সৰ্ববৃহৎ অ’পিডি সেৱালৈ পৰ্যবসিত হৈছে।

স্বাস্থ্য সেৱালৈ এক উদ্ভাৱনীমূলক ব্যৱস্থা আগবঢ়াই, ইসঞ্জীৱনীয়ে সৰু চহৰ আৰু গ্ৰামাঞ্চলসমূহত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছিল। ৰোগীসকলৰ বাবে টেলিমেডিচিন উপকাৰী হৈ উঠাৰ ওপৰিও, ই চিকিৎসকসকলৰ বাবেও সুবিধাজনক হৈ উঠিছিল। যাৰ জৰিয়তে ভাৰ্চুৱেলী উপস্থিত থকা ৰোগীসকলক তেওঁলোকে পৰামৰ্শ প্ৰদান কৰে। ইসঞ্জীৱনীয়ে সেৱা আগবঢ়াবলৈ চিকিৎসকসকল এটা নিৰ্দিষ্ট স্থানত থকাৰ প্ৰয়োজনীয়তা দূৰ কৰে, ই বিশেষতঃ বৃহৎ ভৌগলিক অঞ্চলৰ ৰাজ্যসমূহক তেওঁলোকৰ মানৱ সম্পদৰ শ্ৰেষ্ঠতৰ পৰিচালনাৰ অৰ্থে সুবিধা আগবঢ়ায়। ইসঞ্জীৱনীৰ জৰিয়তে, ৰোগীসকলে ভাৰ্চুৱেল কিউত উপস্থিত থাকি মেডিকেল কনচালটেশ্যনৰ আশা কৰিব পাৰে আৰু আন এখন চহৰত থাকিও ভাৰ্চুৱেলী উপলব্ধ হোৱা চিকিৎসকক প্ৰত্যক্ষ কৰিব পাৰে। প্ৰতিটো অনলাইন অ’পিডি কনচালটেশ্যনতে ইপ্ৰেচক্ৰিপশ্যন সৃষ্টি হয় যাক ঔষধ ক্ৰয়ত ব্যৱহাৰ কৰিব পাৰি তথা ডায়েগনিষ্টিক অনুসন্ধানত ই ব্যৱহাৰযোগ্য হৈ উঠে। কেৰালা আৰু তামিল নাডুৰ দৰে ৰাজ্যসমূহে ইতিমধ্যে ইপ্ৰেচক্ৰিপশ্যনসমূহক অগ্ৰাধিকাৰ প্ৰদান নিশ্চিত কৰিবলৈ চৰকাৰী নিৰ্দেশনা জাৰি কৰিছে।

শেহতীয়াভাৱে মধ্য প্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকৰ দৰে ৰাজ্যসমূহত ইসঞ্জীৱনীৰ ব্যৱহাৰ লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে। তামিল নাডু, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰাখণ্ডত ইসঞ্জীৱনীৰ ব্যৱহাৰ ইতিমধ্যেই বেছি আৰু যোৱা কেইমাহমানত এয়া ক্ষীপ্ৰতাৰে বৃদ্ধি পাইছে। ইসঞ্জীৱনী আৰু ইসঞ্জীৱনী অ’পিডি প্লেটফৰ্মৰ জৰিয়তে সৰ্বাধিক কনচালটেশ্যন সম্পন্ন হোৱা শীৰ্ষ দহ ৰাজ্যৰ ভিতৰত আছেঃ তামিল নাডু, উত্তৰ প্ৰদেশ, কেৰালা, হিমাচল প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট, উত্তৰাখণ্ড, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ। ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে চেন্টাৰ ফৰ ডেভলপমেন্ট অৱ এডভান্সড কম্পিউটিং (ম’হালি)ৰ লগ-লাগি ৰাজ্য প্ৰশাসনসমূহৰ সৈতে আলোচনামৰ্মে ইসঞ্জীৱনীৰ সামৰ্থ্যৰ বৰ্ধন আৰু নতুন কাৰ্যব্যৱস্থা যোগ দিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ইসঞ্জীৱনীয়ে দুই ধৰণৰ অনলাইন কনচালটেশ্যন সম্পন্ন কৰে। এটা হৈছে জেনেৰেল ফিজিচিয়ান আৰু আনটো হৈছে মেডিকেল বিশেষজ্ঞৰ সৈতে। এয়া হৈছে ডাক্তৰ-টু-ডাক্তৰ (ইসঞ্জীৱনী এবি-এইচডব্লিউচি) আৰু পেচেন্ট-টু-ডাক্তৰ (ইসঞ্জীৱনী অ’পিডি) টেলি-কনচালটেশ্যন। পূৰ্বৰ ধৰণটো ২০১৯ৰ নৱেম্বৰত প্ৰৱৰ্তন কৰা হৈছিল আৰু ই হৈছে আয়ুষ্মান ভাৰত হেল্থ আৰু ৱেলনেছ চেন্টাৰ (এবি-এইচডব্লিউচি) কাৰ্যক্ৰমৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। ২০২২ৰ ডিচেম্বৰৰ ভিতৰত সকলো ১.৫ লাখ হেল্থ আৰু ৱেলনেছ চেন্টাৰত ‘হাব আৰু স্প’ক’ আৰ্হিত ই-সঞ্জীৱনী (এবি-এইচডব্লিউচি) ৰূপায়ণ কৰা হ’ব। ‘স্প’ক’ অৰ্থাৎ হেল্থ আৰু ৱেলনেছ চেন্টাৰ (এইচডব্লিউচি)লৈ টেলি-কনচালটেশ্যন সেৱা আগবঢ়াবলৈ চিকিৎসা মহাবিদ্যালয় আৰু জিলা চিকিৎসালয়সমূহত সমৰ্পিত ‘হাব’ প্ৰতিষ্ঠা কৰাটো আৱশ্যকীয়। স্বাস্থ্য মন্ত্ৰালয়ে দ্বিতীয়টো প্ৰকাৰ অৰ্থাৎ ইসঞ্জীৱনী অ’পিডি প্ৰৱৰ্তন কৰিছিল এই বৰ্ষৰ এপ্ৰিলত প্ৰথম লকডাউনৰ সময়ত। ইয়াৰ জৰিয়তে পেচেন্ট-টু-ডাক্তৰ টেলিকনচালটেশ্যন সম্পন্ন কৰা হয়। ক’ভিড-১৯ মহামাৰীটোৰ বাবে সমগ্ৰ দেশখনত অ’পিডি বন্ধ হোৱাৰ সময়ত এই ব্যৱস্থাই যথেষ্টখিনি সকাহ প্ৰদান কৰে।

****

MV/SB



(Release ID: 1671172) Visitor Counter : 193