বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

বিনিয়োগৰ বাবে ভাৰত আৰু ইউএইৰ মাজত ৮ম উচ্চ স্তৰীয় বৈঠক সম্পন্ন

Posted On: 03 NOV 2020 5:21PM by PIB Guwahati

ভাৰত আৰু ইউ এ ইৰ মাজত বিনিয়োগ বঢ়াবৰ বাবে ৮ম উচ্চ স্তৰীয় বৈঠক (সংযুক্ত কৰ্ম বাহিনী) ভাৰতৰ দ্বাৰা আয়োজিত কৰা হয়। কোভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এই বৈঠক ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত আয়োজিত কৰা হয়।

 

এই বৈঠকৰ সহ-অধ্যক্ষতা ৰে'ল, বাণিজ্য আৰু উদ্যোগ উপভোক্তা পৰিক্ৰমা আৰু সাৰ্বজনীন বিতৰণ মন্ত্ৰালয়ৰ মন্ত্ৰী পীযুষ গোয়েলে কৰে। বৈঠকত এমিৰেটৰ আবুধাবীৰ এক্জিকিউটিভ কাউঞ্চিলৰ সদস্য আৰু শ্বাহী সদস্য শ্বেখ হামেদ বিন জায়দ অল নাহয়ানে ইউ এ ইৰ প্ৰতিনিধিত্ব কৰে। বৈঠকত দুয়োখন দেশৰ জ্যেষ্ঠ বিষয়াও উপস্থিত থাকে। দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰি তুলিবলৈ সংযুক্ত কৰ্ম বাহিনীৰ গঠন ১৯১২ত কৰা হয়। এই কৰ্ম বাহিনীৰ সফলতাৰ পৰিণাম স্বৰূপে জানুৱাৰী ২০১৭ত ভাৰত আৰু সংযুক্ত আৰব এমিৰেটে সমগ্ৰ ৰণকৌশলগত পৰামৰ্শৰ বুজাপৰা কৰে।

 

এই উপলক্ষে দুয়োখন দেশৰ প্ৰতিনিধি সংযুক্ত কৰ্ম বাহিনীৰ প্ৰয়াসত সন্তুষ্ট হোৱা পৰিলক্ষিত হয় আৰু তেওঁলোকে বৰ্তমানলৈকে দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ অগ্ৰগতিৰ প্ৰশংসাও কৰে। ইয়াৰ উপৰিও দুয়োখন দেশে এই কথাৰ ওপৰতো সন্মত হয় যে অহা সময়ত সেই ক্ষেত্ৰসমূহ চিনাক্ত কৰিব, য'ত অৰ্থনৈতিক বিকাশে নতুন গতি লাভ কৰিব পাৰে। লগতে সম্পৰ্ক শক্তিশালী কৰি তুলিবলৈ আলোচনাৰ প্ৰক্ৰিয়াও অব্যাহত ৰাখিব। যাৰ ফলত সংযুক্ত কৰ্ম বাহিনীৰ পৰিণাম আৰু অধিক উন্নত হোৱা পৰিলক্ষিত হয়।

 

সংযুক্ত কৰ্ম বাহিনীৰ যোৱা বৈঠকত কোভিড-১৯ৰ প্ৰত্যাহ্বানত দুয়োখন দেশ এই কথাত সন্মত হৈছিল যে পাৰস্পৰিক হিতৰ প্ৰতি লক্ষ্য ৰাখি অৰ্থনৈতিক কামকাজ বৃদ্ধি কৰিবলৈ বিনিয়োগ আৰু সহযোগিতা বঢ়োৱাৰ প্ৰয়াস কৰিব। এই লক্ষ্যত উপনীত হ'বলৈ বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিবৰ বাবে ভাৰতৰ দ্বাৰা এক উপস্থাপনো ৮ম বৈঠকৰ বাবে প্ৰস্তুত কৰা হৈছিল।

 

এই উপলক্ষে ভাৰত আৰু ইউ এ ইয়ে বাণিজ্য আৰু অৰ্থনৈতিক বুজাপৰাক প্ৰসাৰিত কৰাৰ মাজত আহি থকা প্ৰসংগৰ ওপৰতো আলোচনা কৰে। ইয়াৰ জৰিয়তে এণ্টি ডাম্পিং শুল্ক, টেৰিফ আৰু নিয়ামক প্ৰতিবন্ধকতাৰ দৰে প্ৰসংগৰ ওপৰত দুয়োখন দেশৰ প্ৰতিনিধিসকলে আলোচনা কৰে। এই বাধাসমূহ আঁতৰ কৰিবলৈ দুয়োখন দেশ এই কথাত সন্মত হয় যে দুয়োখন দেশে পাৰস্পৰিক সন্মতি গঢ়ি তুলিবলৈ ধাৰাবাহিকভাৱে প্ৰয়াস কৰিব। আৰু এই বিষয়বিলাক অগ্ৰাধিকাৰভিত্তিত দূৰ কৰিবলৈ চেষ্টা চলাব, যাৰ জৰিয়তে দুয়ো পক্ষ লাভবান হ'ব।

 

ইয়াৰ মাজতে ইউ এ ইয়ে সেই ছেক্টৰবিলাক চিনাক্ত কৰে, যি দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বঢ়োৱাত ফলপ্ৰসু ৰূপে পৰিগণিত হ'ব।

 

দুয়োখন দেশে ২০১৮ত প্ৰস্তুত কৰা ইউ এ ই স্পেচিয়েল ডেস্ক আৰু ফাষ্ট ট্ৰেক মেকানিজমৰো সমীক্ষা কৰে। এই দুয়োটা পদক্ষেপৰ উদ্দেশ্য ভাৰতত ইউ এ ইৰ বিনিয়োগ বঢ়োৱা আৰু বিনিয়োগকাৰীক সমস্যামুক্ত কৰা। এই দিশত দুয়োখন দেশে দ্বিপাক্ষিক সহযোগিতা বঢ়োৱাৰো আলোচনা কৰে।

 

চিভিল এভিয়েচন ক্ষেত্ৰ (অসামৰিক বিমান ক্ষেত্ৰ)ক বিশেষ ক্ষেত্ৰ হিচাপে গণ্য কৰি দুয়োখন দেশে অৰ্থনৈতিক কাম-কাজ বঢ়োৱাৰ ওপৰত সন্মতি প্ৰকাশ কৰে। দুয়োখন দেশৰ অসামৰিক বিমান নিয়ামকে এই দিশত অগ্ৰাধিকাৰভিত্তিত কাম কৰিব। ইয়াৰ জৰিয়তে এয়াৰপৰ্ট ট্ৰেন্সপ'ৰ্টেচন দুয়োখন দেশৰ মাজত সহজ কৰাটো এটা বিশেষ উদ্দেশ্য হ'ব।

 

এই উপলক্ষে ভাৰতত বিনিয়োগৰ বাবে ইউ এ ইৰ দ্বাৰা প্ৰস্তত কৰা ফাণ্ডৰ বিষয়েও আলোচনা কৰা হয়। যাৰ ছেবিৰ দ্বাৰা প্ৰস্তত কৰা ফৰেইন পৰ্টফলিঅ' ইনভেষ্টৰ ৰেগুলেচন-২০১৯ৰ আধাৰত সমীক্ষাও কৰা হয়। ইয়াৰ জৰিয়তে ভাৰত চৰকাৰ এই কথাৰ ওপৰত সন্মত হয় যে ইউ এ ই আধাৰিত ফাণ্ডৰ জৰিয়তে অহা বিনিয়োগ পোনপটীয়াকৈ হ'ব পাৰিব, ইয়াৰ বাবে ভাৰতে জৰুৰী পদক্ষেপ গ্ৰহণ কৰাৰ দিশত কাম কৰিব। যাৰ ফলত উভয় পক্ষৰ হিত সম্পূৰ্ণ হ'ব।

 

এই বিষয়সমূহৰ উপৰিও দুয়োখন দেশে স্বাস্থ্য সেৱা, ফাৰ্মাচিউটিকেলছ, মবিলিটী আৰু লজিষ্টিক, খাদ্য আৰু কৃষি, শক্তি, উপযোগী সেৱাসহ অন্য ক্ষেত্ৰসমূহতো সহযোগিতা বৃদ্ধিৰ ওপৰত আলোচনা কৰা হয়।

 

কৰ্ম বাহিনীৰ ৮ম বৈঠকৰ বিষয়ে ৰে'ল মন্ত্ৰী, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীযুষ গোয়েলে কয়, ''ভাৰত আৰু সংযুক্ত এমিৰেটৰ মাজত বুজাপৰা বঢ়োৱাত সংযুক্ত কৰ্ম বাহিনীয়ে এক বিশেষ ভূমিকা পালন কৰি আহিছে। ভাৰতে দ্ৰুতগতিত বিকাশ সাধন কৰিছে আৰু ইয়াৰ অৰ্থনৈতিক ব্যৱস্থাত বহুতো এনেকুৱা ক্ষেত্ৰ আছে, য'ত বিকাশৰ সীমাহীন সম্ভাৱনা আছে। ইউ এ ইয়ে ধাৰাবাহিকভাৱে ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰি আছে। আৰু ভাৰতৰ বিকাশৰ বিশেষ অংশীদাৰ হৈ আছে। ভাৰতে সদায় ইউ এ ইৰ বিনিয়োগক উচ্চ অগ্ৰাধিকাৰ দিয়ে আৰু তাৰ বিনিয়োগকাৰীৰ বাবে অনুকূল পৰিবেশৰ সৃষ্টি কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।''

 

বৈঠকৰ সমাপ্তিত এমিৰেটৰ আবুধাবীৰ এক্জিকিউটিভ কাউঞ্চিলৰ সদস্য আৰু শ্বাহী সদস্য শ্বেখ হামেদ বিন জায়দ অল নাহয়ানে কয়, ''ভাৰত আৰু সংযুক্ত আৰব এমিৰেটৰ মাজত অৰ্থনৈতিক সম্পৰ্কক বিশেষ স্থান দিয়াৰ ক্ষেত্ৰত যোৱা দশকটো যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। মই বিশ্বাস কৰো যে যোৱা আঠটা বছৰত কৰ্ম বাহিনীৰ প্ৰয়াসৰ পৰিণাম স্বৰূপেই আজি দুয়োখন দেশৰ সম্পৰ্ক শক্তিশালী। যদিও যোৱা কেইটামান মাহ আমাৰ বাবে প্ৰত্যাহ্বানপূৰ্ণ আছিল। আজি আমি এক গুৰুত্বপূৰ্ণ এজেণ্ডা প্ৰস্তুত কৰিছো, যাৰ উদ্দেশ্য হৈছে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সহযোগিতাক পৰৱৰ্তী স্তৰলৈ লৈ যোৱা। মই সম্পূৰ্ণ বিশ্বাসী যে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ অহা বছৰবিলাকত আকৌ এবাৰ নতুন উচ্চতা পাবগৈ।''

 

*******

YB/AP



(Release ID: 1669957) Visitor Counter : 181