স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত কৰ’নাত মৃত্যুৰ হাৰ(চিএফআৰ) ১.৫ শতাংশৰ তললৈ হ্ৰাস পাইছে

২৩ ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলত মৃত্যুৰ হাৰ(চিএফআৰ) ৰাষ্ট্ৰীয় গড়ৰ তুলনাত কম

Posted On: 31 OCT 2020 11:24AM by PIB Guwahati

বিশ্বজুৰি কৰ’না মহামাৰীৰ বিৰুদ্ধে সমূহীয়া যুঁজত ভাৰতে আৰু এক উল্লেখযোগ্য সফলতা অর্জন কৰিছে। দেশত কৰ’নাজনিত কাৰণত মৃত্যুৰ হাৰ ১.৫ শতাংশৰ তললৈ নামিছে। ধাৰাবাহিকভাৱে হ্রাস পোৱাৰ ফলত এই মৃত্যুৰ হাৰ আজি ১.৪৯ শতাংশ হয়। একেদৰে, প্রতি নিযুত জনসংখ্যাত ভাৰতত মৃত্যুৰ সংখ্যা মাত্ৰ ৮৮।

 

কৰ’না সংক্রমণ আৰু প্রতিৰোধৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা টেষ্ট, ট্রেছ, ট্রেক আৰু ট্রিট কৌশলৰ ফলত চিকিসা সেৱাত আদর্শ মান বজাই ৰখা সম্ভৱ হৈছে। একেদৰে সুস্থতাৰ হাৰ বৃদ্ধি পাইছে। ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ ফালৰ পৰা এই ৰণকৌশল কার্যকৰীভাৱে ৰূপায়ণৰ ফলত আক্রান্তসকলক আগতীয়াকৈ চিনাক্তকৰণ, তেওঁলোকক আইছোলেশ্যনত ৰখা আৰু সময় মতে চিকিসা সেৱা প্ৰদান কৰা সম্ভৱ হৈছে। ইয়াৰ ফলত ভাৰতত কৰনাত মৃত্যুৰ হাৰ কম হোৱাটো সম্ভৱ হৈছে আৰু সেয়া নিয়ন্ত্রণতো আছে।

 

কভিড সংক্রমণ প্রতিৰোধ আৰু মোকাবিলা তথা উপযুক্ত ৰণকৌশলৰ অংশ হিচাপে এক ব্যতিক্ৰমী উদ্যোগ গ্ৰহণ কৰা হৈছে। সেয়া হৈছে আইচিইউৰ দায়িত্বত থকা চিকিসকসকলৰ দক্ষতা বৃদ্ধি। এই লক্ষ্যেৰে নতুন দিল্লীৰ এইমছ প্রতিষ্ঠানৰ ফালৰ পৰা সপ্তাহত দুদিনকৈ মঙলবাৰ আৰু শুকুৰবাৰে ই-আইচিইউ কর্মসূচী গ্রহণ কৰা হৈছে। এই কর্মসূচীৰ মাধ্যমত ৰাজ্যৰ হাস্পতালসমূহত আইচিইউৰ দায়িত্বত থকা চিকিসকসকলৰ সৈতে এইমছৰ বিশেষজ্ঞ চিকিসকসকলে অভিজ্ঞতা বিনিময় কৰিছে আৰু ৰোগীসকলক উপযুক্ত সেৱা প্ৰদানৰ সঠিক পদ্ধতি সম্পর্কে অৱগত কৰিছে। যোৱা ৮জুলাইৰ পৰা এই কর্মসূচী ৰূপায়িত হৈ আছে।

 

কৰ’না সংক্রমণ মোকাবিলা আৰু প্রতিৰোধৰ বাবে গ্ৰহণ কৰা বিভিন্ন ৰণকৌশলৰ ফলত ২৩ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়ৰ তুলনাত কম।

 

কেবল ৫ ৰাজ্যৰ পৰাই ৬৫ শতাংশ কৰ’না ৰোগীৰ মৃত্যু হৈছে। মহাৰাষ্ট্রত সর্বাধিক ৩৬ শতাংশৰো অধিকৰ কৰ’নাত মৃত্যু হৈছে । ১০ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ পৰা ৮৫ শতাংশ ৰোগীৰ কৰ’নাত মৃত্যু হৈছে। ইফালে ৬ ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ৰো কম। আনহাতে, ৮ৰাজ্য/কেন্দ্রীয়  শাসিত অঞ্চলত কৰ’নাজনিত কাৰণত হোৱা মৃত্যুৰ সংখ্যা ১০০০ৰ কম। ১৬ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত মৃত্যুৰ সংখ্যা ১০ হাজাৰৰো কম।

 

দেশত যোৱা ২৪ ঘন্টাত ৫৯,৪৫৪ জনে আৰোগ্য লাভ কৰিছে আৰু আক্রান্তৰ সংখ্যা ৪৮,২৬৮। দেশত কৰ’নাৰ পৰা আৰোগ্য লাভৰ সংখ্যা বৃদ্ধি পাই হৈছে মুঠ ৭৪,৪৩২,৮২৯। দৈনিক ভিত্তিত সর্বাধিক সংখ্যাত আৰোগ্য লাভৰ প্রৱণতা অব্যাহত থকাত ৰাষ্ট্ৰীয় স্তৰত সুস্থতাৰ হাৰ বৃদ্ধি পাই হৈছেগৈ ৯১.৩৪ শতাংশ।

 

ভাৰতত কৰ’নাত আক্রান্তৰ সংখ্যা ধাৰাবাহিকভাৱে হ্রাস পাইছে। বর্তমান দেশৰ মুঠ সংক্ৰমিত ঘটনাৰ ভিতৰত সক্ৰিয় ঘটনাৰ সংখ্যা কেৱল ৭.১৬ শতাংশ। আক্রান্তৰ সংখ্যা ৫,৮২,৬৪৯। একেৰাহে দুদিনৰ বাবে সক্ৰিয় ঘটনাৰ সংখ্যা ৬লাখৰ তলত আছে।

 

সদ্য আৰোগ্য লাভ কৰাসকলৰ ৭৯ শতাংশই ১০ ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চলৰ। কর্ণাটক আৰু মহাৰাষ্ট্রৰ পৰা দৈনিক ভিত্তিত সর্বাধিক ৮ হাজাৰৰো অধিক কৰ’না ৰোগীয়ে আৰোগ্য লাভ কৰিছে। কেৰালাৰ পৰা সুস্থ হৈছে ৭ হাজাৰৰো অধিকে।

 

দেশত যোৱা ২৪ ঘন্টাত নতুনকৈ কৰ’নাত আক্রান্ত হৈছে ৪৮,২৬৮ জন। ইয়াৰ ভিতৰত ৭৮ শতাংশই আক্রান্ত হৈছে ১০ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ পৰা। কেৰালা আৰু মহাৰাষ্ট্রৰ পৰা নতুনকৈ সর্বাধিক ৬ হাজাৰতকৈ অধিক কৰ’নাত আক্রান্ত হৈছে। দিল্লীৰ পৰা কৰ’নাত আক্রান্তৰ সংখ্যা ৫ হাজাৰৰো অধিক।

 

দেশত যোৱা ২৪ ঘন্টাত কৰ’নাজনিত কাৰণত ৫৫১ জনৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত মৃত্যু হোৱা প্রায় ৮৩ শতাংশই ১০ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ। কেৱল মহাৰাষ্ট্রৰ পৰাই ২৩ শতাংশ (১২৭জনৰ মৃত্যু)নতুন মৃত্যুৰ খবৰ পোৱা গৈছে।

    

   

 ******

MV/SJ/KG



(Release ID: 1669231) Visitor Counter : 117