আয়ুষ
অনিদ্রাৰ সমস্যাৰ সমাধানত আর্য়ুবেদ পদ্ধতিৰ ব্যৱহাৰ
পোষ্ট কৰা হৈছে:
03 NOV 2020 12:31PM by PIB Guwahati
প্রতিদিনে ৭-৮ ঘন্টা চকু বন্ধ কৰি ৰখা নাইবা এক সুন্দৰ টোপনিৰ পৰা বঞ্চিত হোৱাৰ প্রতিকুল প্রভাৱ সম্বলিত বিভিন্ন ঘটনা আমি প্রায়েই শুনিবলৈ পাও। ভালদৰে টোপনি নহ’লে ৰোগ প্রতিৰোধ ক্ষমতা হ্ৰাস পোৱাৰ লগতে স্থুলকায় হোৱাৰ সম্ভাৱনা দেখা যায়। এই অনিদ্রাৰ সমস্যাৰ সমাধান ভাৰতৰ পৰম্পৰাগত চিকিৎসা শাস্ত্র- আর্য়ুবেদত লাভ কৰা হৈছে বুলি শেহতীয়াভাৱে প্রকাশিত এক প্রতিবেদনত উল্লেখ কৰা হৈছে।
শ্বিলঙৰ নর্থ ইষ্টাৰ্ণ ইন্সটিটিউট অৱ আর্য়ুবেদ এণ্ড হোমিওপ্যাথিৰ পৰা প্রকাশিত গৱেষণা পত্ৰিকা আয়ুহোম-ত অনিদ্রা জনিত সমস্যাৰ সমাধান সম্পর্কে এক প্রতিবেদন প্রকাশ পাইছে। জয়পুৰৰ নেশ্যনেল ইন্সটিটিউট অৱ আর্য়ুবেদৰ পঞ্চকর্ম বিভাগৰ স্নাতকোত্তৰ শাখাৰ সহযোগী অধ্যাপক গোপেশ মংগলে এই সন্দৰ্ভত এক গৱেষণা চলাইছিল। এই কামত তেখেতক নেশ্যনেল ইন্সটিটিউট অৱ আর্য়ুবেদৰ দুগৰাকী গৱেষক নিধি গুপ্তা আৰু প্রৱেশ শ্রীবাস্তৱে সহযোগ কৰে।
আর্য়ুবেদৰ পঞ্চকর্ম থেৰাপিৰ জৰিয়তে অনিদ্রা সমস্যা সমাধানৰ ক্ষেত্রত তেওঁলোকে সাফল্যৰ সন্ধান লাভ কৰিছে। এই সংক্রান্তীয় গৱেষণাত দেখা গৈছে যে অশ্বগন্ধা আৰু শিৰোধাৰাৰ সৈতে শমন চিকিৎসাৰ জৰিয়তে অনিদ্রা জনিত সমস্যাৰ সমাধান কৰা সম্ভৱ।
প্ৰসংগঃ নর্থ ইষ্টাৰ্ণ ইন্সটিটিউট অৱ আর্য়ুবেদ এণ্ড হোমিওপ্যাথি, শ্বিলং, মেঘালয়-৭৯৩০১৮ৰ দ্বাৰা প্ৰকাশিত আৰ্য়ুবেদ আৰু হোমিওপ্যাথিৰ দ্বি-বাৰ্ষিক গৱেষণা পত্ৰিকা আয়ুহোম(আইএছএছএন২৩৪৯-২৪২২) (ভলিউম)।
*******
MV/SK/KG
(ৰিলিজ আই ডি : 1669965)
অতিথি কক্ষ : 161