জল শক্তি মন্ত্ৰালয়

ৰাজস্থানত জল জীৱন অভিযানৰ ৰূপায়ণ সন্দৰ্ভত মধ্য-কালীন পৰ্যালোচনা

ভাৰতৰ সৰ্বাধিক উষ্ণ স্থান আৰু থৰ মৰুভূমিৰ প্ৰৱেশদ্বাৰ চুৰু জিলাত জল জীৱন অভিযানৰ অধীনত এই বৰ্ষৰ ভিতৰতে প্ৰদান কৰা হ’ব ১০০% টেপ সংযোগ

Posted On: 28 OCT 2020 4:11PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি জল জীৱন অভিযানৰ ৰূপায়ণৰ অৰ্থে জল শক্তি মন্ত্ৰালয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেৰে সমন্বিতভাৱে কাৰ্যপন্থা অব্যাহত ৰাখিছে। এই কাৰ্যক্ৰমৰ লক্ষ্য হৈছে ২০২৪ৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰতিঘৰ লোকলৈ টেপ ৱাটাৰ সংযোগৰ জৰিয়তে প্ৰতি দিনে প্ৰতিজন লোকলৈ ৫৫ লিটাৰ পেয় জল আগবঢ়োৱা। ইয়াৰ জৰিয়তে কষ্ট লাঘৱ কৰি মহিলা আৰু ছোৱালীকে প্ৰমুখ্য কৰি গ্ৰামাঞ্চলৰ লোকসকলৰ জীৱন-যাপনৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। গৃহস্থীসমূহলৈ আগবঢ়োৱা টেপ সংযোগৰ সংখ্যা আৰু উপলব্ধ কেন্দ্ৰীয় আৰু মেটচিং ষ্টেট শ্বেয়াৰৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰৰদ্বাৰা পুঁজি যোগান ধৰা হৈছে। এই কাৰ্যক্ৰমক আগবঢ়াই লৈ যাবলৈ, ২৭-১০-২০২০ত ৰাজস্থানত উক্ত কাৰ্যক্ৰমৰ পৰিকল্পনা আৰু ৰূপায়ণৰ স্থিতি সন্দৰ্ভত ৰাজ্যখনৰ সংশ্লিষ্ট বিষয়া-বৰ্গই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাষ্ট্ৰীয় জল জীৱন অভিযানৰ বিষয়া-বৰ্গক অৱগত কৰে।

ৰাজস্থানে ২০২৩-২৪ৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰতিঘৰ গৃহস্থীলৈ ১০০% টেপ ৱাটাৰ সংযোগ প্ৰদানৰ পৰিকল্পনা কৰিছে। ৰাজ্যখনত গ্ৰামাঞ্চলৰ গৃহস্থীৰ সংখ্যা প্ৰায় ১.০১ কোটি। ইয়াৰে ৮৮.৫৭ লাখ গৃহস্থীয়ে টেপ সংযোগ লাভ কৰা নাছিল। ২০২০-২১ত, ৰাজ্যখনে ২০.৬৯ লাখ গৃহস্থীলৈ টেপ ৱাটাৰ সংযোগ প্ৰদানৰ পৰিকল্পনা কৰিছে। এই বৰ্ষতে ৰাজ্যখনে চুৰু জিলাত ১০০% ক’ভাৰেজৰ পৰিকল্পনা কৰে।

মধ্য-কালীন পৰ্যালোচনাত স্থান লাভ কৰা প্ৰসংগসমূহৰ মাজত আছেঃ ৪৪,৬৪১ বাসগৃহত বৰ্তমানে থকা পাইপড ৱাটাৰ চাপ্লাই (PWS) আঁচনিৰ বিশ্লেষণ, ’ত এঘৰলৈয়ো সংযোগ প্ৰদান কৰা হোৱা নাই। ইয়াত তদুপৰি এঘৰলৈয়ো সংযোগ প্ৰদান নকৰা ২০,১৭২ খন গাঁৱত আঁচনিসমূহ পৰীক্ষা কৰাত গুৰুত্ব আৰোপ কৰা হয়। ৰাজস্থানে ২০২০ৰ ভিতৰত ৮.৭৪ লাখ জনসংখ্যাৰে পৰিবেষ্টিত বাকী ৰৈ যোৱা ১,৫৪৫ ফ্ল’ৰাইড প্ৰভাৱিত অঞ্চলত সুৰক্ষিত খোৱা পানী আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে। ৰাজ্যখনে পানীৰ সমস্যাত ভূগি থকা, আকাংক্ষিত জিলা, এছচি/এছটি অধ্যুষিত গাঁও, সাংসদ আদৰ্শ গ্ৰাম যোজনা (SAGY)ৰ অধীনস্থ গাঁওসমূহত সাৰ্বজনীন ক’ভাৰেজৰ অৰ্থে বিশেষ দৃষ্টি প্ৰদানৰ আহ্বান জনায়।

জল জীৱন অভিযানটো বিকেন্দ্ৰীকৃত, চাহিদা-চালিত, সমাজৰদ্বাৰা পৰিচালিত কাৰ্যক্ৰম হোৱাৰ পৰিপ্ৰেক্ষিতত, দীৰ্ঘ-ম্যাদী বহনক্ষমতা সুনিশ্চিতকৰণৰ অৰ্থে গাঁওসমূহত পানী যোগান ব্যৱস্থাটোৰ পৰিকল্পনা, ৰূপায়ণ, পৰিচালনা, অভিযান আৰু পৰিচৰ্য্যাত স্থানীয় গাঁও সমিতি/গাঁও পঞ্চায়ত বা ইউজাৰ গ্ৰুপসমূহে মূল ভূমিকা পালন কৰি আহিছে। জল জীৱন অভিযানত প্ৰকৃতাৰ্থত জনতাৰ আন্দোলন কৰি তুলিবলৈ সকলোবোৰ গাঁৱতে জনতাৰ অংশগ্ৰহণকে প্ৰমুখ্য কৰি আইইচি কেম্পেইন গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক কোৱা হৈছে। পানী যোগান আন্তঃগাঁথনিৰ অভিযান আৰু পৰিচৰ্য্যাৰ অৰ্থে তথা ইয়াৰ সৃষ্টিত মহিলা আত্ম-সহায়ক গোট আৰু স্বেচ্ছামূলক সংস্থাসমূহক জড়িত কৰাত গুৰুত্ব আৰোপ কৰা যায়।

প্ৰতিঘৰ গৃহস্থীলৈ পানী যোগানৰ সাৰ্বজনীন ক’ভাৰেজৰ লক্ষ্য পূৰণাৰ্থে ৰাজ্য চৰকাৰখনৰ প্ৰচেষ্টাত সম্পূৰ্ণ সহায় আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰ অংগীকাৰবদ্ধ। ২০২০-২১ত, জল জীৱন অভিযানৰ অধীনত কেন্দ্ৰই ৰাজস্থানলৈ ২,৫২২ কোটি আবন্টন দিয়ে আৰু পানীৰ মানদণ্ড-প্ৰভাৱিত অঞ্চলসমূহলৈ সুৰক্ষিত খোৱা পানী যোগানৰ অৰ্থে নেশ্যনেল ৱাটাৰ কোৱালিটি চাব-মিশ্যনৰ অধীনত ৰাজ্যখনে ইতিমধ্যে লাভ কৰে ৩৮৯ কোটি টকা। কেন্দ্ৰীয় অনুদান লোকচানৰপৰা হাত সাৰিবলৈ আবন্টিত পুঁজি লাভৰ অৰ্থে ৰাজ্যখনক উপলব্ধ পুঁজিৰ ৰূপায়ণ আৰু ব্যৱহাৰ ক্ষীপ্ৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে।

তদুপৰি, পিআৰআইসমূহলৈ ১৫ শ বিত্ত আয়োগৰ অনুদানৰ ৫০% পানী আৰু অনাময়ত ব্যয় কৰা হ’ব। ২০২০-২১ত এফচি অনুদান হিচাপে ৰাজস্থানলৈ আবন্টন দিয়া যায় ,৮৬২ কোটি। তদুপৰি, এমজিএনৰেগা, জেজেএম, এছবিএম (জি), ডিচট্ৰিক মিনাৰেল ডেভলপমেন্ট ফাণ্ড, কেম্পা, চিএছআৰ ফাণ্ড, স্থানীয় এলেকা উন্নয়ন পুঁজি ইত্যাদিৰ দৰে ভিন্ন কাৰ্যক্ৰম ৰূপায়ণৰ জৰিয়তে উপলব্ধ পুঁজি ৰাজ্যখনে যাতে সুন্দৰভাৱে ব্যৱহাৰ কৰে, সেই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা যায়। গাঁও পৰ্যায়ত সৰ্বাংগীন পৰিকল্পনাৰ জৰিয়তেহে যে এই পুঁজিসমূহৰ নীতিনিষ্ঠ ব্যৱহাৰ হ’ব, সেই কথা পুনৰাই উল্লেখ কৰা হয়।

২ অক্টোবৰ, ২০২০ত আৰম্ভ কৰা বিশেষ ১০০-দিনীয়া অভিযানৰ অংশ হিচাপে সকলোবোৰ অংগনৱাড়ী কেন্দ্ৰ, আশ্ৰমশালা আৰু বিদ্যালয়লৈ পাইপেৰে পানী যোগান নিশ্চিত কৰিবলৈ ৰাজ্যখনক কোৱা যায়। যাৰ জৰিয়তে এই শিক্ষানুষ্ঠানসমূহত সেৱন, হাত ধোৱা, টয়লেটত ব্যৱহাৰ আৰু মধ্যাহ্ন-ভোজনৰ আহাৰ ৰান্ধিবলৈ পেয় জল উপলব্ধ হৈ পৰিব। এই অভিযানে ৰাজহুৱা প্ৰতিষ্ঠানসমূহলৈ সুৰক্ষিত পানী আগবঢ়োৱাৰ নিমিত্তে সোণালী সুযোগ আগবঢ়াইছে। যাৰ জৰিয়তে শিশুহঁতে সুৰক্ষিত পানী লাভ কৰিব। ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্য আৰু সুখ-স্বাচ্ছন্দ্যৰ বৰ্ধন হ’ব।

*******

APS/MG/AS/SB



(Release ID: 1668297) Visitor Counter : 128