ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

মহাৰাষ্ট্ৰৰ ১০০ কুমাৰ পৰিলায়ক বিদ্যুৎ চালিত চাক বিতৰণ কৰে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে

Posted On: 28 OCT 2020 3:56PM by PIB Guwahati

কেন্দ্ৰীয় এমএছএমই আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ কুমাৰ সশক্তিকৰণ যোজনাৰ অধীনত মহাৰাষ্ট্ৰৰ নন্দেদ আৰু পাৰভানী জিলাৰ ১০০ কুমাৰ পৰিয়ালক বিদ্যু চালিত চাক বিতৰণ কৰে৷ এই লোকসকলে কেভিআইচিৰ ১০দিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিছিল৷

আজি মহাৰাষ্ট্ৰৰ নন্দেদ জিলাৰ ১০খন গাঁও আৰু আৰু পাৰভানী জিলাৰ ৫খন গাঁৱৰ লোকে চাক লাভ কৰে৷ এই সঁজুলিৰ জৰিয়তে সমূদায়টোৰ ৪শতাধিক সদস্যৰ উপাৰ্জনৰ পথ মুকলি হ’ব, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো সপোন৷

শ্ৰী গাডকাৰীয়ে কেভিআইচিৰ এই কুমাৰ সশক্তিকৰণ যোজনাৰ প্ৰশংসা কৰি কয় যে স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ দেশত কুমাৰসকলৰ সবলীকৰণৰ লগতে তেওঁলোকৰ জীৱন যাপনৰ মান উন্নত কৰাৰ কাম হাতত লোৱা হৈছে৷ উপেক্ষিত কুমাৰ লোকসকলক সবলীকৰণ কৰি মাটিৰ বাচন-বৰ্তন বনোৱাৰ কলা লুপ্ত হোৱাৰ পৰা ৰক্ষা কৰাটোৱেই প্ৰধানমন্ত্ৰীৰ সপোন৷ উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে কেভিআইচিয়ে লোৱা এই কুমাৰ সশক্তিকৰণ যোজনাই কুমাৰসকলৰ উপাদনশীলতা বৃদ্ধি কৰাই নহয়, আয়ো বৃদ্ধি কৰিব৷ মহাৰাষ্ট্ৰ আৰু অন্যান্য ৰাজ্যৰ দুৰ্গম এলেকাসমূহতো এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব,” শ্ৰী গাডকাৰীয়ে কয়৷

এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে একাংশ কাৰিকৰৰ সৈতে মত বিনিময় কৰে, যিসকলে চৰকাৰৰ সহায় লাভ কৰি অতিশয় আনন্দিত হোৱা বুলি কয়৷ তেওঁলোকে এই সঁজুলিৰ জৰিয়তে পূৰ্বতকৈ ৩-৪গুণ অধিক উপাৰ্জন কৰিব পাৰিব বুলি কয়৷

কেভিআইচিৰ অধ্যক্ষ বিনয় কুমাৰ ছাক্সেনাই ভিডিঅ’ কনফাৰেন্সিঙত অংশগ্ৰহণ কৰি কয় যে সমগ্ৰ দেশত প্ৰায় ১৮,০০০ বিদ্যু চালিত চাক বিতৰণ কৰা হৈছে, যাৰদ্বাৰা সমূদায়টোৰ প্ৰায় ৮০,০০০ লোক উপকৃত হৈছে৷ তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী কুমাৰৰ উপাৰ্জন মাহিলী ৩,০০০ৰ পৰা বৃদ্ধি পাই ১০,০০০ পৰ্যন্ত হৈছে৷ তেওঁ লগতে কয় যে প্ৰতিগৰাকী কুমাৰক সবলীকৰণ কৰাই কেভিআইচিৰ লক্ষ্য৷

****

RCJ/RNM/IA/DB



(Release ID: 1668293) Visitor Counter : 157