উপ-ৰাষ্ট্ৰপতি সচিবালয়

ভগৱান ৰামৰ জীৱন আৰু গুণসমূহৰ পৰা শিক্ষা লওক আৰু তেওঁ দেখুওৱা শুদ্ধ পথত অগ্ৰসৰ হওক-উপ-ৰাষ্ট্ৰপতি

তেওঁ কয় যে ভগৱান ৰাম এগৰাকী মহান শাসক আছিল, যি সু-শাসনক মহত্ব দিয়াৰ লগতে সদায় প্ৰজাৰ অন্তৰ জয় কৰিছিল

ৰামায়ণক কালজয়ী মহাকাব্য বুলি আখ্যা দি উপ-ৰাষ্ট্ৰপতি নাইডুয়ে কয় যে সামগ্রিক সাংস্কৃতি ঐতিহ্য ইয়াত লিপিবদ্ধ হৈ আছে

বাল্মীকি ৰামায়ণ কেৱল আদি কাব্য(প্ৰথম গ্ৰন্থ)ই নহয়, বৰঞ্চ ই এক অনাদি কাব্য(অন্তহীন মহাকাব্য): উপ-ৰাষ্ট্ৰপতি

ভগৱান ৰামৰ পৰা প্ৰেৰণা লোৱাৰ লগতে সদায় নিজৰ মাতৃভূমিৰ প্ৰতি নিজৰ কৰ্তব্য মনত ৰাখিবলৈ আহ্বান জনায়

শোৱাৰ পূৰ্বে গ্ৰন্থ পঢ়াৰ অভ্যাস ক্ৰমশঃ হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে

“তৱাস্মী- লাইফ এণ্ড স্কিলছ থ্রু দ্য লেন্স অফ ৰামায়ণ” শীৰ্ষক গ্ৰন্থ উন্মোচন

Posted On: 06 NOV 2020 11:21AM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্রী এম ভেংকায়া নাইডুয়ে আজি নৱ প্ৰজন্মক ভগৱান ৰামৰ জীৱন আৰু গুণৰ পৰা শিক্ষা গ্ৰহণৰ পৰামর্শ দিয়াৰ লগতে তেওঁ আমাক যি পথ দেখৱাইছে, সেই পথ অনুসৰণ কৰিলে সফলতা অৰ্জনেৰে জীৱন পূর্ণ কৰিবলৈ কয়৷

‘তৱাস্মী- লাইফ এণ্ড স্কিলছ থ্রু দ্য লেন্স অফ ৰামায়ণ’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰি শ্রী নাইডুয়ে সত্য আৰু ধর্ম কিদৰে প্ৰত্যেকৰে জীৱনত গুৰুত্বপূর্ণ অংগ হৈ উঠিব পাৰে সেই বিষয়ে সদৰি কৰে৷ তেওঁ লগতে কয়, “পিতৃ-মাতৃ, ভাতৃ, পত্নী, বন্ধুবৰ্গ আৰু শত্ৰুৰ লগতে তেওঁৰ গুৰুৰ সৈতে তেওঁৰ সম্পৰ্কই দেখুৱাই যে কেনেকৈ এগৰাকী আদৰ্শবান পুৰুষে জীৱনত বিভিন্ন প্ৰত্যাহ্বান মোকাবিলা কৰাৰ লগতে নিজকে শক্তিশালী ৰূপত থিয় দিছে৷”

মৰ্যদা পুৰুষোত্তম প্ৰভূ ৰাম সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁ এগৰাকী মহান শাসক, যাঁৰ প্ৰশাসনিক দক্ষতা কিংবদন্তীত পৰিণত হোৱাৰ লগতে মানুহৰ অন্তৰ জয় কৰিছিল৷

ৰামায়ণক কালজয়ী মহাকাব্য বুলি আখ্যা দি উপ-ৰাষ্ট্ৰপতি নাইডুয়ে কয় যে সামগ্রিক, সাংস্কৃতি ঐতিহ্য ইয়াত লিপিবদ্ধ হৈ আছে। তেওঁ লগতে কয় যে ভগৱান ৰামে বহু কবি আৰু সন্তক ৰামায়ণ বিভিন্ন ভাষাক লিখাৰ বাবে অনুপ্ৰাণিত কৰিছিল৷ উপ-ৰাষ্ট্ৰপতিয়ে কয়, “বিশ্বত ৰামায়ণৰ বাদে এনে কোনো মহাকাব্য নাই, যিখন বাৰে বাৰে বিভিন্ন ধৰণেৰে বৰ্ণনা কৰা হয়৷”

তেওঁ কয় যে বাল্মীকী ৰামায়ণ কেৱল আদি কাব্যই নহয় ই এক অনাদি কাব্য। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে জনসাধাৰণক ভগৱান ৰামৰ আদর্শৰ প্ৰতি অনুপ্ৰাণিত হৈ মাতৃভূমিৰ প্ৰতি তেওঁলোকৰ কর্তব্য পালনৰ আহ্বান জনায়৷ তেওঁ লগতে কয় যে আমি অসুয়া, অপ্ৰীতি আৰু হিংসাৰ বিৰুদ্ধে ভাল কাম, শুদ্ধ আৰু সম্প্ৰীতিৰ জয়ক উদযাপন কৰো৷

তেওঁ প্ৰসংগক্ৰমে বিশেষকৈ ৰাৱণক পৰাজিত কৰাৰ পাছত ভগৱান ৰামক লক্ষ্ণণে লংকাতে থাকিবলৈ জনোৱা অনুৰোধৰ বিপৰীতে ৰামে অস্বীকাৰ কৰি ‘জননী জন্মভূমিস্ব স্বৰ্গাদপী গৰীয়সী’ বুলি কোৱা কথাষাৰ উল্লেখ কৰে৷ ইয়াৰ অৰ্থ হৈছে ‘মাতৃ আৰু মাতৃভূমি স্বৰ্গতকৈও মহান৷’ তেওঁ এই শব্দ কেইটাৰ পৰা সকলোকে নিজৰ দেশৰ কথা সদায় স্মৰণ কৰিবলৈ কয়, লাগিলে তেওঁ কৰ্মৰ তাগিদাত য’তেই কাম নকৰক কিয়৷

উপ-ৰাষ্ট্ৰপতি নাইডুৱে শোৱাৰ পূৰ্বে গ্ৰন্থ পঢ়াৰ অভ্যাস ক্ৰমশঃ হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে৷ তেওঁ তৱাস্মী গ্ৰন্থখনিৰ চাৰিওটা ভাগেই শোৱাৰ পূৰ্বে পঢ়িবলৈ আহ্বান জনায়৷ তেওঁ এই গ্ৰন্থখনৰ লেখক শ্ৰী ৰাল্লাবাণ্ডি শ্ৰীৰাম চক্ৰধৰ, সহযোগী লেখক শ্ৰীমতী অমৰা সাৰদা দীপ্তিৰ লগতে ইয়াৰ সৈতে জড়িত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে৷

অনলাইনযোগে অনুষ্ঠিত অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় তদাৰকী আয়ুক্ত শ্ৰী কে. ভি. চৌধাৰী আৰু লেখকদ্বয়ৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে৷

****

VRRK/MS/DP/DB



(Release ID: 1670854) Visitor Counter : 334