বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ড০ হৰ্ষ বৰ্ধনে বায়’মেডিকেল আৱৰ্জনাৰ দীৰ্ঘম্যাদী সমাধানৰ প্ৰয়োজনীয়তাসমূহ আলোকপাত কৰে

Posted On: 28 OCT 2020 5:05PM by PIB Guwahati

মহামাৰীৰ দৰে পৰিৱেশত স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত চাঁপ হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তি তথা পৃথিৱী বিজ্ঞান বিভাগৰ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে বায়’মেডিকেল আৱৰ্জনাৰ দীৰ্ঘম্যাদী সমাধানৰ প্ৰয়োজনীয়তাসমূহ আলোকপাত কৰে। শেহতীয়াকৈ এখন ৱেবিনাৰত তেওঁৰ বাৰ্তা পঢ়ি শুনোৱা হয়।

“বায়’মেডিকেল আৱৰ্জনাৰ দীৰ্ঘম্যাদী সমাধান বৰ্তমান এক উল্লেখনীয় বিষয় হৈ পৰিছে। এইধৰণৰ বায়’মেডিকেল আৱৰ্জনাৰ সুৰক্ষিত নিষ্পত্তিৰ বাবে ইতিমধ্যে প্ৰযোজ্য নীতি-নিয়মসমূহ কঠোৰভাৱে পালন হোৱা উচিত।”, ড০ হৰ্ষবৰ্ধনে কয়। নাগৰিকৰ সুৰক্ষাৰ বাবে ভাৰতকে ধৰি সদস্য ৰাষ্ট্ৰমূহক এক পৰিৱেশমূলক ৰণকৌশলৰ মাধ্যমেৰে সহযোগিতা আগবঢ়োৱাৰ বাবে মন্ত্ৰীগৰাকীয়ে ইণ্ডিয়া ৱাটাৰ ফাউণ্ডেচন(আইডব্লিউএফ) আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী(ইউএনইপি)ক ধন্যবাদ জনায়।

ইণ্ডিয়া ৱাটাৰ ফাউণ্ডেচন(আইডব্লিউএফ) আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী(ইউএনইপি)য়ে যুটীয়াভাৱে ‘কোভিড-১৯ মহামাৰীৰ মাজত তৰল আৱৰ্জনা ব্যৱস্থাপনাৰ ভৱিষ্যত’ শীৰ্ষক এক উচ্চ পৰ্যায়ৰ ৱেবিনাৰ আয়োজন কৰে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, খোৱা পানী আৰু অনাময় বিভাগ, জল শক্তি মন্ত্ৰালয়ে ৱেবিনাৰৰ সহযোগিতা আগবঢ়ায়। ৱেবিনাৰত তৰল আৱৰ্জনা ব্যৱস্থাপনা আৰু বায়’মেডিকেল আৱৰ্জনাৰ কাৰ্যকৰী ব্যৱস্থাপনা সন্দৰ্ভত আলোকপাত কৰা হয়।

কোভিড-১৯ মহামাৰীৰ আকস্মিক প্ৰাদূৰ্ভাৱে সমগ্ৰ বিশ্বৰ মানৱ সমাজলৈ স্বাস্থ্য আৰু অৰ্থনৈতিক দিশত বৃহ বোজা কঢ়িয়াই আনিছে আৰু আৱৰ্জনা-জল খণ্ডকে ধৰি প্ৰতিটো খণ্ডক প্ৰভাৱিত কৰিছে। বায়’মেডিকেল আৱৰ্জনাৰ ভিতৰত তৰল আৱৰ্জনাই মানুহৰ স্বাস্থ্য আু পৰিৱেশৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই এই আৱৰ্জনা প্ৰতিৰোধ কৰিবলৈ যোৱা ৪-৫ মাহত উদ্ভাৱন কৰা নতুন পদ্ধতিসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰদূষিত পানীৰ ৭৫শতাংশ কৃষি পথাৰলৈ যায় আৰু ই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। আগন্তুক বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন নীতি,২০২০-এ পানীৰ সৈতে জড়িত বহুতো বহুতো সমস্যা দূৰ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

Webinar on liquid waste management1

Webinar on liquid waste managementWebinar on liquid waste management2

 

*********



(Release ID: 1668305) Visitor Counter : 177