যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

সমাজক একত্ৰিত কৰাৰ বাবে ক্ৰীড়া এক শক্তিশালী মাধ্যম : শ্ৰী কিৰেণ ৰিজিজু

‘শাৰিৰীক শিক্ষা আৰু ক্ৰীড়া’ সম্পৰ্কীয় ৱে’বিনাৰৰ উদ্বোধনী অধিৱেশনত ক্ৰীড়া মন্ত্ৰীৰ অংশগ্ৰহণ

Posted On: 27 OCT 2020 7:17PM by PIB Guwahati

মণিপুৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় আৰু ক্ৰীড়া প্ৰাধিকৰণৰ তিৰুৱনন্তপুৰমস্থিত লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰিৰীক শিক্ষা মহাবিদ্যালয়(এলএনচিপিই)য়ে যুটীয়া ভাবে আয়োজন কৰা শাৰিৰীক শিক্ষা আৰু ক্ৰীড়া : সমাজক একত্ৰিত কৰাৰ শক্তি শীৰ্ষক এখন দুদিনীয়া ৱেবিনাৰৰ উদ্বোধনী অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুয়ে। ৱেবিনাৰত ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰ চি মিশ্ৰ(ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া), শ্লোভেকীয়াৰ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অব ফিজিকেল এডুকেশ্যন(এফআইইপি)ৰ উপাধ্যক্ষ, অধ্যাপক ব্ৰানিশ্লাভ এণ্টালা উপস্থিত আছিল। সমাজত শাৰিৰীক শিক্ষাৰ গুৰুত্ব, আৰু কেৱল দেশৰে নহয় বৰং সমগ্ৰ পৃথিৱীতে ক্ৰীড়াই কেনেকৈ সমাজক একত্ৰিত কৰাত সহায় কৰে সেই সম্পৰ্কে অনুষ্ঠানত অংশগ্ৰহণ কৰা বক্তাসকলে বিস্তৃত ব্যাখ্যা দাঙি ধৰে।

ভাষণ প্ৰসংগত শ্ৰী ৰিজিজুয়ে কয়, ৱেবিনাৰখনৰ মূল বিষয়বস্তু কেৱল শাৰিৰীক ক্ৰিয়া-কৰ্মৰ ক্ষেত্ৰতে নহয় বৰঞ্চ সমাজৰ সকলো কাম-কাজৰ বাবেও অতিকে গুৰুত্বপূৰ্ণ প্ৰসংগ। ক্ৰীড়াক্ষেত্ৰত লাভ কৰা সাফল্যৰ জৰিয়তে একোটা অঞ্চলে প্ৰগতি লাভ কৰিবতো পাৰেই, আনকি সমগ্ৰ সম্প্ৰদায়েও ইয়াতকৈ অধিক সাফল্য আহৰণ কৰিব পাৰে প্ৰসংগক্ৰমে তেওঁ ভাৰতৰ এম চি মেৰীকমৰ উদাহৰণ দাঙি ধৰি কয় যে, এইগৰাকী মহান ক্ৰীড়াবিদে আঠখন প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি পদক লাভ কৰাই নহয়, আনকি মাতৃত্ব অৰ্জন কৰাৰে পৰা চাৰিবাৰ প্ৰতিযোগিতাত বিজয় সাব্যস্ত কৰাৰ দুৰ্লভ সাফল্য অৰ্জন কৰিছে। স্বাভাৱিকতেই মেৰীকম সহিলাসকলৰ বাবে অনুপ্ৰেণাৰ উত্স হৈ উঠিছে বুলি অভিমত ব্যক্ত কৰে শ্ৰী ৰিজিজুয়ে। গোলকীয় প্ৰেক্ষাপটতো পেলেৰ দৰে বৰেণ্য ক্ৰীড়াবিদে জন্মভূমি ব্ৰাজিলৰ চাৰিসীমা অতিক্ৰমী সমগ্ৰ পৃথিৱীকে অনুপ্ৰাণিত কৰি আহিছে। সেইদৰে, জেছী অৱেন সামাজিক সবলীকৰণৰ আদৰ্শ প্ৰতীক হৈ উঠিছেএনেদৰেই ক্ৰীড়াৰ সাফল্যই ক্ৰীড়াক্ষেত্ৰৰ সীমা অতিক্ৰমী অনেক ক্ষেত্ৰক অনুপ্ৰাণিত কৰি আহিছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে, খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়াৰ দৰে কাৰ্যক্ৰমৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে প্ৰদৰ্শন কৰা বিশেষ তত্পৰতা সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে।

অনুষ্ঠানত ভাষণ দি আৰ চি মিশ্ৰই কয় যে, চৰকাৰে মুকলি কৰা নতুন শিক্ষা নীতিৰ সৈতে সামঞ্জস্য ৰাখিয়েই ৱেবিনাৰখনৰ মূল বিষয়বস্তু গ্ৰহণ কৰা হৈছেক্ৰীড়াই সমাজৰ বহনক্ষম প্ৰগতি নিশ্চিত কৰাৰ লগতে মানুহক সুস্থ-সবল হৈ থাকি ৰোগ-ব্যধিৰ পৰা নিলগত থকাৰ শক্তি প্ৰদান কৰে। ক্ৰীড়াই বহনক্ষম বিকাশক প্ৰতিবিম্বিত কৰাৰ উপৰি সমাজত শান্তি আৰু সহিষ্ণুতাৰ পৰিৱেশ সৃষ্টি কৰে। ক্ৰীড়াই দলগতভাবে কাম কৰি সাফল্য অৰ্জন কৰাৰ মানসিকতা বিকশিত কৰাৰ উপৰি শাৰিৰীক-মানসিক সুস্থতা আৰু নিয়মানুৱৰ্তিতা নিশ্চিত কৰে। সেয়ে বিশ্ব-নেতাসকলে শান্তি আৰু একতা প্ৰতিস্থাৰ বাবে ক্ৰীড়াৰ ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰি আহিছে বুলি মিশ্ৰই অভিমত ব্যক্ত কৰে।

অনুষ্ঠানত প্ৰদান কৰা ভাষণত অধ্যাপক ব্ৰানিশ্লাভ এণ্টালাই কয়, ভাৰত চৰকাৰে অনলাইন পাঠদানৰ দৰে কেতবোৰ অতিকে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। এছএআই এলএনচিপিই-ৰ তত্বাৱধানত যোৱা জুন মাহৰ পৰা পৰিচালিত হৈ অহা এইসমূহ শ্ৰেণীত পাঠদানৰ ক্ষেত্ৰত প়থিৱীৰ ৬০টা বৌদ্ধিক প্ৰতিষ্ঠানে সহযোগিতা আগবঢ়াই আহিছে। তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ে ভাৰতৰ পৰা অধিক সংখ্যক ব্যক্তিক প্ৰশিক্ষণ দি উলিয়াব বুলি আশা প্ৰকাশ কৰে।

*******

NB/OA/KB



(Release ID: 1668065) Visitor Counter : 215