আয়ুষ
‘কৌশলগত নীতি কোষ’ : ‘আয়ুষ’ খণ্ডক ভৱিষ্যতৰ বাবে সাজু কৰাৰ লক্ষ্যৰে ‘আয়ুষ মন্ত্ৰালয়ে’ গ্ৰহণ কৰা অন্যতম পদক্ষেপ
Posted On:
01 NOV 2020 1:33PM by PIB Guwahati
‘আয়ুষ খণ্ড’ৰ পৰিকল্পনা আৰু পদ্ধতিগত বিকাশ সাধন কৰিব পৰাকৈ ‘আয়ুষ মন্ত্ৰালয়ে’ ‘মেছাৰ্ছ ইনভেষ্ট ইণ্ডিয়া’ৰ সহযোগত ‘ষ্ট্ৰেটেজিক পলিচী এণ্ড ফেচিলিটেশ্যন ব্যুৰো’(এছপিএফবি) শীৰ্ষক এক ‘কৌশলগত নীতি কোষ’ গঠন কৰিছে। ‘আয়ুষ খণ্ড’ৰ লগতে এই খণ্ডৰে জড়িত সংশ্লিষ্ট পক্ষসমূহক ভৱিষ্যতৰ বাবে সাজু কৰাৰ লক্ষ্যৰে ‘আয়ুষ মন্ত্ৰালয়ে’ গ্ৰহণ কৰা ই এক অন্যতম পদক্ষেপ।
‘আয়ুষ’-ৰ সামগ্ৰিক ব্যৱস্থাপনাক ভৱিষ্যতৰ বাবে সদা-প্ৰস্তুত কৰি ৰাখিব পৰাকৈ গঠন কৰা ‘এছপিএফবি’ এক ভৱিষ্যত-দৰ্শী পদক্ষেপ। এই খণ্ডই বহণ কৰা সম্ভাৱনীয়তাসমূহৰ পূৰ্ণ উদ্ঘাটনৰ পথ প্ৰশস্থ কৰিব পৰাকৈ কৌশলগত আৰু নীতি নিৰ্দ্ধাৰণৰ সামগ্ৰিক কাম-কাজত এই ‘ব্যুৰো’ৱে ‘আয়ুষ মন্ত্ৰালয়’লৈ সহযোগিতা আগবঢ়োৱাৰ লগতে ‘আয়ুষ খণ্ড’ৰ প্ৰগতি আৰু বিনিয়োগ বৃদ্ধিৰ বাবে যাৱতীয় প্ৰয়াস অব্যাহত ৰাখিব। ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ পৃথিৱীবাসীৰ মানসিকতাত স্বাস্থ্য সচেতনতাৰ এক মচিব নোৱাৰা স্বাক্ষৰ ৰাখি থৈ যোৱাৰ মুহূৰ্তত এনে ধৰণৰ কৌশলগত কোষে ‘আষুষ খণ্ড’ৰে জড়িত সংশ্লিষ্ট পক্ষসমূহলৈ অসাধাৰণ সহযোগিতা আগবঢ়াব পাৰিব বুলি আশা কৰা হৈছে।
এই প্ৰকল্পৰ অংশীদাৰী গোট হিচাপে ‘মেছাৰ্ছ ইনভেষ্ট ইণ্ডিয়া’ই ‘এছপিএফবি’-ৰ কৰ্ম-পৰিকল্পনা যুগুতোৱাৰ লগতে ইয়াৰ হ্ৰস্ব আৰু দীৰ্ঘকালীন লক্ষ্য নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত মন্ত্ৰালয়টোলৈ সক্ৰিয় সহযোগিতা আগবঢ়াব। ‘আয়ুষ মন্ত্ৰালয়’ৰ পৰিকল্পনাসমূহৰ বাস্তৱায়নৰ বাবে ‘ইনভেষ্ট ইণ্ডিয়া’ই উচ্চ প্ৰশিক্ষিত আৰু বিশেষজ্ঞ পৰ্যায়ৰ মানৱ সম্পদ মকৰলৰো দিহা কৰিব।
‘এছপিএফবি’-ৰ কৰ্মসূচীত অন্তৰ্ভুক্ত হোৱা কাম-কাজসমূহ হ’ল :
- জ্ঞান সৃষ্টি আৰু প্ৰবন্ধন,
- কৌশলগত আৰু নীতি নিৰ্দ্ধাৰণ সম্পৰ্কীয় সহযোগিতা,
- ৰাজ্যিক নীতিৰ মানক নিৰ্দ্ধাৰণ : ভাৰতৰ আয়ুষ খণ্ডৰ বাবে সমাৱেশী বিধি নিৰ্দেশনা-নিয়ামক যুগুতোৱাৰ বাবে ৰাজ্যিক নীতিৰ মানক নিৰ্দ্ধাৰণৰ দিহা কৰা,
- বিনিয়োগৰ বাবে সুবিধা সেৱা : বিনিয়োগ সম্পৰ্কীয় কথা-বতৰাৰ বুজ লোৱা, বিনিয়োগৰ বাবে সুবিধা সেৱা আগবঢ়োৱা আৰু বিভিন্ন বিভাগ-সংস্থা আৰু ৰাজ্যৰ সৈতে বুজাবুজিৰ চুক্তি কৰা তথা সমন্বয় স্থাপন কৰা,
- সমস্যাৰ মীমাংসা : ৰাজ্যসমূহৰ লগতে অন্য উপ-খণ্ডসমূহৰ মাজত উদ্ভৱ হ’ব পৰা সমস্যাৱলীৰ সমাধানৰ বাবে ‘ইনভেষ্ট ইণ্ডিয়া’ই ব্যৱস্থা গ্ৰহণ কৰিব।
*****
MV/SK/KB
(Release ID: 1669413)
Visitor Counter : 188