ভাৰতীয় প্ৰতিযোগিতা আয়োগ

‘ভাৰতী-এক্সা’-ৰ সাধাৰণ বীমা ব্যৱসায় অধিগ্ৰহণৰ বাবে ‘আইচিআইচিআই-লম্বাৰ্ড’-য়ে দিয়া প্ৰস্তাৱলৈ অনুমোদন জনাইছে ‘চিচিআই’য়ে

Posted On: 02 NOV 2020 6:16PM by PIB Guwahati

ভাৰতী-এক্সা সাধাৰণ বীমা প্ৰতিষ্ঠান পৰিসীমিত(ভাৰতী-এক্সা)-ৰ সাধাৰণ বীমা ব্যৱসায় অধিগ্ৰহণৰ বাবে আইচিআইচিআই-লম্বাৰ্ড সাধাৰণ বীমা প্ৰতিষ্ঠান পৰিসীমিত(আইচিআইচিআই-লম্বাৰ্ড)-য়ে দিয়া প্ৰস্তাৱলৈ অনুমোদন জনাইছে কম্পিটিশ্যন কমিছন অব ইণ্ডিয়া(চিচিআই)-ই। ২০০২চনৰ কম্পিটিশ্যন আইনৰ অনুচ্ছেদ ৩১(১)ৰ অধীনত এই অনুমোদন জনোৱা হৈছে।

আইচিআইচিআই-লম্বাৰ্ড এটি সাধাৰণ বীমা প্ৰতিষ্ঠান। ভাৰতৰ বীমা নিয়ামক আৰু উন্নয়ণ প্ৰাধিকৰণ(আইআৰডিএআই)ত পঞ্জীয়ণভুক্ত বিভিন্ন মাধ্যমৰে বিস্তৃত আৰু সুন্দৰকৈ ভিন্নতা প্ৰদান কৰা আৰু যান-বাহণ, স্বাস্থ্য, অগ্নিজনিত দুৰ্ঘটনা, ব্যক্তিগত দুৰ্ঘটনা, সামুদ্ৰিক, অভিযান্ত্ৰিক আৰু দেনা সংক্ৰান্তীয় বীমাকে ধৰি সাধাৰণ বীমা শ্ৰেণীৰ এলানি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত এই প্ৰতিষ্ঠান জড়িত হৈ আহিছে।

সেইদৰে ভাৰতৰ বীমা নিয়ামক আৰু উন্নয়ণ প্ৰাধিকৰণ(আইআৰডিএআই)ত পঞ্জীয়ণভুক্ত তথা ভাৰতী জেনেৰেল ভেন্সাৰ প্ৰাইভেট লিমিটেড(৫১শতাংশ) আৰু  চাইটে বীওজন(৪৯শতাংশ)ৰ যৌথ অংশীদাৰিত্বৰে গঠিত ভাৰতী-এক্সা এটি সাধাৰণ বীমা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানেও ইয়াৰ গ্ৰাহকসকলৰ বাবে যান-বাহন, স্বাস্থ্য, ভ্ৰমণ, শস্য আৰু গৃহ আদি বীমা সেৱা আগবঢ়োৱা ব্যৱসায়ৰে জড়িত হৈ আহিছে।

এই প্ৰস্তাৱ অনুসৰি আইচিআইচিআই লম্বাৰ্ডয়ে ভাৰতী-এক্সাআগবঢ়োৱা অংশীদাৰিত্বৰ ভিত্তিত ভাৰতী-এক্সা-ৰ সাধাৰণ বীমাৰ সম্পূৰ্ণ ব্যৱসায় ডেমাৰেজাৰৰ আৰ্হিৰে আইচিআইচিআই লম্বাৰ্ডৰ অধীনলৈ হস্তান্তৰিত হ

****

RM/KMN/KB



(Release ID: 1669697) Visitor Counter : 183