স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ভাৰতৰ সক্ৰিয় ৰোগীৰ সংখ্যা আজি ৫.৫ লাখৰ তললৈ হ্ৰাস হৈছে
১০৫ দিনৰ পিছত ৩৮,৩১০ জনৰ নতুন দৈনিক ৰোগীৰ সংখ্যা প্ৰতিবেদিত হৈছে
মুঠ আৰোগ্য ৰোগীৰ সংখ্যা সক্ৰিয় ৰোগীতকৈ ৭০ লাখ বৃদ্ধি হৈছে
प्रविष्टि तिथि:
03 NOV 2020 11:01AM by PIB Guwahati
ভাৰতত বিগত ২৪ ঘণ্টাত নতুনকৈ ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৪০,০০০ৰ তললৈ অহা পৰিলক্ষিত হৈছে৷ ১৫ সপ্তাহৰ পিছত দৈনিক নতুন ৰোগীৰ সংখ্যাই ৩৮,৩১০ৰ সীমা স্পৰ্শ কৰিছে৷ ২২ জুলাই ২০২০ত নতুন ৰোগীৰ সংখ্যা আছিল ৩৭,৭২৪ জন৷
প্ৰতিদিনে সৰ্বাধিক সংখ্যক ক’ভিড-১৯ ৰোগীৰ আৰোগ্যৰ পৰিপ্ৰেক্ষিতত মৃত্যুৰ হাৰো কম হৈছে৷
সক্ৰিয় ৰোগীৰ সংখ্যা ৫.৫ লাখৰ তললৈ আহিছে৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫,৪১,৪০৫ জন আৰু ই মুঠ ৰোগীৰ ৬.৫৫%হে৷
মুঠ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হৈছে ৭৬ লাখ (৭৬,০৩,১২১ জন)৷
সক্ৰিয় ৰোগী আৰু আৰোগ্য হোৱা ৰোগীৰ মাজৰ ব্যৱধান আজি ৭০ লাখ অতিক্ৰম কৰি ৭০,৬১,৭১৬ জন হৈছে৷
বিগত ২৪ ঘণ্টাত ৫৮,৩২৩ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক মুকলি কৰি দিয়া হৈছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯১.৯৬%লৈ বৃদ্ধি হৈছে৷
১০খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৮০% নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ পৰিঘটনা পৰিলক্ষিত হৈছে৷
মহাৰাষ্ট্ৰত এদিনতে ১০,০০০ লোকে আৰোগ্য লাভ কৰি শীৰ্ষস্থানত উপনীত হোৱাৰ লগতে কৰ্ণাটকত এদিনত ৮,০০০ জন লোকে আৰোগ্য লাভ কৰি ৰাজ্যখনে দ্বিতীয় স্থান লাভ কৰিছে৷
১০খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত ৭৪% নতুন ৰোগী পৰিলক্ষিত হৈছে৷
কেৰালা, দিল্লী আৰু মহাৰাষ্ট্ৰত ৪,০০০ত কৈও অধিক লোক আৰু পশ্চিমবংগত ৩,০০০ নতুনকৈ লোক ৰোগত আক্ৰান্ত হৈছে৷
বিগত ২৪ ঘণ্টাত ৪৯০ জন লোকৰ মৃত্যু হৈছে৷
ভাৰতত মৃত্যুৰ হাৰ বৰ্তমানে ১.৪৯%৷
****
MV/SJ/MANN
HFW/COVID States Data/3rd November 2020/1
(रिलीज़ आईडी: 1669780)
आगंतुक पटल : 304
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam