জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

ট্ৰাইবছ ইণ্ডিয়া পণ্য সামগ্ৰীৰ অনলাইন তালিকাত আৰু ১০০ বিধ অতিৰিক্ত বনজ সতেজ প্ৰাকৃতিক আৰু অৰ্গেনিক সামগ্ৰীৰ অন্তৰ্ভুক্তি

Posted On: 02 NOV 2020 3:52PM by PIB Guwahati

ট্ৰাইবছ ইণ্ডিয়াই পণ্য সামগ্ৰীৰ অনলাইন তালিকাত আজি আৰু ১০০ বিধ অতিৰিক্ত বনজ সতেজ প্ৰাকৃতিক আৰু অৰ্গেনিক সামগ্ৰী অন্তৰ্ভুক্ত কৰিছে। বিগত ২৬ অক্টোবৰৰ পৰা সাপ্তাহিক ভিত্তিত ট্ৰাইবছ ইণ্ডিয়া পণ্য তালিকাত বিভিন্ন ধৰণৰ বনজ সামগ্ৰীৰ অন্তৰ্ভুক্তি অব্যাহত আছে।


ট্ৰাইবছ ইণ্ডিয়াৰ অনলাইন পণ্য তালিকাত থকা যাৱতীয় সামগ্ৰী ট্ৰাইবছ ইণ্ডিয়াৰ ১২৫ টা বিক্ৰী কেন্দ্ৰ, ট্ৰাইবছ ইণ্ডিয়া ভ্ৰাম্যমাণ বিক্ৰী কেন্দ্ৰ আৰু ট্ৰাইবছ ইণ্ডিয়া ই-মাৰ্কেট প্লেছ (tribesindia.com) সহ ই-টেলাৰৰ দৰে অনলাইন প্লেটফৰ্মবোৰত পোৱা যাব। 

অনলাইন পণ্য তালিকাত নতুন সামগ্ৰীৰ অন্তৰ্ভুক্তি সন্দৰ্ভত ৰাষ্ট্ৰীয় ট্ৰাইফেডৰ পৰিচালন সঞ্চালক প্ৰদীপ কৃষ্ণই কয়, আজি যি ১০০ বিধ বনজ সতেজ প্ৰাকৃতিক আৰু অৰ্গেনিক সামগ্ৰীৰ অন্তৰ্ভুক্তি হৈছে, সেই আটাইবোৰেই প্ৰাকৃতিক উপায়েৰে ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয়, দেশত জনজাতীয় শিল্পী আৰু অৰণ্যবাসীৰ সবলীকৰণত ট্ৰাইফেডৰ প্ৰয়াস অব্যাহত আছে। আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে আগন্তুক সময়তো সংস্থাৰ এই প্ৰয়াস অব্যাহত থাকিব।


ট্ৰাইবছ ইণ্ডিয়াৰ ই-মাৰ্কেট প্লেছ ব্যৱস্থাত আজি যি ১০০ বিধ সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে, তাৰ ভিতৰত ঝাড়খণ্ডৰ জনজাতীয় লোকসকলৰ দ্বাৰা উৎপাদিত গোৰা চাউল, ৰোষ্ট আৰু প্লেইন কুৰ্থি ডাইল; দক্ষিণ ভাৰতৰ আদিবাসীসকলৰ দ্বাৰা উৎপাদিত মমৰ পৰা প্ৰস্তুত কৰা ৰূপসজ্জাৰ সামগ্ৰী, ৰাগী সামগ্ৰী; অসম তথা উত্তৰ-পূৱৰ জনজাতীয় লোকসকলৰ দ্বাৰা উৎপাদিত শুকান লঙ্কা, ক’লা চাউল, মেজিক ৰাইচ; উত্তৰাখণ্ডৰ জনজাতীয় লোকসকলৰ দ্বাৰা প্ৰস্তুত বাঁহজাতীয় বিভিন্ন সামগ্ৰী, যেনে – ফ্ল’ৰ লেম্প, টেবুল মেট, বাঁহৰ ঝাড়ু, মৌ আদিও আছে। ইয়াৰ উপৰিও, হিমাচল প্ৰদেশৰ কিন্নৌৰ জনজাতীয় লোকসকলৰ দ্বাৰা প্ৰস্তুত চীনা বাদাম, কাঠ বাদাম আৰু ৰাজমাহো আছে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ জনজাতীয় লোকসকলৰ পৰা এই পণ্য সামগ্ৰীবোৰ সংগ্ৰহ কৰি অনলাইনযোগে বিপণনৰ ব্যৱস্থাও কৰা হৈছে।

 

******



(Release ID: 1669694) Visitor Counter : 114