প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৭ নৱেম্বৰত আইআইটি দিল্লীৰ ৫১ সংখ্যক সমাৱৰ্তন সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 05 NOV 2020 7:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ৭ নৱেম্বৰত আইআইটি দিল্লীৰ ৫১ সংখ্যক সমাৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে সেইদিনা পুৱা ১১ বজাত ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে ভাষণ প্ৰদান কৰিব। অনুষ্ঠানত শিক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰীগৰাকীয়ও থকিব।

বৌদ্ধিক প্ৰতিষ্ঠানটোৰ ডোগ্ৰা হলত সীমিত সংখ্যক লোকৰ ব্যক্তিগত উপস্থিতিৰে অনুষ্ঠিতব্য সমাৱৰ্তনখনত সাফল্য অৰ্জন কৰা আনসকল শিক্ষাৰ্থী, তেওঁলোকৰ অভিভাৱক, প্ৰতিষ্ঠানটোৰ বিশিষ্ট প্ৰাক্তন শিক্ষাৰ্থীসকলৰ লগতে আমন্ত্ৰিত অভ্যাগতসকল অনলাইন ব্যৱস্থাৰে সংযোজিত হব। সমাৱৰ্তনত পিএইচডি, এম-টেক, মাষ্টাৰ্ছ অব ডিজাইন, এমবিএ আৰু বি-টেক-কে ধৰি ২০০০ৰৰো অধিক শিক্ষাৰ্থীলৈ দীক্ষা্ন্ত উপাধি প্ৰদান কৰা হব। প্ৰতিষ্ঠানটোৱে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকললৈ ৰাষ্ট্ৰপতিৰ সোণৰ পদক, সঞ্চালকৰ সোণৰ পদক, ড০ শংকৰ দয়াল শৰ্মা সোণৰ পদক, উত্তম ১০ সোণৰ পদক আৰু ৰূপৰ পদক আদিও আগবঢ়াব।

 

*****

 

AP/SH/KB


(रिलीज़ आईडी: 1670540) आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam