ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

প্রধানমন্ত্রী ভাৰতীয় জনঔষধি পৰিযোজনাৰ পর্যালোচনা বৈঠক অনুষ্ঠিত কৰিলে শ্রী সদানন্দ গৌড়াই

চলিত বিত্তীয় বৰ্ষ(৩১ অক্টোবৰলৈকে) ৰ প্ৰথম ছমাহত জন ঔষধি বিপণীৰ জৰিয়তে ৩৫৮কোটি টকাৰ ফাৰ্মা সামগ্ৰী বিক্ৰী কৰা হৈছে

২০১৯-২০ত ৪১৯কোটিৰ বিপৰীতে সমগ্ৰ বিত্তীয় বৰ্ষত ৬০০কোটি টকাৰ বিক্ৰী অতিক্ৰম কৰাৰ সম্ভাৱনা আছে

প্রধানমন্ত্রী ভাৰতীয় জনঔষধি পৰিযোজনাৰ পর্যালোচনা বৈঠক অনুষ্ঠিত কৰিলে শ্রী সদানন্দ গৌড়াই

চলিত বিত্তীয় বৰ্ষ(৩১ অক্টোবৰলৈকে) ৰ প্ৰথম ছমাহত জন ঔষধি বিপণীৰ জৰিয়তে ৩৫৮কোটি টকাৰ ফাৰ্মা সামগ্ৰী বিক্ৰী কৰা হৈছে

২০১৯-২০ত ৪১৯কোটিৰ বিপৰীতে সমগ্ৰ বিত্তীয় বৰ্ষত ৬০০কোটি টকাৰ বিক্ৰী অতিক্ৰম কৰাৰ সম্ভাৱনা আছে

Posted On: 03 NOV 2020 5:42PM by PIB Guwahati

কেন্দ্রীয় সাৰ আৰু ৰসায়ন মন্ত্রী শ্রী ডি ভি সদানন্দ গৌড়াই আজি নতুন দিল্লীত প্রধানমন্ত্রী ভাৰতীয় জনঔষধি পৰিযোজনা (পিএমবিজেপি) সন্দৰ্ভত এক পর্যালোচনা বৈঠকৰ আয়োজন কৰে

 

পিএমবিজেপিৰ অধীনত চলিত বিত্তীয় বৰ্ষৰ প্রথম ৭ মাহত ৩১অক্টোবৰ পর্যন্ত ৬৬০০টা জনঔষধি কেন্দ্রৰ পৰা ৩৫৮ কোটি টকা মূল্যৰ ঔষধ বিক্রী কৰা হৈছে। ২০১৯ বিত্তীয় বৰ্ষত ৪৩৩ কোটি টকা মূল্যৰ ঔষধ বিক্রী কৰা হৈছিল। চলিত বিত্তীয় বৰ্ষত এই জনঔষধি কেন্দ্রৰ পৰা ৬০০ কোটি টকা মূল্যৰ ঔষধ বিক্রী সম্ভৱপৰ হব বুলি আশা কৰা হৈছে

 

বৈঠকত শ্রী গৌড়াই কভিড ১৯ ৰ কঠিন সময়ত সাধাৰণ মানুহক সুলভ মূল্যত ঔষধ আৰু অন্যান্য ঔষধি পণ্য যেনে মাস্কৰ যোগান নিশ্চিত কৰাৰ বাবে বিপিপিআইৰ সদস্যসকলক অভিনন্দন জনায়

 

 

শ্রী গৌড়াই কয়, সমাজৰ বিশেষভাৱে প্রান্তীয় শ্রেণীৰ লোকসকলক সুলভ মূল্যত ঔষধ যোগান ধৰি নাগৰিকসকলৰ ব্যয় হ্রাসৰ বাবে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে যি দৃষ্টিভংগী ব্যক্ত কৰিছিল সেয়া সফলভাৱে ৰূপায়িত হৈছে। উদ্ভাৱনী ব্যৱস্থা গ্রহণৰ জৰিয়তে যোগান শৃঙ্খলাসমূহক শক্তিশালী কৰি তোলাৰ বাবে বিপিপিআইক যথাযথ ব্যৱস্থা গ্রহণৰ পৰামৰ্শ দিছিল তেওঁ

 

তেওঁ কয়, জনঔষধিৰ কার্যকাৰিতা আৰু গুণমান সম্পর্কে সাধাৰণ জনতাক সচেতন কৰি তোলা প্রয়োজন। ইয়াৰ বাবে প্রত্যন্ত আৰু গাঁও অঞ্চলত এই ওষধ সম্পর্কে প্রচাৰ আৰু ইয়াৰ সুযোগ সুবিধা বৃদ্ধিৰ বাবে যথাযথ ব্যৱস্থা গ্ৰহণ কৰা প্রয়োজন আছে। বৈঠকত বিপিপিআইৰ মুখ্য কার্যনির্বাহক বিষয়া শ্রী শচীন কুমাৰ সিঙে পিএমবিজেপি প্রকল্পৰ কার্যক্রম সম্পর্কে বিভিন্ন বিষয় উপস্থাপন কৰে

 

দেশেৰ সাধাৰণ জনতাক সুলভ মূল্যত উন্নত মানৰ জেনেৰিক ঔষধ যোগানৰ জৰিয়তে নাগৰিকৰ স্বাস্থ্য সেৱা উন্নয়ন আৰু খৰচ হ্ৰাস কৰাৰ লক্ষ্যেৰে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে, “প্রধানমন্ত্রী ভাৰতীয় জনঔষধি পৰিযোজনাপ্রকল্পৰ আৰম্ভ কৰিছিল২০১৫১৬ বিত্তীয় বৰ্ষত ইয়াৰ অধীনত সুনির্দিষ্ট নির্দেশনা প্ৰস্তুত কৰা হৈছিলেতিয়া এই পৰিযোজনাৰ আৰম্ভ হৈছিল, তেতিয়া ৯৯টা জনঔষধি কেন্দ্রৰ পৰা সুলভ মূল্যত জেনেৰিক ঔষধ বিক্রী কৰা হৈছিলবর্তমান এই কেন্দ্রৰ সংখ্যা বৃদ্ধি হৈ ৬৬০০টা হৈছেআজিৰ বৈঠকত ফার্মাচিউটিকেলছ বিভাগৰ সচিব শ্রীমতী এছ অপর্ণা আৰু যুটীয়া সচিব শ্রী ৰাজনীশ টিংগল উপস্থিত আছিল

 

 *******

RCJ/RKM/KG



(Release ID: 1669968) Visitor Counter : 123