কেবিনেট

‘জ্যোতিৰ্বিজ্ঞান’ৰ ক্ষেত্ৰত বৈজ্ঞানিক আৰু কাৰিকৰী সহযোগিতা বিকশিত কৰাৰ লক্ষ্যৰে স্পেইনৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰা সম্পৰ্কীয় পদক্ষেপলৈ অনুমোদন কেবিনেটৰ

Posted On: 04 NOV 2020 3:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেটৰ সভাক জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰত বৈজ্ঞানিক আৰু কাৰিকৰী সহযোগিতা বিকশিত কৰাৰ লক্ষ্যৰে স্পেইনৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰা সম্পৰ্কীয় এক পদক্ষেপ সন্দৰ্ভত অৱগত কৰা হয়। এই অনুসৰি বাংগালুৰুৰ ‘ইণ্ডিয়ান ইন্ষ্টটিউট অব এষ্ট্ৰোফিজিক্স’(আইআইএ) আৰু স্পেইনৰ ‘দি ইনষ্টিটিউটো ডে’ এষ্ট্ৰোফিছিকা ডে’ কেনাৰিআছ’(আইএচি) আৰু ‘গ্ৰাণ্টেকান, এছ.এ.’(জিটিচি)ৰ মাজত চুক্তিখন সম্পাদিত কৰা হয়।।

বুজাবুজিৰ চুক্তিখনৰ আধাৰত সম্পন্ন হ’বলগীয়া কৰ্ম-কাণ্ডসমূহে (১) নতুন বৈজ্ঞানিক ফলাফল, (২) নতুন প্ৰযুক্তি, (৩) বৈজ্ঞানিক মতবিনিময় আৰু প্ৰশিক্ষণৰ জৰিয়তে সামৰ্থ্য বৰ্দ্ধন, (৪) যুটীয়া ভাবে সম্পাদিত হ’বলগীয়া বৈজ্ঞানিক প্ৰকল্প আদি সম্পাদিত কৰাত উভয় পক্ষৰ সহযোগিতা নিশ্চিত কৰিব।

চুক্তিখনৰ অধীনত যুটীয়া ভাবে ৰূপায়িত হ’ব লগা গৱেষণা প্ৰকল্প, প্ৰশিক্ষণ কাৰ্যক্ৰম, সন্মিলন, আলোচনা চক্ৰ আদি সকলো বৈজ্ঞানিক, ছাত্ৰ-ছাত্ৰী আৰু প্ৰযুক্তিবিদৰ বাবে মুকলি থাকিব আৰু সংশ্লিষ্টসকলে কেৱল বৈজ্ঞানিক যোগ্যতা আৰু অভিজ্ঞতাৰ ভিত্তিতহে সহযোগিতা আগবঢ়াব। খণ্ডিত দূৰবীণৰ লগতে ৰব’টিক দূৰবীণ বিকশিত কৰাৰ লগতে ভবিষ্যত সম্ভাৱনীয়তা থকা প্ৰসংগসমূহৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ দিহা কৰা হ’ব।

 

 

******

VRRK/KB



(Release ID: 1670225) Visitor Counter : 159