আইন আৰু ন্যায় মন্ত্ৰালয়

‘দূৰ সংযোগী-আইনীসেৱা ব্যৱস্থা’ই স্পৰ্শ কৰিলে সাফল্যৰ অন্য এক মাইলৰ খুঁটি, ‘চিএছচি’-ৰ জৰিয়তে গ্ৰহণ কৰা পদক্ষেপৰ দ্বাৰা ৪ লাখ হিতাধিকাৰীয়ে লাভ কৰিলে ন্যায়িক পৰামৰ্শ

এপ্ৰিল ২০২০ পৰ্যন্ত মুঠ ১.৯৫ লাখ পৰামৰ্শ প্ৰদান কৰাৰ বিপৰীতে ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম সাতটো মাহত মুঠ ২.৫ লাখ পৰামৰ্শ প্ৰদান কৰা হয়

Posted On: 03 NOV 2020 3:17PM by PIB Guwahati

উমৈহতীয়া সেৱা কেন্দ্ৰ(চিএছচি)সমূহৰ জৰিয়তে ৪ লাখ হিতাধিকাৰীলৈ ন্যায়িক পৰামৰ্শ প্ৰদান কৰি দূৰ সংযোগী-আইনীসেৱা ব্যৱস্থাই যোৱা ৩০ অক্টোবৰত সাফল্যৰ এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰে। কাৰ্যক্ৰম আৰম্ভ কৰাৰে পৰা এপ্ৰিল ২০২০ পৰ্যন্ত মুঠ ১.৯৫ লাখ পৰামৰ্শ প্ৰদানৰ বিপৰীতে ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম সাতটো মাহত মুঠ ২.৫ লাখ পৰামৰ্শ প্ৰদান কৰা হয়।

ডিজিটেল ইণ্ডিয়া ভিছন সাৰোগত কৰি ভাৰত চৰকাৰৰ ন্যায়িক সেৱা বিভাগে প্ৰকট হোৱা আৰু থলুৱা ডিজিটেল মঞ্চৰ সুবিধা গ্ৰহণ কৰি সকলোৰে বাবে আইন-ৰ সেৱা সম্ভৱ কৰাৰ গতি ত্বৰান্বিত কৰাৰ ব্যৱস্থা কৰে। এই উদ্দেশ্য আগত ৰাখি লক্ষ্যত উপনীত হোৱাৰ বাবে গোচৰসমূহ প্ৰাক মোকৰ্দমা পৰ্যায়তে নিষ্পত্তি কৰিব পৰাকৈ এক দূৰ সংযোগী আইনী সেৱা কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰা হৈছিল। এই কাৰ্যক্ৰমৰ অধীনত পঞ্চায়ত পৰ্যায়ত থকা উমৈহতীয়া সেৱা কেন্দ্ৰ(চিএছচি)সমূহৰ জৰিয়তে ভিডিঅ কনফাৰেন্সিং, টেলিফোন/তাত্ক্ষণিক কলিং সেৱা আদিৰ দৰে স্মাৰ্ট টেকনলজী ব্যৱহাৰ কৰি দুখীয়া, দৰিদ্ৰ, বিপৰ্যস্ত, ব্যৱস্থাই ইমানদিনে ঢুকি নোপোৱা সমাজৰ পিচপৰা গোট তথা সম্প্ৰদায়সমূহক সূচীভুক্ত অধিবক্তাৰ পৰা যথা সময়ত মূল্যবান ন্যায়িক পৰামৰ্শ গ্ৰহণ কৰিব পৰাকৈ সংযোজিত কৰাৰ ব্যৱস্থা কৰা হয়।

বিশেষকৈ, ন্যয়িক সমস্যাসমূহৰ আগতীয়া চিনাক্তকৰণ, বুজাবুজি তথা নিৰাময়ৰ দিহা কৰাৰ বাবে এনএএলএছএ আৰু চিএছচি-ই গভ আদিৰ দ্বাৰা নিয়োজিত আগশাৰীৰ স্বেচ্ছাসেৱকসকলৰ জৰিয়তে সঞ্চালিত এই দূৰ-সংযোগী সোৱাই সক্ৰিয়তাৰে সংশ্লিষ্ট বৰ্গৰ হিতাধিকাৰীসকলক সংযোজিত কৰে। ক্ষেত্ৰ ভিত্তিক কাম-কাজ সম্পাদন কৰাৰ সময়ত আবেদনকাৰীসকলৰ হৈ আগতীয়া পঞ্জীয়ণ তথা ইতিমধ্যে লৈ থোৱা সাক্ষাতৰ অনুমোদন আদি সংগ্ৰহ কৰিব পৰাকৈ তৃণমূল পৰ্যায়ৰ এইসকল আগশাৰীৰ কৰ্মযোদ্ধাক অতিৰিক্তভাবে মোবাইল এপ্লিকেশ্যন’ আদিৰে সুসজ্জিত কৰি ৰখা হয়। ইফালে, নিৰন্তৰ আইনী পৰামৰ্শ প্ৰদানৰ লগতে আলোচনাৰ বাবে উত্সৰ্গিত অধিবক্তাৰ একোটা গোট সূচীভুক্ত কৰা হয়। ইয়াৰ ৰাজহুৱা পৰ্টেলত https://www.tele-law.in/ ৰে সংযোজিত হব পৰা সমৃদ্ধ আইইচি আপলোড কৰা হয়। তত্কালীন ভাবে তথ্য প্ৰদান কৰা তথা প্ৰদান কৰা পৰামৰ্শৰ প্ৰকৃতি নিৰ্ণয় কৰিব পৰাকৈ পৃথককৈ তথ্য ভাণ্ডাৰ বিকশিত কৰা হৈছে। অদূৰ ভৱিষ্যতে জিলা পৰ্যায়ত বিবৰণ কোষ বিকশিত কৰিব পৰাকৈ এইসমূহ তথ্য প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰ্টেললৈও প্ৰেৰণৰ দিহা কৰা হয়।

*****

RCJ/M/KB



(Release ID: 1669907) Visitor Counter : 246